• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰাচীন সাঁচিপাতৰ পুথি অধ্যয়ন শীৰ্ষক কৰ্মশালা সম্পন্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 7:40 am
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জ্ঞান-সংস্কৃতি, ঐতিহ্যৰ অন্যতম নিদৰ্শন সাঁচিপাতৰ সংৰক্ষণ তথা বিভিন্ন দিশ আলোচনা কৰাৰ উদ্দেশ্যেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগত তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উদ্যোগত বুধবাৰে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত ‘প্ৰাচীন সাঁচিপাতৰ পুথি অধ্যয়ন’ শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়।

উক্ত কৰ্মশালা উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সন্মানীয় পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই সাঁচিপাতৰ পুথিসমূহক অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক স্মৃতিৰ জীৱন্ত দলিল বুলি অভিহিত কৰি উল্লেখ কৰে যে, “সাঁচিপাত কেৱল পুৰণি পুথি নহয়, ই আমাৰ সভ্যতা, জ্ঞান-চর্চা আৰু সংস্কৃতিৰ অমূল্য ঐতিহ্য। ইয়াৰ সংৰক্ষণ আৰু অধ্যয়নৰ জৰিয়তে আমি আমাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰি আগন্তুক প্ৰজন্মকো ঐতিহ্যৰ মূল্য উপলব্ধি কৰাব পাৰোঁ। ডিজিটেল মাধ্যমৰ জৰিয়তেও অমূল্য সাঁচিপাত সমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব।”

Apply Now

কৰ্মশালাত উপস্থিত থাকি কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰৰ গ্ৰন্থাগাৰিক ড⁰ প্ৰশান্ত কুমাৰ ডেকাই উল্লেখ কৰে যে, “সাঁচিপাতৰ পুথিসমূহ আমাৰ সমাজৰ জ্ঞান-ঐতিহ্যৰ অমূল্য ভাণ্ডাৰ। এই পুথিসমূহ সংৰক্ষণৰ ক্ষেত্ৰত নতুন প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণ অতি প্ৰয়োজনীয়। এনেধৰণৰ কৰ্মশালাই শিক্ষাৰ্থীসকলৰ মাজত ঐতিহ্য চেতনাৰ বিকাশ ঘটোৱাৰ লগতে গৱেষণাৰ নতুন দুৱাৰ মুকলি কৰে।”

অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাত পাণ্ডুলিপি বিভাগৰ সহ সংৰক্ষক ধনজিৎ তালুকদাৰ সমল ব্যক্তিৰূপে উপস্থিত থাকি সাঁচিপাতৰ পুথিৰ ইতিহাস, সংৰক্ষণ পদ্ধতি আৰু গৱেষণামূলক দিশসমূহৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।

উক্ত কৰ্মশালাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি আলোচনা আৰু মত-বিনিময়ৰ মাজেৰে অনুষ্ঠানতো সফল কৰি তোলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd