চিকিৎসক হোৱাৰ সপোন লৈ বছৰৰ পিছত বছৰ ধৰি উজাগৰী নিশা কটোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া এক দুঃস্বপ্ন। কিতাপ, কোচিং আৰু মক টেষ্টৰ দীঘলীয়া প্ৰস্তুতিৰ অন্তত যিটো দিনৰ বাবে তেওঁলোকে অপেক্ষা কৰি আছিল, সেই দিনটোৱেই এতিয়া হতাশালৈ পৰ্যবসিত হৈছে। প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগত বাতিল কৰা হৈছে ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশিকা পৰীক্ষা নিট ইউজি। যোৱা ৩ মে’ত অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰায় ২২ লাখৰো অধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। অভিযোগ অনুসৰি, পৰীক্ষাৰ আগতে বিয়পি পৰা এখন গেছ পেপাৰৰ সৈতে মূল প্ৰশ্নকাকতৰ বহু প্ৰশ্ন হুবহু মিলি গৈছিল। বিশেষকৈ ৰসায়ন বিজ্ঞানৰ প্ৰায় ১২০টা প্ৰশ্ন আৰু জীৱবিজ্ঞানৰ একাধিক প্ৰশ্ন মিলি যোৱাৰ পিছতে নেচনেল টেষ্টিং এজেন্সীয়ে পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এই ঘটনাই কেৱল পৰীক্ষাই বাতিল কৰা নাই, লগতে লাখ লাখ পৰিয়ালৰ ভৱিষ্যতৰ পৰিকল্পনাও ভাঙি চুৰমাৰ কৰিছে। কাৰণ বহুতো ছাত্ৰ-ছাত্ৰীৰ বাবে নিট কেৱল এক পৰীক্ষাই নহয়, ই হৈছে ত্যাগ, প্ৰত্যাশা, মানসিক চাপ আৰু পৰিয়ালৰ সপোনৰ অন্য এক নাম। মনোৰোগ বিশেষজ্ঞসকলৰ মতে, এনে পৰিস্থিতিয়ে ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে গভীৰ আঘাত দিব পাৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে বহু বছৰ ধৰি কেৱল এটা লক্ষ্য আগত ৰাখি আগবাঢ়িছিল, তেওঁলোকৰ বাবে হঠাতে অহা এই অনিশ্চয়তা সঁচাকৈয়ে অসহায় হ’ব পাৰে। দীৰ্ঘদিন ধৰি মানসিক চাপৰ মাজত থকাৰ পিছত পৰীক্ষাটোৱেই জীৱনৰ মূল কেন্দ্ৰবিন্দু হৈ পৰে। সেয়েহে হঠাতে সকলো অনিশ্চিত হৈ পৰিলে ভৱিষ্যতক লৈ ভয়, খং, টোপনিৰ সমস্যা, মানসিক ভাগৰ আৰু পঢ়া-শুনাত অনীহা অহাটো স্বাভাৱিক। পৰিয়ালক হতাশ কৰাৰ ভয়তো বহু ছাত্ৰ-ছাত্ৰী ভাগি পৰা দেখা গৈছে।
এনে পৰিস্থিতিত নিজৰ কষ্ট লুকুৱাই ৰাখি মই ঠিকেই আছো বুলি কোৱাটো উচিত নহয় বুলি মনোবিদসকলে পৰামৰ্শ দিছে। মনৰ ভিতৰত জমা হৈ থকা ভয় আৰু হতাশাই লাহে লাহে মানসিক স্বাস্থ্যৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাব পাৰে। সেয়েহে নিজৰ অনুভৱবোৰ লুকুৱাই নাৰাখি পিতৃ-মাতৃ, বন্ধু-বান্ধৱী বা শিক্ষকৰ সৈতে কথা পতাটো অতি জৰুৰী। ইয়াৰ লগতে বৰ্তমান সময়ত ছচিয়েল মিডিয়াৰ পৰা আঁতৰি থকাটোও প্ৰয়োজন। পৰীক্ষা বাতিলৰ পিছৰে পৰা ছচিয়েল মিডিয়াত বিভিন্ন উৰাবাতৰি আৰু ভুৱা তথ্য বিয়পি পৰিছে, যিয়ে ছাত্ৰ-ছাত্ৰীসকলক অধিক আতংকিত কৰি তুলিছে। সেয়েহে কেৱল নিৰ্ভৰযোগ্য সূত্ৰকহে বিশ্বাস কৰিবলৈ আৰু আনৰ প্ৰস্তুতি বা নম্বৰৰ সৈতে নিজৰ তুলনা নকৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে।
মানসিক চাপৰ পৰা পৰিত্ৰাণ পাবলৈ পূৰ্বৰ দৰেই পঢ়া-শুনাৰ ৰুটিন মানি চলাটো আৱশ্যক। একেবাৰে পঢ়া বন্ধ কৰি দিলে মানসিক উদ্বেগ বৃদ্ধি পাব পাৰে। সেয়েহে নিয়মীয়াকৈ কিতাপৰ পুনৰীক্ষণ, সময়মতে টোপনি যোৱা, পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু যোগাভ্যাস বা ব্যায়াম কৰা উচিত। এই সময়ত পৰিয়ালৰ লোকসকলো ছাত্ৰ-ছাত্ৰীসকলৰ কাষত থকাটো আটাইতকৈ বেছি প্ৰয়োজন। তেওঁলোকৰ ওপৰত অতিৰিক্ত চাপ নিদি মানসিকভাবে নিৰাপদ অনুভৱ কৰোৱা উচিত। এটা পৰীক্ষা বাতিল হোৱা মানেই জীৱন শেষ হৈ যোৱা নুবুজায়। প্ৰশ্ন ফাদিল হোৱাটো ছাত্ৰ-ছাত্ৰীৰ হাতত নাথাকে, সেয়েহে ইয়াৰ বাবে নিজক বিফল বুলি ভবাৰ কোনো কাৰণ নাই। অৱশ্যে যদি কোনো ছাত্ৰ বা ছাত্ৰীৰ দীৰ্ঘদিন ধৰি আতংক, নিদ্ৰাহীনতা বা মানসিক অৱসাদৰ লক্ষণ দেখা যায়, তেন্তে পলম নকৰি লগে লগে মানসিক স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয়।





