বিতৰ্কিত অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া এম কে যাদৱক পুনৰ ছয় মাহৰ বাবে বন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে নিযুক্তি দিছে অসম চৰকাৰে। ২০২৬ চনৰ ১৪ মে’ত অনুষ্ঠিত হোৱা অসম কেবিনেটৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই নিযুক্তি যোৱা ১২ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ অনুমোদন জনোৱা হৈছে আৰু তেওঁক সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা প্ৰদান কৰা হৈছে।
চৰকাৰী নিৰ্দেশ অনুসৰি, তেওঁৰ দৰমহা অৱসৰৰ সময়ত পোৱা অন্তিম দৰমহা আৰু ভাট্টাৰ আধাৰত নিৰ্ধাৰণ কৰা হ’ব, য’ৰ পৰা পেঞ্চনৰ ধন কৰ্তন কৰা হ’ব। তেওঁৰ এই নিযুক্তিৰ চৰ্তসমূহ ২০১৮ চনৰ ১৮ জুলাই আৰু ২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত কৰ্মচাৰী বিভাগে জাৰি কৰা কাৰ্যালয়ৰ স্মাৰকপত্ৰৰ দ্বাৰা পৰিচালিত হ’ব।
উল্লেখযোগ্য যে, ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীত বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পিছত এম কে যাদৱক প্ৰথমবাৰৰ বাবে ২০২৪ চনৰ মাৰ্চ মাহত বিশেষ মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী সময়ত ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত অসম কেবিনেটে তেওঁৰ কাৰ্যকাল পুনৰ বৃদ্ধি কৰিছিল। শেহতীয়াকৈ যোৱা ২০২৬ চনৰ ৬ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ পিছত পূৰ্বৰ চৰকাৰখন ভংগ হোৱাৰ ফলত যাদৱৰ এই পদত বাহাল থকাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল।
সূত্ৰৰ পৰা জানিব পৰা মতে, কৰ্মচাৰী বিভাগে এই পদৰ বাবে এম কে যাদৱ আৰু আন দুজন আই এ এছ বিষয়াসহ তিনিজনীয়া এখন তালিকা প্ৰেৰণ কৰিছিল। কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপিত কেইবাটাও অভিযোগ থকাৰ পিছতো চৰকাৰে যাদৱক এই গুৰুত্বপূৰ্ণ পদত ৰখাৰ সিদ্ধান্ত লয়।
যাদৱক পুনৰ নিযুক্তি দিয়া সিদ্ধান্তক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য যে বিশেষ মুখ্য সচিব হিচাপে তেওঁৰ দুবছৰীয়া কাৰ্যকালত কেইবাটাও অনিয়ম আৰু বিতৰ্কিত সিদ্ধান্ত পোহৰলৈ আহিছিল। বিশেষকৈ বনভূমি আন কামত ব্যৱহাৰ কৰাৰ সিদ্ধান্তক লৈ তেওঁ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল। আনকি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে বন সংৰক্ষণ আইন উলংঘা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল, কিন্তু অসম চৰকাৰে তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।





