যৌন নিৰ্যাতনৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিপদ আৰু অধিক বৃদ্ধি পাইছে। চাইবেৰাবাদ আৰক্ষীয়ে এই গোচৰত অতি গুৰুতৰ ধাৰা সংযোজন কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয় কুমাৰৰ পুত্ৰ বন্দী সাই ভাগীৰথৰ সমস্যা বৃদ্ধি পাইছে। যোৱা ৮ মে’ত এগৰাকী নাবালিকাৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত নাবালিকা গৰাকীৰ ভাষ্য পৰীক্ষা কৰি আৰু অতিৰিক্ত প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত আৰক্ষীয়ে গোচৰটো সংশোধন কৰে।
এই গোচৰত ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছৰ ধাৰা ৬৪ (২) (এম)ৰ লগতে পকচো আইনৰ ধাৰা ৫ (১) আৰু ধাৰা ৬ সংযোজন কৰা হৈছে, যিয়ে এগৰাকী নাবালিকাৰ ওপৰত হোৱা গুৰুতৰ যৌন নিৰ্যাতনক বুজায়। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৪ (২) (এম)ৰ অধীনত অতি কঠোৰ শাস্তিৰ ব্যৱস্থা আছে, য’ত নূন্যতম ২০ বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈকে হ’ব পাৰে। আনহাতে পকচো আইনৰ অধীনতো শিশুৰ বিৰুদ্ধে হোৱা এনে গুৰুতৰ অপৰাধৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে বি এন এছৰ ধাৰা ১৮৩ৰ অধীনত এজন দণ্ডাধীশৰ সন্মুখত ভুক্তভোগী নাবালিকা গৰাকীৰ ভাষ্য বাণীবদ্ধ কৰা হৈছে, যাৰ ফলত গোচৰটো অধিক শক্তিশালী হৈ পৰিছে। তদন্তকাৰী বিষয়াসকলে তদন্তৰ সময়ত বহুতো ইলেকট্ৰনিক প্ৰমাণ, সাক্ষীৰ ভাষ্য আৰু অন্যান্য সামগ্ৰী সংগ্ৰহ কৰিছে। কুকাটপল্লীৰ আৰক্ষী উপ-আযুক্ত ৰীতিৰাজৰ তত্ত্বাৱধানত এই তদন্ত চলি আছে। এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত চাইবেৰাবাদ স্পেচিয়েল অপাৰেচন টিম চমুকৈ এছ অ’ টি দলে শনিবাৰে টেক পাৰ্কৰ সমীপত এক অভিযান চলাই ২৫ বছৰীয়া ভাগীৰথক নিশা প্ৰায় আঠ বাজি পোন্ধৰ মিনিটত গ্ৰেপ্তাৰ কৰে।
সূত্ৰৰ খবৰ অনুসৰি আৰক্ষী থানাত সাক্ষীৰ উপস্থিতিত জেৰা কৰাৰ সময়ত ভাগীৰথে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে অভিযুক্তই সোধা-পোছাৰ সময়ত নিজৰ সতে জড়িত থকাৰ কথা গ্ৰহণ কৰিছে আৰু তদন্তৰ সময়ত সংগৃহীত বহুতো প্ৰমাণে এই গোচৰটোক সমৰ্থন কৰিছে। আদালতে ইতিমধ্যে ভাগীৰথক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে বৰ্তমান অধিক তদন্ত চলি আছে আৰু এই তদন্তৰ অংশ হিচাপে অধিক ডিজিটেল তথা ফৰেনছিক প্ৰমাণ পৰীক্ষা কৰা হৈছে।
ইফালে বি আৰ এছৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাও চমুকৈ কে টি আৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী বন্দী সঞ্জয় কুমাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে যাতে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে থকা পকচো গোচৰৰ এক নিৰপেক্ষ তদন্ত সম্ভৱ হয়। কে টি আৰে অভিযোগ কৰিছে যে বন্দী সঞ্জয় কুমাৰ পদত বাহাল থকালৈকে কোনো ধৰণৰ নিৰপেক্ষ তদন্ত সম্ভৱ নহয়। ইয়াৰ উপৰিও তেওঁ প্ৰশ্ন উত্থাপন কৰে যে অভিযুক্তজনক কিয় বহু দিন ধৰি আৰক্ষীৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু সেই সময়ছোৱাত কোনে তেওঁক সুৰক্ষা দিছিল।
ভাৰতত প্ৰথমবাৰৰ বাবে এজন কৰ্তব্যৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ চৰকাৰক ততালিকে বন্দী সঞ্জয়ক মন্ত্ৰীসভাৰ পৰা আঁতৰাবলৈ কয়। কে টি আৰে লগতে অভিযোগ কৰে যে এই ঘটনাৰ পিছত নাবালিকা গৰাকীৰ পৰিয়ালে বহুত চাপৰ সন্মুখীন হ’বলগীয়া হৈছে। যদিহে এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতে ভুক্তভোগীসকলে প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে ওলাই আহি অভিযোগ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰিব। ইয়াৰ উপৰিও বি আৰ এছ নেতাজনে ৰাজ্য চৰকাৰে এই গোচৰটোৰ গুৰুত্ব হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।





