• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভুক্তভোগী নাবালিকা : কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2026 7:50 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিপদ আৰু অধিক বৃদ্ধি পাইছে। চাইবেৰাবাদ আৰক্ষীয়ে এই গোচৰত অতি গুৰুতৰ ধাৰা সংযোজন কৰাৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী বন্দী সঞ্জয় কুমাৰৰ পুত্ৰ বন্দী সাই ভাগীৰথৰ সমস্যা বৃদ্ধি পাইছে। যোৱা ৮ মে’ত এগৰাকী নাবালিকাৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত নাবালিকা গৰাকীৰ ভাষ্য পৰীক্ষা কৰি আৰু অতিৰিক্ত প্ৰমাণ সংগ্ৰহ কৰাৰ পিছত আৰক্ষীয়ে গোচৰটো সংশোধন কৰে।

এই গোচৰত ভাৰতীয় ন্যায় সংহিতা চমুকৈ বি এন এছৰ ধাৰা ৬৪ (২) (এম)ৰ লগতে পকচো আইনৰ ধাৰা ৫ (১) আৰু ধাৰা ৬ সংযোজন কৰা হৈছে, যিয়ে এগৰাকী নাবালিকাৰ ওপৰত হোৱা গুৰুতৰ যৌন নিৰ্যাতনক বুজায়। ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৪ (২) (এম)ৰ অধীনত অতি কঠোৰ শাস্তিৰ ব্যৱস্থা আছে, য’ত নূন্যতম ২০ বছৰৰ পৰা আজীৱন কাৰাদণ্ডলৈকে হ’ব পাৰে। আনহাতে পকচো আইনৰ অধীনতো শিশুৰ বিৰুদ্ধে হোৱা এনে গুৰুতৰ অপৰাধৰ বাবে কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে।

Apply Now

আৰক্ষীৰ সূত্ৰই জনোৱা মতে বি এন এছৰ ধাৰা ১৮৩ৰ অধীনত এজন দণ্ডাধীশৰ সন্মুখত ভুক্তভোগী নাবালিকা গৰাকীৰ ভাষ্য বাণীবদ্ধ কৰা হৈছে, যাৰ ফলত গোচৰটো অধিক শক্তিশালী হৈ পৰিছে। তদন্তকাৰী বিষয়াসকলে তদন্তৰ সময়ত বহুতো ইলেকট্ৰনিক প্ৰমাণ, সাক্ষীৰ ভাষ্য আৰু অন্যান্য সামগ্ৰী সংগ্ৰহ কৰিছে। কুকাটপল্লীৰ আৰক্ষী উপ-আযুক্ত ৰীতিৰাজৰ তত্ত্বাৱধানত এই তদন্ত চলি আছে। এক নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত চাইবেৰাবাদ স্পেচিয়েল অপাৰেচন টিম চমুকৈ এছ অ’ টি দলে শনিবাৰে টেক পাৰ্কৰ সমীপত এক অভিযান চলাই ২৫ বছৰীয়া ভাগীৰথক নিশা প্ৰায় আঠ বাজি পোন্ধৰ মিনিটত গ্ৰেপ্তাৰ কৰে।

সূত্ৰৰ খবৰ অনুসৰি আৰক্ষী থানাত সাক্ষীৰ উপস্থিতিত জেৰা কৰাৰ সময়ত ভাগীৰথে নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে অভিযুক্তই সোধা-পোছাৰ সময়ত নিজৰ সতে জড়িত থকাৰ কথা গ্ৰহণ কৰিছে আৰু তদন্তৰ সময়ত সংগৃহীত বহুতো প্ৰমাণে এই গোচৰটোক সমৰ্থন কৰিছে। আদালতে ইতিমধ্যে ভাগীৰথক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়াসকলে জনোৱা মতে বৰ্তমান অধিক তদন্ত চলি আছে আৰু এই তদন্তৰ অংশ হিচাপে অধিক ডিজিটেল তথা ফৰেনছিক প্ৰমাণ পৰীক্ষা কৰা হৈছে।

ইফালে বি আৰ এছৰ কাৰ্যবাহী সভাপতি কে টি ৰামা ৰাও চমুকৈ কে টি আৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী বন্দী সঞ্জয় কুমাৰক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে যাতে তেওঁৰ পুত্ৰৰ বিৰুদ্ধে থকা পকচো গোচৰৰ এক নিৰপেক্ষ তদন্ত সম্ভৱ হয়। কে টি আৰে অভিযোগ কৰিছে যে বন্দী সঞ্জয় কুমাৰ পদত বাহাল থকালৈকে কোনো ধৰণৰ নিৰপেক্ষ তদন্ত সম্ভৱ নহয়। ইয়াৰ উপৰিও তেওঁ প্ৰশ্ন উত্থাপন কৰে যে অভিযুক্তজনক কিয় বহু দিন ধৰি আৰক্ষীৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু সেই সময়ছোৱাত কোনে তেওঁক সুৰক্ষা দিছিল।

ভাৰতত প্ৰথমবাৰৰ বাবে এজন কৰ্তব্যৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিবলগীয়া হৈছে বুলি উল্লেখ কৰি তেওঁ চৰকাৰক ততালিকে বন্দী সঞ্জয়ক মন্ত্ৰীসভাৰ পৰা আঁতৰাবলৈ কয়। কে টি আৰে লগতে অভিযোগ কৰে যে এই ঘটনাৰ পিছত নাবালিকা গৰাকীৰ পৰিয়ালে বহুত চাপৰ সন্মুখীন হ’বলগীয়া হৈছে। যদিহে এনে লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতে ভুক্তভোগীসকলে প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে ওলাই আহি অভিযোগ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰিব। ইয়াৰ উপৰিও বি আৰ এছ নেতাজনে ৰাজ্য চৰকাৰে এই গোচৰটোৰ গুৰুত্ব হ্ৰাস কৰিবলৈ চেষ্টা কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

ৰোমান্টিক কল্পনা নহয়, বিজ্ঞানৰ খেল! প্ৰেমত পৰিলে মগজুত কি চলি থাকে জানেনে?

October 26, 2026 7:49 am
ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

October 26, 2026 9:39 am
ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

October 26, 2026 8:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd