যোৱা ১৯ এপ্ৰিলৰ পৰা উত্তৰাখণ্ডৰ হিমালয় অঞ্চলত আৰম্ভ হোৱা পবিত্ৰ চাৰধাম যাত্ৰাৰ প্ৰথমটো মাহতে ৫৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যুৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যিক জৰুৰীকালীন পৰিচালনা কেন্দ্ৰৰ তথ্য অনুসৰি, এই সময়ছোৱাত প্ৰায় ১৫.৬৩ লাখৰো অধিক তীৰ্থযাত্ৰীয়ে চাৰিওখন ধাম দৰ্শন কৰিছে আৰু ঘাইকৈ স্বাস্থ্যজনিত কাৰণতে এই বৃহৎ সংখ্যক তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি কেন্দ্ৰটোৱে সদৰী কৰিছে।
চৰকাৰী পৰিসংখ্যা অনুসৰি, সৰ্বাধিক ২৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু কেদাৰনাথত হোৱাৰ বিপৰীতে বদ্ৰীনাথত ১০ গৰাকী, যমুনোত্ৰীত ৮ গৰাকী আৰু গংগোত্ৰীত ৭ গৰাকী লোকৰ মৃত্যু পঞ্জীয়ন কৰা হৈছে।
স্বাস্থ্য বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি, এই মৃত্যুসমূহৰ বেছিভাগেই দুৰ্ঘটনাজনিত নহয়, বৰঞ্চ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা, উচ্চ ৰক্তচাপ আৰু প্ৰতিকূল বতৰৰ প্ৰভাৱৰ দৰে স্বাস্থ্যজনিত সমস্যাৰ বাবেই এই লোকসকলে প্ৰাণ হেৰুৱাইছে। হিমালয়ৰ অতি উচ্চ আৰু দুৰ্গম পাহাৰীয়া অঞ্চলত অক্সিজেনৰ পৰিমাণ কম থকাৰ লগতে থিয় গৰা বগাবলগীয়া হোৱাৰ বাবে বিশেষকৈ বয়সিয়াল আৰু পূৰ্বৰে পৰা ৰোগত আক্ৰান্ত তীৰ্থযাত্ৰীসকল অধিক বিপদৰ সন্মুখীন হৈছে। উল্লেখযোগ্য যে, বিগত বৰ্ষসমূহত এই তীৰ্থযাত্ৰাত মৃত্যুৰ হাৰ যথেষ্ট উদ্বেগজনক আছিল। চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত ২৪৬ গৰাকী আৰু ২০২৫ চনত ৮৩ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছিল।
এই সন্দৰ্ভত উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী সুবোধ উনিয়ালে প্ৰকাশ কৰে যে বহু তীৰ্থযাত্ৰীয়ে যাত্ৰা সম্পূৰ্ণ কৰাৰ হেঁপাহতে শৰীৰত দেখা দিয়া প্ৰাৰম্ভিক লক্ষণসমূহ আওকাণ কৰে, যাৰ ফলত হৃদযন্ত্ৰ আৰু উচ্চতাজনিত ৰোগসমূহে গুৰুতৰ ৰূপ ধাৰণ কৰে। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে যাত্ৰাপথত চিকিৎসা সাহায্য যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, যাত্ৰাপথত ইতিমধ্যে ৪৭ খন চিকিৎসালয় স্থাপন কৰাৰ লগতে বিভিন্ন স্থানত প্ৰায় ২,৮২০ গৰাকী স্বাস্থ্যকৰ্মী আৰু ৪০০ গৰাকী চিকিৎসকক নিয়োজিত কৰা হৈছে।
ইয়াৰ উপৰিও, দুন মেডিকেল কলেজ আৰু শ্ৰীনগৰ মেডিকেল কলেজৰ ১৮০ গৰাকী চিকিৎসকক উচ্চতাজনিত ৰোগ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ সম্পৰ্কীয় সমস্যাৰ চিকিৎসাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।বৰ্তমান কেদাৰনাথ আৰু বদ্ৰীনাথত চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰস্তুতি চলোৱাৰ লগতে দুয়োখন মেডিকেল কলেজৰ ট্ৰমা চেন্টাৰসমূহ উন্নীত কৰা হৈছে বুলি জানিব পৰা গৈছে। জৰুৰীকালীন সেৱা খৰতকীয়া কৰিবলৈ কৌড়িয়ালাৰ দৰে স্থানত নতুন কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলিও চৰকাৰীসূত্ৰই সদৰী কৰা হৈছে।





