আগন্তুক বিশ্বকাপৰ বাবে ব্ৰাজিলে ঘোষণা কৰিলে দল। আৰু ইয়াৰ লগে লগে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্ত পৰিছে। কাৰণ, পাঁচবাৰৰ চেম্পিয়ন দলটোত স্থান লাভ কৰিছে নেইমাৰ জুনিয়ৰে। আঘাতৰ বাবে তেওঁ দলত স্থান পোৱাটো অতি অনিশ্চিত আছিল। অৱশ্যে ঘৰুৱা লীগত ভাল প্ৰদৰ্শন কৰি নিজৰ স্থান পুনৰ দখল কৰিছে এই তাৰকা ফুটবলাৰগৰাকীয়ে।
পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলে ঘোষণা কৰিলে চূড়ান্ত ২৬ জনীয়া দল। মঙলবাৰে (১৯ মে’) ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ ঐতিহাসিক মিউজিয়াম অৱ টুম’ৰ’ত অনুষ্ঠিত এক বৃহৎ অনুষ্ঠানৰ জৰিয়তে দলটোৰ মুখ্য প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে আনুষ্ঠানিকভাৱে দলটো ঘোষণা কৰে।
২০২৩ চনৰ অক্টোবৰ মাহত আঁঠুৰ গুৰুতৰ আঘাতৰ বাবে নেইমাৰে পুনৰ হালধীয়া জাৰ্চি পিন্ধিব পৰা নাই। সেয়েহে আগন্তুক বিশ্বকাপৰ বাবে নেইমাৰে দলত স্থান পাব নে নাই সেই সম্পৰ্কে যথেষ্ট অনিশ্চয়তা সৃষ্টি হৈছিল। অৱশ্যে কাৰ্লো এন্সেল’টিয়ে বাৰে বাৰে কৈছিল যে নেইমাৰ দললৈ ঘূৰি অহাটো তেওঁৰ নিজৰ হাতত আছিল।
এন্সেল’টিয়ে স্পষ্টকৈ কয় যে নেইমাৰ সম্পূৰ্ণ ফিট আৰু ভাল ফৰ্মত থাকিলেহে বিশ্বকাপৰ দলৰ বাবে বিবেচনা কৰা হ’ব। বাৰে বাৰে উপেক্ষা কৰাৰ পিছত অৱশেষত জনপ্ৰিয় তাৰকা ফুটবলাৰগৰাকীয়ে প্ৰশিক্ষকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। অৱশ্যে এটা ডাঙৰ আচৰিত কথা ৰড্ৰিগো, যিয়ে দলত স্থান নাপালে। শেষত থিয়াগো ছিলভাৰ দৰে অভিজ্ঞ মুখবোৰো দলত থকাক লৈ আলোচনাত আছিল।
অৱশ্যে আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল দলটোত আছে ৰিয়েল মাদ্রিদৰ পৰা অলিম্পিক লিয়নেছলৈ ঋণত যোৱা এনৰিকে আৰু মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা কেচেমিৰো৷
এইবাৰৰ বিশ্বকাপত গ্ৰুপ চিত ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী মৰক্কো, পানামা আৰু স্কটলেণ্ড। মৰক্কোৰ বিৰুদ্ধে এখন খেলৰ জৰিয়তে তেওঁলোকে বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচত কঠিন পৰীক্ষাৰ সন্মুখীন হ’ব ব্ৰাজিল। পৰৱৰ্তী দুখন মেচ হ’ব হাইটি আৰু স্কটলেণ্ডৰ বিৰুদ্ধে।
২০২৬ চনৰ বিশ্বকাপৰ বাবে ব্ৰাজিলৰ চূড়ান্ত দল:
গ’লৰক্ষক: এলিছন বেকাৰ, এডাৰচন মইৰা, ৱেভাৰটন
ডিফেণ্ডাৰ: এলেক্স চেণ্ড্ৰ’, ব্ৰেমাৰ, ডানিলো, ডগলাছ ছান্টোছ, গেব্ৰিয়েল, ইবানেজ, লিঅ’ পেৰেইৰা, মাৰ্কিনহ’ছ, ৱেছলি
মিডফিল্ডাৰ: ব্ৰুনো গুইমাৰেছ, কেচেমিৰো, ডানিলো, ফেবিনহো, লুকাছ পাকেটা
ফৰৱাৰ্ড: এণ্ড্ৰিক, গেব্ৰিয়েল মাৰ্টিনেলি, ইগ’ৰ থিয়াগো, লুইজ এনৰিকে, মাটিয়াছ কুনিয়া, নেইমাৰ জুনিয়ৰ, ৰাফিনহা, ৰিয়ান, ভিনিচিয়াছ জুনিয়ৰ।





