• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যিকোনো মুহূৰ্ততে পতন হ’ব পাৰে তামিলনাডুৰ বিজয় চৰকাৰৰ, নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ ষ্টেলিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 5:43 pm
751
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিকোনো মুহূৰ্ততে অন্ত পৰিব পাৰে তামিলনাডুৰ বিজয় চৰকাৰ। তামিলনাডুত টিভিকে চৰকাৰৰ পতন এতিয়া কেৱল সময়ৰ অপেক্ষা বুলি দাবী কৰিছে ডিএমকে মুৰব্বী এম কে ষ্টেলিনে। তেওঁ নিজৰ দলক অতি সোনকালেই নিৰ্বাচনৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে। ষ্টেলিনৰ মতে, যিদৰে টিভিকে চৰকাৰ চলি আছে সেয়া মিত্ৰদলসমূহে পছন্দ কৰা নাই, সেয়েহে এই চৰকাৰ বেছি দিনলৈ স্থায়ী হ’ব নোৱাৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ষ্টেলিনে নিজৰ সচিবালয়ক এতিয়াৰ পৰাই নিৰ্বাচনৰ বাবে সাজু হ’বলৈ নিৰ্দেশ দিছে। তেওঁ জনাইছে যে যদি ন্যায়ালয় বা অধ্যক্ষই বিজয়ক সমৰ্থন কৰা ২৫ জন এআইএডিএমকে বিধায়কৰ পদ বাতিল কৰে, তেন্তে মিত্ৰদলসমূহে যিকোনো সময়তে বিজয়ৰ দলক দিয়া সমৰ্থন উঠাই ল’ব পাৰে। প্ৰকৃততে বিজয়ৰ চৰকাৰক বাহিৰৰ পৰা সমৰ্থন কৰি আছে দুটা বাওঁপন্থী দল আৰু ভিচিকে। আচলতে এই দলকেইটা ডিএমকেৰহে মিত্ৰদল আৰু ইমান দিনে ষ্টেলিনেই তেওঁলোকক নিয়ন্ত্ৰণ কৰি আহিছে। সেয়েহে তেওঁ যদি বিচাৰে তেন্তে এই দলবোৰে বিজয়ৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰিব পাৰে আৰু তেতিয়া চৰকাৰ যিকোনো মুহূৰ্ততে পতন হ’ব।

Apply Now

২৩৪ খন আসন যুক্ত তামিলনাডু বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজন ১১৮ খন আসন। কিন্তু কোনো দল বা মিত্ৰজোঁটেই এই সংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল। বিধানসভা নিৰ্বাচনত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিলেও মেজিক সংখ্যাৰ পৰা কিছু দূৰত আছিল বিজয়ৰ দল টিভিকে। নিৰ্বাচনত বিজয়ৰ দলে ১০৮ খন আসন লাভ কৰিছিল। যিহেতু বিজয় নিজেই দুখন আসনত জয়ী হৈছিল, সেয়েহে তেওঁলোকৰ বিধায়কৰ সংখ্যা ১০৭ জন। এনে পৰিস্থিতিত কংগ্ৰেছৰ পাঁচজন বিধায়কে টিভিকে দলক সমৰ্থন কৰিছিল। ইয়াৰ উপৰিও দুটা বাওঁপন্থী দলৰ চাৰিজন বিধায়কো বিজয়ৰ কাষত থিয় দিছিল। পৰৱৰ্তী সময়ত ভিচিকে আৰু মুছলিম লীগৰ সমৰ্থনত মুখ্যমন্ত্ৰী পদত শপত গ্ৰহণ কৰিছিল বিজয়ে। তেওঁৰ পক্ষত সৰ্বমুঠ ১২০ জন বিধায়ক আছিল, যিটো চৰকাৰ চলাবৰ বাবে একেবাৰেই স্বস্তিদায়ক নহয়। ইয়াৰ বাহিৰেও এআইএডিএমকেৰ কেইবাজনো বিধায়কে বিজয়ক সমৰ্থন কৰিছিল।

ষ্টেলিনৰ বিশ্বাস যে এআইএডিএমকেৰ বিদ্ৰোহী বিধায়কসকলৰ বিধায়ক পদ অচিৰেই বাতিল হ’ব। অধ্যক্ষই নকৰিলেও ন্যায়ালয়ৰ জৰিয়তে এই পদ বাতিল হ’ব পাৰে। তেনে হ’লেই বিজয়ৰ চৰকাৰ অস্থিৰ হৈ পৰিব আৰু যিকোনো সময়তে চৰকাৰ ভাঙি যাব পাৰে। তেনে ক্ষেত্ৰত কাৰ্যকাল শেষ হোৱাৰ বহু আগতেই তামিলনাডুত পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। কিয়নো ডিএমকে দলে আন কোনো দলৰ সমৰ্থনত চৰকাৰ গঠন কৰাৰ চেষ্টা নকৰে। যাৰ ফলত এতিয়াৰ পৰাই দলটো নিৰ্বাচনৰ বাবে সাজু হৈ থকাটো উচিত বুলি তেওঁ মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd