উত্তৰ প্ৰদেশত পুনৰ সংঘটিত হৈছে ফুলৰ মালা পিন্ধাই ধৰ্ষকক আদৰি অনাৰ ঘটনা।এগৰাকী ধৰ্ষণকাৰীক ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ অভিযোগ উঠিছে স্থানীয় লোকৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁক বীৰ উপাধিও দিয়া হৈছে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, সেই যুৱকজন পেচাত এজন শিক্ষক। যোৱা বছৰ এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল তেওঁৰ বিৰুদ্ধে। নিৰ্যাতিতা গৰাকী তেওঁৰ নিজৰেই ছাত্ৰী আছিল। ইয়াৰ পিছত আদালতত তেওঁ দোষী সাব্যস্ত হয়। দীৰ্ঘ ৯ মাহ জেইলত থকাৰ পিছত যোৱা দেওবাৰে তেওঁ জামিনত মুকলি হৈ আহে। তাৰ পিছতেই তেওঁৰ বন্ধু আৰু স্থানীয় লোকসকলে আনন্দত আত্মহাৰা হৈ পৰে।
এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। সেই ভিডিঅ’টোত দেখা গৈছে যে বগা চোলা পিন্ধি অপৰাধীজনে ৰোড শ্বো কৰিছে। তেওঁৰ চাৰিওফালে তেওঁৰ অনুগামীসকল আছে। ডিঙিত মালা পিন্ধাই কোনো কোনোৱে তেওঁক আদৰণি জনাইছে। ভিডিঅ’টোৰ এটা অংশত দেখা যায় যে যুৱকজনক কান্ধত তুলি গাঁৱত ঘূৰাইছে তেওঁৰ সমৰ্থকসকলে। হাঁহি মুখেৰে বহুতে তেওঁৰ লগত হাতো মিলাইছে। তেওঁৰ অনুগামীসকলে মুকলিকৈ বিজয়ৰ চিন বা ভিক্ট্ৰি চাইনো দেখুৱাইছে। এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতেই চাৰিওফালে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।





