• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নৰৱেৰ পেঞ্চন ফাণ্ডৰ পৰা আদানিৰ শ্বেয়াৰ বাতিল: প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ কটাক্ষ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 7:50 pm
127
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰি প্ৰশ্ন কৰে যে নৰৱেই তেওঁৰ ব্যক্তিগত অনুৰোধ মানি আদানি গ্ৰুপক পেঞ্চন ফাণ্ডৰ ক’লা তালিকাৰ পৰা আঁতৰাইছেনে। যোৱা ফেব্ৰুৱাৰী মাহত নৰৱেৰ ছোভাৰেইন ৱেলথ ফাণ্ডে আদানি গ্ৰীণক নিজৰ পৰ্টফলিঅ’ৰ পৰা বাদ দিয়াৰ পিছতেই গান্ধীয়ে এই প্ৰশ্ন উত্থাপন কৰিছে।

এক্স (পূৰ্বৰ টুইটাৰ) যোগে দিয়া এটা পোষ্টত ৰাহুল গান্ধীয়ে কয় যে আজিকালি আমি বহুত ভাল খবৰ পাওঁ। মোদী জী, নৰৱেই তেওঁলোকৰ পেঞ্চন ফাণ্ডৰ ক’লা তালিকাৰ পৰা আদানিক আঁতৰাবলৈ কৰা আপোনাৰ ব্যক্তিগত অনুৰোধ মানি লৈছেনে বুলি তেওঁ প্ৰশ্ন কৰে। পোষ্টটোত তেওঁ দুটা বাতৰিৰ ছবিও ব্যৱহাৰ কৰিছে। ইয়াৰে এটা যোৱা ২৭ ফেব্ৰুৱাৰীৰ বাতৰি য’ত লিখা আছিল যে নৰৱেৰ ছোভাৰেইন ৱেলথ ফাণ্ডে আদানি গ্ৰীণ এনাৰ্জিক নিজৰ পৰ্টফলিঅ’ৰ পৰা বাদ দিছে আৰু আনটো ১৮ মে’ৰ বাতৰি য’ত ৪৩ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক নৰৱে ভ্ৰমণৰ কথা উল্লেখ আছিল।

Apply Now

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিশ্বৰ সৰ্ববৃহৎ ১.২ ট্ৰিলিয়ন ডলাৰৰ এই ছোভাৰেইন ৱেলথ ফাণ্ডটোৱে আদানি গ্ৰীণ এনাৰ্জি লিমিটেডক বিত্তীয় অপৰাধৰ সৈতে জড়িত থকাৰ অভিযোগৰ বাবে নিজৰ পৰ্টফলিঅ’ৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল। নৰ্গেছ বেংকে ইয়াৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি, ২০২৪ চনৰ মে’ মাহত আদানি পোৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জ’ন লিমিটেডক বাদ দিয়াৰ পিছত এতিয়া আদানি গ্ৰীণকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই সিদ্ধান্তৰ আঁৰত দুৰ্নীতি বা অন্য গুৰুতৰ বিত্তীয় অপৰাধৰ কাৰণ দৰ্শাইছিল যদিও ইয়াৰ কোনো বিতং ব্যাখ্যা আগবঢ়োৱা নাছিল।

২০২০ চনৰ জুলাই মাহত যেতিয়া নৰ্গেছ বেংকে প্ৰথমবাৰৰ বাবে আদানি গ্ৰীণৰ শ্বেয়াৰ ক্ৰয় কৰিছিল, তেতিয়া ইয়াৰ মূল্য আছিল ৩৪১ টকা আৰু যোৱা ২৭ ফেব্ৰুৱাৰীত ইয়াৰ মূল্য ৯৪৪ টকা হৈছিলগৈ। এই সন্দৰ্ভত কোম্পানীটোৱে লগে লগে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও উদ্যোগটোৰ একাংশ বিষয়াই কয় যে জীৱাশ্ম ইন্ধনৰ পুঁজিৰে চলি থকা এখন ফাণ্ডে এটা নৱীকৰণযোগ্য শক্তি কোম্পানীৰ বিৰুদ্ধে এক নেতিবাচক ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd