• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

কি এই পভাৰ্টী পৰ্ণ? : মিষ্টাৰ বিষ্টৰ সম্পত্তিক লৈ কিয় সৃষ্টি হৈছে বিতৰ্কৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 6:40 am
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিমী ডনাল্ডছন, যাক সমগ্ৰ বিশ্বই মিষ্টাৰ বিষ্ট বুলি জানে, তেওঁ ইউটিউবৰ জগতত এক অতি পৰিচিত নাম। তেওঁ নিজৰ দান-বৰঙণি আৰু সমাজসেৱাৰ বাবেও যথেষ্ট বিখ্যাত। টিম ট্ৰিজ নামৰ এটা অভিযানৰ জৰিয়তে তেওঁ সমগ্ৰ বিশ্বতে ২ কোটি ৪০ লাখতকৈও অধিক গছপুলি ৰোপণ কৰাত সহায় কৰিছে। ইয়াৰ উপৰি তেওঁ বিষ্ট ফিলেন্থ্ৰপী নামৰ এটা সুকীয়া ইউটিউব চেনেল চলায়, যাৰ বিজ্ঞাপন, টি-চাৰ্ট আদিৰ বিক্ৰী আৰু স্পনছৰশ্বিপৰ পৰা অহা ১০০ শতাংশ ধনেই আনক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয় বুলি তেওঁ দাবী কৰে। এই ধনৰ জৰিয়তে এহেজাৰ লোকৰ চকুৰ কেটেৰেক্ট অপাৰেচন কৰা, দাসত্বৰ পৰা উদ্ধাৰ হোৱা শিশুৰ বাবে চিকিৎসা ক্লিনিক নিৰ্মাণ কৰা আৰু আফ্ৰিকাত বিশুদ্ধ পানীৰ বাবে ১০০ টা কুঁৱা খান্দি দিয়াৰ দৰে বহু ডাঙৰ কাম কৰা হৈছে। এই কামবোৰে বহুতৰে জীৱন সলনি কৰি দিছে, কিন্তু ইয়াৰ পিছতো তেওঁক লৈ এক ডাঙৰ বিতৰ্কৰ সৃষ্টি হৈছে।

মিষ্টাৰ বিষ্টৰ এই সমাজসেৱাক লৈ বিতৰ্ক হোৱাৰ মূল কাৰণ হ’ল ইয়াক বহুতে ষ্টাণ্ট ফিলান্থ্ৰপী বা দৰিদ্ৰতাৰ প্ৰদৰ্শনী বুলি অভিহিত কৰিছে। তেওঁৰ বহু ভিডিঅ’ত টকাৰ বিনিময়ত মানুহক অতি কষ্টকৰ আৰু অপমানজনক পৰিস্থিতিৰ সন্মুখীন কৰোৱা দেখা যায়। উদাহৰণস্বৰূপ, এটা ভিডিঅ’ত ১ ৰ পৰা ১০০ বছৰ বয়সৰ প্ৰতিযোগীক আঢ়ৈ লাখ ডলাৰ জয় কৰিবলৈ এটা কঠিন প্ৰতিযোগিতাত নমাই দিয়া হৈছিল, য’ত এগৰাকী ১১ বছৰীয়া ছোৱালীক প্ৰতিযোগিতাৰ পৰা উলিয়াই দিয়াৰ বাবে তাই কেমেৰাৰ সন্মুখতে কান্দি পেলাইছিল। আন এটা ভিডিঅ’ত কিছুমান গ্ৰাহকক দোকান এখনত আৱদ্ধ কৰি ৰখা হৈছিল আৰু কোৱা হৈছিল যে যি আটাইতকৈ শেষত ওলাই যাব তেওঁ টকা পাব। ইয়াৰ বাবে তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা আঁতৰি থাকি মানসিকভাৱে ভাঙি পৰিছিল। সমালোচকসকলৰ মতে, দুখীয়া আৰু অসহায় মানুহৰ অৱস্থাৰ সুযোগ লৈ কেৱল লাইক আৰু ভিউজ পাবলৈ এইবোৰ কৰা হয়। আনকি প্ৰাইম ভিডিঅ’ত সম্প্ৰচাৰিত হোৱা তেওঁৰ বিষ্ট গেমছ নামৰ ধাৰাবাহিকখনতো মানুহক টকাৰ বাবে ইজনে সিজনক প্ৰতাৰণা কৰিবলৈ বাধ্য কৰোৱা আৰু নিজৰ দুখৰ কাহিনী ক’বলৈ বাধ্য কৰোৱা বুলি অভিযোগ উঠিছে।

Apply Now

কেৱল ভিডিঅ’ৰ সমুখতেই নহয়, মিষ্টাৰ বিষ্টৰ কোম্পানীৰ ভিতৰচৰাৰ কাম-কাজকো লৈও বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ২০২৪ চনত বিষ্ট গেমছৰ কেইবাজনো প্ৰতিযোগীয়ে তেওঁৰ কোম্পানীৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছে। তেওঁলোকৰ অভিযোগ অনুসৰি প্ৰতিযোগিতাৰ সময়ত তেওঁলোকক অতি বেয়া ব্যৱহাৰ কৰা হৈছিল, সময়মতে খাবলৈ আৰু জিৰণি ল’বলৈ দিয়া হোৱা নাছিল, দৰব দিয়াত পলম কৰা হৈছিল আৰু আনকি যৌন নিৰ্যাতন ৰোধ কৰাতো কৰ্তৃপক্ষ ব্যৰ্থ হৈছিল। ইয়াৰ উপৰি এজন প্ৰাক্তন কৰ্মচাৰীয়েও তেওঁৰ দুখন প্ৰডাকচন কোম্পানীৰ বিৰুদ্ধে কামৰ ঠাইত লিংগ বৈষম্য আৰু যৌন নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে।

নৈতিকতাৰ দিশৰ পৰা চালে একাংশ লোকে ক’ব খোজে যে যদি কম সংখ্যক মানুহৰ কষ্টৰ বিনিময়ত বহুতো মানুহৰ উপকাৰ হয়, তেন্তে ইয়াত কোনো ভুল নাই। কিন্তু ওঠৰ শতিকাৰ বিখ্যাত দাৰ্শনিক ইমানুৱেল কাণ্টৰ মতে, কোনো ভাল কাম কৰাৰ বাবেও আন এজন মানুহক কেৱল এটা সঁজুলি বা মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো একেবাৰে অনুচিত । তেওঁৰ মতে, দায়িত্ববোধৰ পৰা কৰা সহায়ৰহে আচল নৈতিক মূল্য থাকে, নিজৰ স্বাৰ্থ বা নাম অৰ্জনৰ বাবে কৰা কামৰ নহয়। মিষ্টাৰ বিষ্টৰ এই কামবোৰ সঁচাকৈয়ে সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ বাবে নে কেৱল ভিউজ আৰু টকা পইচাৰ বাবে, সেইটো কোৱা টান। কাণ্টৰ মতে মানুহৰ চৰিত্ৰৰ শিপাতে কিছু নৈতিক ত্ৰুটি থাকে।

আচলতে এই সমাজসেৱাৰ কামবোৰে তেওঁৰ আনবোৰ শোষণমূলক ভিডিঅ’ক সমাজৰ চকুত গ্ৰহণযোগ্য কৰি তোলে। তেওঁ ইচ্ছা কৰিলে মানুহক কষ্ট নিদিয়াকৈও পোনপটীয়াকৈ পইচা দান কৰিব পাৰিলেহেঁতেন। বহুতে ক’ব পাৰে যে প্ৰতিযোগীসকলে নিজৰ সন্মতিৰেহে এইবোৰত অংশ লয়, কিন্তু যেতিয়া এজন অতি দুখীয়া মানুহক বহুত টকাৰ লোভ দেখুওৱা হয়, তেতিয়া তেওঁৰ সন্মতিটোক সম্পূৰ্ণ স্বাধীন বা সজাগ সন্মতি বুলি ক’ব নোৱাৰি, কাৰণ তেওঁলোকৰ হাতত আন কোনো উপায় নাথাকে। মিষ্টাৰ বিষ্টই নিজেও কেতিয়াবা সাত দিন ধৰি মাটিৰ তলত জীৱন্তে পোত খাই থকাৰ দৰে কঠিন কাম কৰে, কিন্তু তেওঁ নিজেই কোম্পানীটোৰ মালিক হোৱা বাবে লাভ আৰু নিয়ন্ত্ৰণ তেওঁৰ হাততেই থাকে। আটাইতকৈ ডাঙৰ কথাটো হ’ল, যেতিয়া দৰিদ্ৰতা বা স্বাস্থ্যসেৱাৰ দৰে গুৰুতৰ ৰাজনৈতিক আৰু সামাজিক সমস্যাবোৰক মনোৰঞ্জনৰ মাধ্যম কৰি তোলা হয়, তেতিয়া আচল সমস্যাটো তল পৰে। ইয়াৰ ফলত ব্যৱস্থাগত সংস্কাৰ বা চৰকাৰী পদক্ষেপৰ বাবে দাবী উত্থাপন কৰাৰ পৰিৱৰ্তে মানুহে কেৱল এয়া ভিডিঅ’ চাইয়েই আনন্দ লভে আৰু আচল সমস্যাবোৰ সমাধান নোহোৱাকৈয়ে ৰৈ যায়।

কি এই পভাৰ্টী পৰ্ণ (Poverty Porn) ?

পভাৰ্টী পৰ্ণ (Poverty Porn)  হৈছে সংবাদ মাধ্যম, সাহিত্য, চিনেমা, ফটো বা সমাজসেৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা এটা নেতিবাচক শব্দ। সহজ ভাষাত ক’বলৈ গ’লে, যেতিয়া কোনো দুখীয়া বা অসহায় লোকৰ চৰম দৰিদ্ৰতাক অতিৰঞ্জিত ৰূপত বা গ্লেমাৰাইজ কৰি দেখুৱাই কাৰোবাৰ পৰা সহানুভূতি বুটলি আৱেগিক লাভালাভ ল’বলৈ বা ব্যৱসায়িক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰা হয়, তাকেই ‘Poverty porn’ বুলি কোৱা হয়। ইয়াত দৰিদ্ৰতাক সমস্যাটোৰ সমাধান বিচাৰি নহয়, বৰঞ্চ দৰ্শক বা পঢ়ুৱৈৰ মনত এটা ক্ষন্তেকীয়া আৱেগ, পুতৌ বা দয়া ভাব জগাই তুলিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াত দুখীয়া মানুহজনক এজন আত্মসন্মান থকা মানুহ হিচাপে দেখুওৱাৰ পৰিৱৰ্তে কেৱল “অসহায় ভুক্তভোগী” (Helpless victim) হিচাপে তুলি ধৰা হয়, যিয়ে তেওঁলোকৰ মানৱীয় মৰ্যাদা ক্ষুণ্ণ কৰে। বহু সময়ত কিছুমান সংস্থা (NGO), সংবাদ মাধ্যম বা চলচ্চিত্ৰ নিৰ্মাতাই ফাণ্ড গোটাবলৈ, টি.আৰ.পি. বঢ়াবলৈ বা বঁটা বুটলিবলৈ মানুহৰ দৰিদ্ৰতা আৰু চকুলোকক অতি নাটকীয়ভাৱে কেমেৰাত বন্দী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm
শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

শুভমন গিল আৰু ঈশান কিষাণৰ বিধ্বংসী শতক! লখনৌত আফগানিস্তানক ১৭০ ৰানত ধৰাশায়ী কৰি ভাৰতৰ শৃংখলা জয়

June 18, 2026 12:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd