• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীতল পানীয় বুলি ৭ বছৰীয়া ছাত্ৰক প্ৰস্ৰাৱ খুওৱাৰ অভিযোগ, প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2026 9:16 pm
96
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ পূৰ্ণিয়া জিলাৰ চম্পনগৰ থানাৰ অন্তৰ্গত সিন্ধিয়া কন্যা মধ্য বিদ্যালয়ত এক অতি লজ্জাজনক তথা জঘন্য ঘটনা সংঘটিত হৈছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষকে প্ৰথম শ্ৰেণীত পঢ়ি থকা এটা ৭ বছৰীয়া শিশুক শীতল পানীয় বুলি কৈ প্ৰস্ৰাৱ খাবলৈ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় আৰু ক্ষুব্ধ গাঁওবাসীয়ে বিদ্যালয়ত উপস্থিত হৈ হুলস্থুল কৰাৰ লগতে অভিযুক্ত শিক্ষকজনক উত্তম মাধ্যম সোধায়। অৱশেষত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু অভিযুক্ত প্ৰধান শিক্ষকজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, সন্ধিয়া পঞ্চায়তৰ বজৰং বালি টোলাৰ বাসিন্দা তথা ১ম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে প্ৰতিদিনৰ দৰেই স্কুললৈ গৈছিল। কিন্তু পুৱা প্ৰায় সাড়ে ৯ বজাত শিশুটি হঠাৎ কান্দি কান্দি ঘৰলৈ দৌৰি আহে। মাকক কান্দি কান্দি শিশুটিয়ে জনায় যে স্কুলৰ প্ৰধান শিক্ষকে তাইক মাতি নি এটা বটল দেখুৱাই শীতল পানীয় বুলি কৈছিল। শিক্ষকে বটলৰ সাফৰখনত অলপ তৰল বস্তু বাকি দি তাইক খাবলৈ দিয়ে আৰু নিৰীহ শিশুটিয়েও শিক্ষকৰ কথাত বিশ্বাস কৰি তাক পান কৰে।

জীয়েকৰ এই কথা শুনি মাতৃয়ে পৰিয়ালৰ আন লোকৰ সৈতে স্কুললৈ গৈ প্ৰধান শিক্ষকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰে। কিন্তু নিজৰ ভুল স্বীকাৰ কৰাৰ পৰিৱৰ্তে প্ৰধান শিক্ষকজনে ওলোটাই খং কৰি পৰিয়ালৰ লোকক গালি-গালাজ পাৰে আৰু স্কুলৰ পৰা খেদি পঠিয়াবলৈ চেষ্টা কৰে। সেই সময়তে ভয় খাই থকা শিশুটিয়ে অফিচৰ টেবুলত থকা বটলটো আঙুলিয়াই দিয়ে। পৰিয়ালৰ লোকে বটলটো হাতত লৈ চাই গম পায় যে তাৰ পৰা প্ৰস্ৰাৱৰ প্ৰচণ্ড দুৰ্গন্ধ ওলাইছে। ইয়াৰ পিছতে তেওঁলোকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

ইফালে এই জঘন্য কাণ্ডৰ কথা গাঁৱত বিয়পি পৰাৰ লগে লগে শ শ গাঁৱৰ ৰাইজ স্কুল চৌহদত গোট খায়। খঙাল ৰাইজে অভিযুক্ত শিক্ষকজনক টানি আনি মৰধৰ কৰিবলৈ আৰম্ভ কৰে। পৰিস্থিতি বিষম হোৱা দেখি চম্পনগৰ আৰক্ষীৰ এটা ডাঙৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজক বুজাই-বঢ়াই শান্ত কৰে। আৰক্ষীয়ে ভিৰৰ মাজৰ পৰা অভিযুক্ত শিক্ষকজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি থানালৈ লৈ আহে।

ভুক্তভোগী শিশুটিৰ মাতৃৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি শ্ৰীনগৰ থানাৰ অন্তৰ্গত খুট্টি ধুনৈলী গাঁৱৰ বাসিন্দা অভিযুক্ত প্ৰধান শিক্ষক নন্দ কিশোৰ ৰায়ক গ্ৰেপ্তাৰ কৰে। আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত আদালতৰ নিৰ্দেশ মৰ্মে তেওঁক জে’ললৈ প্ৰেৰণ কৰা হয়। ইফালে ঘটনাৰ প্ৰমাণ হিচাপে আৰক্ষীয়ে বিদ্যালয়ৰ পৰা সেই বিতৰ্কিত বটলটোও জব্দ কৰিছে।

আনহাতে, কাৰাগাৰলৈ যোৱাৰ পূৰ্বে অভিযুক্ত শিক্ষক নন্দ কিশোৰ ৰায়ে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। তেওঁ কয় যে তেওঁক ষড়যন্ত্ৰমূলকভাৱে ফঁচোৱা হৈছে। তেওঁৰ মতে, ব্লেকবৰ্ড চাফা কৰিবলৈ তেওঁ বটলত পানী ৰাখিছিল, যিটো দুদিন ধৰি থকাৰ বাবে লেতেৰা হৈ পৰিছিল। ছাত্ৰীগৰাকীয়ে পানী খাবলৈ বিচৰাত তেওঁ সেই বটলৰ পানীখিনিকে খাবলৈ কৈছিল। চম্পনগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম ৰাজে জানিবলৈ দিছে যে ঘটনাৰ এফআইআৰ ৰুজু কৰি শিক্ষকজনক কাৰাগাৰলৈ পঠোৱা হৈছে আৰু জব্দ কৰা তৰল পদাৰ্থখিনি আচলতে কি আছিল তাৰ সঠিক তথ্য লাভ কৰিবলৈ তাক ফৰেনছিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব। পৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ পিছতে এই সন্দৰ্ভত পৰৱৰ্তী আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব।

Apply Now
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

‘কাজিৰঙা বিক্ৰী কৰা বন্ধ কৰক’: প্ৰস্তাৱিত পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

August 17, 2026 7:46 pm
বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

বিজেপিত ডাঙৰ ৰদবদল! আই টি চেলৰ মুৰব্বী পদৰ পৰা বিদায় অমিত মালব্যৰ, নতুন টিমত স্থান পালে কোনে কোনে?

August 17, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd