ইউক্ৰেইন আৰু পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে চলি থকা যুদ্ধত চীনে সদায় ৰাছিয়াক কূটনৈতিকভাৱে সমৰ্থন কৰি আহিছে। আনকি ৰাছিয়াৰ সহায়ৰ বাবে উত্তৰ কোৰিয়াৰ সেনা পঠোৱাৰ আঁৰতো চীনৰ ৰাষ্ট্ৰপতি জিনপিঙৰ হাত থকা বুলি চৰ্চা চলিছে। কিন্তু এই সকলোবোৰৰ মাজতে এক অতি আচৰিত তথ্য পোহৰলৈ আহিছে। ৰাছিয়াৰ বিমান আক্ৰমণ প্ৰতিহত কৰিবলৈ এতিয়া ইউক্ৰেইনৰ সেনাই চীনত তৈয়াৰী মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ কৰা দেখা গৈছে।
শেহতীয়াকৈ ইউক্ৰেইনৰ সৈন্যই চীনত নিৰ্মিত এফএন-১৬ ম্যানপ্যাড নামৰ এবিধ কান্ধত থৈ মাৰিব পৰা আকাশ প্ৰতিৰক্ষা প্ৰণালী ব্যৱহাৰ কৰাৰ কিছু ছবি পোহৰলৈ আহিছে। ইয়াৰ পিছতে সমগ্ৰ সামৰিক মহলত তীব্ৰ চৰ্চা আৰম্ভ হৈছে। এই এফএন-১৬ মিছাইলটো মাত্ৰ এজন সৈনিকে নিজৰ কান্ধত লৈ ফুৰিব পাৰে আৰু ইয়াৰ সহায়ত শত্ৰুপক্ষৰ হেলিকপ্টাৰ, ড্ৰোন বা তলত উৰি থকা যুদ্ধবিমান মুহূৰ্তৰ ভিতৰতে নিখুঁতভাৱে ধ্বংস কৰিব পাৰি। থাৰ্মেল চেন্সৰ থকা এই মিছাইলটোৱে ছয় কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা যিকোনো উৰন্ত লক্ষ্যবস্তু নিজে বিচাৰি উলিয়াই আক্ৰমণ কৰিবলৈ সক্ষম। ইউক্ৰেইনৰ হাতত এই চীনা অস্ত্ৰ দেখা পোৱাৰ পিছৰে পৰা এতিয়া প্ৰশ্ন উঠিছে যে চীনে ৰাছিয়াৰ সৈতে বিশ্বাসঘাটকতা কৰিলে নেকি।
অৱশ্যে সামৰিক বিশেষজ্ঞ সকলৰ একাংশই কৈছে যে এই মিছাইলবোৰ চীনে পোনপটীয়াকৈ ইউক্ৰেইনক দিয়া নাই। কিছুমান সূত্ৰৰ মতে এই অস্ত্ৰবোৰ আচলতে ইৰানৰ পৰা য়েমেনৰ হুথী বিদ্ৰোহীসকলৰ বাবে পঠোৱা হৈছিল। আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ নৌসেনাই বিভিন্ন সময়ত সাগৰীয় পথত ইৰানৰ পৰা অহা এনে বহু অস্ত্ৰৰ চালান মাজবাটতে জব্দ কৰিছে। ইয়াৰ পূৰ্বেও আমেৰিকাই জব্দ কৰা হাজাৰ হাজাৰ ইৰানী স্বয়ংক্ৰিয় ৰাইফেল আৰু গোলাবাৰুদ ইউক্ৰেইনৰ সেনাক সহায় হিচাপে দিছিল। গতিকে ধাৰণা কৰা হৈছে যে এই এফএন-১৬ মিছাইলবোৰো তেনে কোনো জব্দ কৰা চালানৰ অংশ আছিল, যিবোৰ আমেৰিকাই ইউক্ৰেইনক দি দিছে। আন এটা পক্ষৰ মতে চীনে বিশ্বৰ বহু দেশলৈ অস্ত্ৰ ৰপ্তানি কৰে, গতিকে ইউক্ৰেইনে কোনো মধ্যস্থতাকাৰী দেশ বা আগতে চীনৰ পৰা অস্ত্ৰ কিনা কোনো দেশৰ পৰাও এইবোৰ সংগ্ৰহ কৰিব পাৰে।





