দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ এক বিতৰ্কিত মন্তব্যৰ বিৰোধিতা কৰি সৃষ্টি হোৱা ককৰ’চ জনতা পাৰ্টী নামৰ এক অভিনৱ ছ’চিয়েল মিডিয়া পেজে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাত্ৰ পাঁচ দিনৰ ভিতৰতে এই পাৰ্টীৰ ইনষ্টাগ্ৰাম একাউণ্টত ফল’ৱাৰ্ছৰ সংখ্যা ৬০ লাখতকৈও অধিক হৈ পৰিছে। আনহাতে এক্স হেণ্ডেলত ইয়াৰ ফল’ৱাৰ্ছৰ সংখ্যা প্ৰায় ১ লাখ ২৬ হাজাৰলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে বৰ্তমান ইনষ্টাগ্ৰামত ভাৰতীয় জনতা পাৰ্টীৰ ৮৭ লাখ আৰু কংগ্ৰেছ দলৰ ১.৩২ কোটি ফল’ৱাৰ্ছ আছে, যাৰ তুলনাত এই নতুন পেজটোৱে অতি কম সময়তে এক বৃহৎ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
মহাৰাষ্ট্ৰৰ অভিজিৎ দিপকে নামৰ এজন যুৱকে এই ককৰ’চ জনতা পাৰ্টী গঠন কৰিছে। এই নতুন দলটোৰ শ্ল’গান হৈছে ধৰ্মনিৰপেক্ষ, সমাজবাদী, গণতান্ত্ৰিক আৰু এলেহুৱা। কেৱল এটা দিনৰ ভিতৰতে এই পাৰ্টীৰ ফল’ৱাৰ্ছৰ সংখ্যা ৪০ লাখতকৈও অধিক বৃদ্ধি পাইছিল বুলি জানিব পৰা গৈছে। শেহতীয়াকৈ অভিজিতে এই দলটোৰ এটা ল’গ’ বা প্ৰতীকো মুকলি কৰি দিছে।
প্ৰকৃততে যোৱা ১৫ মে’ত একাংশ সংবাদ মাধ্যমত দাবী কৰা হৈছিল যে এক গোচৰৰ শুনানির সময়ত মুখ্য ন্যায়াধীশ সূর্যকান্তই একাংশ নিবনুৱা যুৱক-যুৱতীক ককৰ’চ বা পঁইতাচোৰাৰ সৈতে তুলনা কৰিছিল। অৱশ্যে ইয়াৰ পিছদিনাই মুখ্য ন্যায়াধীশে এই সন্দৰ্ভত স্পষ্টীকৰণ দি কয় যে তেওঁ নিবনুৱা যুৱক-যুৱতীক এই কথা কোৱা নাছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে ভুৱা ডিগ্ৰী লৈ ওকালতি, সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াত প্ৰৱেশ কৰা লোকসকলকহে তেওঁ পৰজীৱী আৰু ককৰ’চ বুলি অভিহিত কৰিছিল। কিন্তু এই মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত যুৱ প্ৰজন্মৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হয় আৰু তাৰ পৰাই এই ককৰ’চ জনতা পাৰ্টী গঠনৰ ধাৰণা আহে।
এই ককৰ’চ জনতা পাৰ্টীৰ সদস্যপদ লাভৰ বাবে চাৰিটা বিশেষ যোগ্যতাৰ প্ৰয়োজন বুলি ঘোষণা কৰা হৈছে। প্ৰথমটো হৈছে নিবনুৱা হ’ব লাগিব, দ্বিতীয়টো হৈছে অত্যন্ত এলেহুৱা হ’ব লাগিব, তৃতীয়টো হৈছে অনলাইনত থকাৰ নিচা থাকিব লাগিব আৰু চতুৰ্থ যোগ্যতাটো হৈছে পেচাদাৰীভাৱে নিজৰ ক্ষোভ প্ৰকাশ কৰাৰ ক্ষমতা থাকিব লাগিব। ইয়াৰ উপৰি দলটোৱে এখন ইস্তাহাৰো জাৰী কৰিছে য’ত পাঁচটা গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি দিয়া হৈছে।
দলটোৰ ইস্তাহাৰ অনুসৰি যদি ককৰ’চ জনতা পাৰ্টী চৰকাৰলৈ আসে তেন্তে অৱসৰৰ পিছত কোনো মুখ্য ন্যায়াধীশে পুৰস্কাৰ হিচাপে ৰাজ্যসভালৈ যোৱাৰ সুযোগ নাপাব। যদি কোনো বৈধ ভোট ডিলিট কৰা হয়, তেন্তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তক ইউএপিএ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব, কাৰণ কাৰোবাৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো সন্ত্ৰাসবাদতকৈ কম নহয়। ইয়াৰ উপৰি মহিলাসকলৰ বাবে ৩৩ শতাংশৰ পৰিৱৰ্তে ৫০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব আৰু ইয়াৰ বাবে সাংসদৰ সংখ্যাও বৃদ্ধি কৰা নহ’ব। আনকি কেবিনেটতো মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষিত থাকিব। আম্বানী আৰু আদানীৰ সকলো সংবাদ প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব যাতে প্ৰকৃত স্বতন্ত্ৰ সংবাদ মাধ্যমে ঠাই পায় আৰু একাংশ পক্ষপাত দুষ্ট সংবাদ সঞ্চালকৰ বেংক একাউণ্টৰ তদন্ত কৰা হ’ব। যদি কোনো বিধায়ক বা সাংসদে দল সলনি কৰে, তেন্তে তেওঁৰ নিৰ্বাচন খেলাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ’ব আৰু পৰৱৰ্তী ২০ বছৰলৈ তেওঁ কোনো ৰাজহুৱা পদত বহিব নোৱাৰিব।
ককৰ’চ জনতা পাৰ্টীৰ প্ৰতিষ্ঠাপক অভিজিৎ দিপকে বৰ্তমান আমেৰিকাৰ বষ্টন বিশ্ববিদ্যালয়ত পাব্লিক ৰিলেচনৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আছে। তেওঁ ২০২০ চনৰ পৰা ২০২৩ চনলৈ আম আদমী পাৰ্টীৰ ছ’চিয়েল মিডিয়া দলত স্বেচ্ছাসেৱক হিচাপেও কাম কৰিছিল। তেওঁ জানিবলৈ দিয়ে যে যেতিয়া তেওঁ মুখ্য ন্যায়াধীশৰ এই মন্তব্য এক্স হেণ্ডেলত দেখিছিল, তেতিয়া তেওঁ যুৱ প্ৰজন্মৰ মতামত জানিব বিচাৰিছিল। বিশেষকৈ ২৫ বছৰৰ তলৰ যুৱক-যুৱতীবোৰৰ পৰা অহা সুন্দৰ সঁহাৰিৰ পিছতে সকলোকে একত্ৰিত কৰাৰ উদ্দেশ্যে তেওঁ এই ককৰ’চ জনতা পাৰ্টী গঠন কৰাৰ সিদ্ধান্ত লয়।





