সকলো ৰাজনৈতিক আৰু আইনী বিৰোধিতাক নেওচি অসম চৰকাৰে বিতৰ্কিত অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া এম কে যাদৱৰ কাৰ্যকাল একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে। যাদৱক ৰাজ্যৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ মুখ্য সচিব হিচাপে পুনৰ ছমাহৰ বাবে নিযুক্তি দিয়া হৈছে। যোৱা ১৩ মে’ত ৰাজ্যিক কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনায় আৰু ১৪ মে’ত কৰ্মচাৰী বিভাগৰ সচিব সীমান্ত কুমাৰ দাসে ইয়াৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰে। এই গুৰুত্বপূৰ্ণ পদত থাকি যাদৱে বিশাল বনাঞ্চল থকা ৰাজ্যখনৰ বন বিভাগৰ সকলো প্ৰশাসনিক আৰু বিত্তীয় ক্ষমতা পুনৰ লাভ কৰিব।
যাদৱে ২০২৪ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰধান মুখ্য বন সংৰক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট নিযুক্তি সমিতিয়ে তেওঁৰ কাৰ্যকাল বৃদ্ধিৰ অনুৰোধ নাকচ কৰিছিল। কিন্তু কেন্দ্ৰৰ নিৰ্দেশনাক আওকাণ কৰি অসম চৰকাৰে তেওঁক এবছৰৰ বাবে চুক্তিবদ্ধভাৱে নিযুক্তি দিছিল। পৰৱৰ্তী সময়ত তেওঁক পুনৰ নিযুক্তি দিয়া হয় আৰু এতিয়া তৃতীয়বাৰৰ বাবে একেই গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বুলি পৰিচিত এইগৰাকী বিষয়াক কেন্দ্ৰত আৰু ৰাজ্যত একেই চৰকাৰ থকাৰ পিছতো বাৰে বাৰে এনেদৰে নিযুক্তি দিয়া কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। সাধাৰণতে এই বিশেষ মুখ্য সচিব পদত কৰ্মৰত জ্যেষ্ঠ আই এ এছ বিষয়াকহে নিযুক্তি দিয়া হয়, কিন্তু চৰকাৰে ২০১৮ চনৰ এখন জাননীৰ যুক্তি দৰ্শাই এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক এই পদত বহুৱাইছে।
বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন দল-সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ সমালোচনা কৰিছে। নিৰ্বাচনৰ সময়ত নিৰ্বাচনী আচৰণ বিধি বলৱৎ থকা অৱস্থাত এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াক সম্পূৰ্ণ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতা প্ৰদান কৰাটো নিয়ম বহিৰ্ভূত বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পিছত, মাৰ্চ মাহত এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে। নিৰ্বাচনৰ সময়ছোৱাত যাদৱৰ ক্ষমতা অব্যাহত থকাক লৈ সমালোচকসকলে গভীৰ উদ্বেগ প্ৰকাশ কৰে।
সমাজকৰ্মী দিলীপ নাথে নিৰ্বাচন আয়োগলৈ (EC) প্ৰেৰণ কৰা এখন পত্ৰত যুক্তি দৰ্শাইছিল যে অৱসৰপ্ৰাপ্ত বিষয়াসকলক “নন-কেডাৰ” হিচাপে গণ্য কৰা হয় আৰু সেয়েহে তেওঁলোকে কৰ্মৰত সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ বাবে নিৰ্ধাৰিত পদসমূহ দখল কৰা উচিত নহয়। লগতে তেওঁ প্ৰশ্ন উত্থাপন কৰে যে নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত এজন অৱসৰপ্ৰাপ্ত বিষয়াই প্ৰশাসনিক আৰু বিত্তীয় কৰ্তৃত্ব প্ৰয়োগ কৰি থাকিব পাৰেনে, আৰু এই সমগ্ৰ ব্যৱস্থাটোৰ বৈধতা পৰীক্ষা কৰিবলৈ তেওঁ নিৰ্বাচন আয়োগক আহ্বান জনায়।আনহাতে, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত তদন্ত কৰিবলৈ দাবী জনাইছে। তেওঁৰ মতে, চৰকাৰৰ এই কাৰ্যই অৱসৰপ্ৰাপ্ত বিষয়াৰ নিযুক্তিৰ নীতি-নিয়ম উলংঘা কৰিছে।
এম কে যাদৱৰ বিৰুদ্ধে পূৰ্বেও বহুতো গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। প্ৰধান মুখ্য বন সংৰক্ষক হৈ থকা সময়ত তেওঁৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বিনা অনুমতিত হাইলাকান্দিৰ দামচেৰা আৰু অসম-নাগালেণ্ড সীমান্তৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ মাটি অন্য কামত ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে অসম চৰকাৰৰ বন বিভাগক আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ বা এন জি টিয়েও এই বিষয়বোৰৰ পৰ্যবেক্ষণ কৰিছিল। যোৱা ২ এপ্ৰিলত নিৰ্বাচনী দায়িত্বৰ বাবে ১৬০০ বন সুৰক্ষা বাহিনীৰ জোৱান নিয়োগ কৰা সন্দৰ্ভত যাদৱে দিয়া এক নিৰ্দেশটো এন জি টিয়ে স্থগিতাদেশ জাৰি কৰিছিল।
বন বিভাগৰ বিতৰ্কৰ উপৰিও ২০০৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়তো এম কে যাদৱ বিতৰ্কত সাঙোৰ খাই পৰিছিল। সেই সময়ত তেওঁ ই ভি এম মেচিন পৰিচালনা কৰা চৰকাৰী প্ৰতিষ্ঠান Assam Electronics Development Corporation Limited-এমট্ৰনৰ পৰিচালন সঞ্চালক আছিল। তেতিয়া বিৰোধী দলত থকা অসম গণ পৰিষদে ই ভি এম মেচিনৰ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন কৰিছিল। যদিও সেই অভিযোগ প্ৰমাণিত হোৱা নাছিল, তথাপিও বন বিভাগত পুনৰ নিযুক্তি পোৱাৰ পিছত এই পুৰণি কথাবোৰ আকৌ চৰ্চালৈ আহিছে। পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে চৰকাৰৰ এই পদক্ষেপক তীব্ৰ গৰিহণা দি কয় যে চৰকাৰে এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সলনি তেওঁক পুৰস্কৃতহে কৰিছে। ইয়াৰ ফলত অসমৰ বন আৰু বন্যপ্ৰাণীৰ অধিক ধ্বংস হোৱাৰ লগতে বেআইনী কাৰ্যকলাপ বৃদ্ধি পাব বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰিছে।





