• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাৰ পিছত তামিলনাডু! দক্ষিণৰ দুয়োখন ৰাজ্যতে এইবাৰ AI মন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 7:30 pm
93
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তিৰ সৈতে হাতে হাতে আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতৰ শাসন ব্যৱস্থাত এক ঐতিহাসিক বিৱৰ্তন আৰম্ভ হৈছে। কেৰেলাই এদিন আগতে কৰিছিল। এইবাৰ চুবুৰীয়া ৰাজ্য তামিলনাডুতো ‘কৃত্ৰিম বুদ্ধিমত্তা’ বা এআইৰ বাবে সম্পূৰ্ণ সুকীয়া মন্ত্ৰালয় গঠন কৰিছে।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে তামিলনাডুৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰে। আৰু সেই সম্প্ৰসাৰিত তালিকাত ৰাজ্যৰ তথ্য-প্ৰযুক্তি বিভাগৰ পৰিসৰ সম্প্ৰসাৰিত হৈ ‘কৃত্ৰিম বুদ্ধিমত্তা, তথ্য প্ৰযুক্তি আৰু ডিজিটেল সেৱা মন্ত্ৰালয়’ হিচাপে নতুন নাম দিয়া হৈছে।

Apply Now

২৩ গৰাকী নতুন বিধায়কক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। ফলত বিজয় মন্ত্ৰীসভাত মুঠ সদস্যৰ সংখ্যা ১০ৰ পৰা ৩৩লৈ বৃদ্ধি পাইছে। আজি মুখ্যমন্ত্ৰীকে ধৰি ৩২ জন লোকে নতুন দায়িত্ব গ্ৰহণ কৰে। ২ কংগ্ৰেছ বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। আই ইউ এম এলৰ এজনে পিছত শপত ল’ব। নতুন মন্ত্ৰীসভাত ৪ গৰাকী মহিলা মন্ত্ৰী আছে। কিন্তু বিজয়ৰ মন্ত্ৰীসভাৰ আটাইতকৈ ডাঙৰ আচৰিত কথাটো হ’ল ‘কৃত্ৰিম বুদ্ধিমত্তা’ৰ বাবে এটা সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি।

আৰ কুমাৰক নতুনকৈ গঠন কৰা হাই-টেক বিভাগৰ দায়িত্ব দিয়া হৈছে। এই বিভাগে মূলতঃ কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল শাসন আৰু ৰাজ্যৰ অত্যাধুনিক প্ৰযুক্তিৰ বাণিজ্যিক ব্যৱহাৰৰ সঠিক নীতি প্ৰণয়নৰ ওপৰত গুৰুত্ব দিব।

মাত্ৰ এদিন পূৰ্বে কেৰালাৰ নতুন ইউডিএফ চৰকাৰেও চৰকাৰী গেজেটত অধিসূচনা প্ৰকাশ কৰি ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে এআই মন্ত্ৰালয় গঠনৰ কথা ঘোষণা কৰিছিল। আই ইউ এম এলৰ জ্যেষ্ঠ নেতা পি কে কুনহালিকুট্টিক উদ্যোগ আৰু বাণিজ্য আৰু তথ্য প্ৰযুক্তিৰ লগতে এই নতুন এ আই বিভাগৰ দায়িত্ব দিয়া হৈছে।

প্ৰযুক্তি বিশেষজ্ঞসকলৰ মতে ভাৰতীয় ৰাজ্যসমূহৰ মাজত এই ধাৰাটো অতি ইতিবাচক। আই টি বিভাগৰ অধীনত সৰু শাখা হিচাপে ৰখাৰ পৰিৱৰ্তে এ আইৰ বাবে এটা সুকীয়া মন্ত্ৰালয় সৃষ্টি কৰিলে ভাৰতীয় প্ৰশাসনৰ ডিজিটেল ৰূপান্তৰ আৰু অধিক ত্বৰান্বিত হ’ব।

একাংশ বিশেষজ্ঞৰ মতে দক্ষিণ ভাৰতৰ এই দুখন ৰাজ্যই দেখুওৱা পথ অনুসৰণ কৰি দেশৰ আন ৰাজ্যসমূহেও ভৱিষ্যতে এই প্ৰযুক্তিভিত্তিক প্ৰশাসনিক আৰ্হি গ্ৰহণ কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd