হণ্ডুৰাছত নিৰ্বিচাৰ গুলীচালনাত কমেও ২৫ জন লোক নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে কেইবাজনো আৰক্ষী বিষয়াও। দুখন পৃথক স্থানত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা।
নিহতসকলৰ ভিতৰত লেষ্টাৰ আমাডো নামৰ এজন উপ-আৰক্ষী আয়ুক্তও আছে বুলি হণ্ডুৰাছৰ আৰক্ষীয়ে জনায়। তেওঁলোক এটা মিছনত আছিল। ৰাজধানী টেগুচিগালপাৰ পৰা ওমোৱালৈ যোৱাৰ পথত তেওঁলোক আক্ৰমণৰ বলি হয়।
ৰাজহুৱা অধিবক্তাৰ কাৰ্যালয়ৰ মুখপাত্ৰ ইউৰি মোৰাই জনোৱা মতে, বৃহস্পতিবাৰে উত্তৰ হণ্ডুৰাছৰ ট্ৰুজিলো পৌৰসভাৰ ৰিগ’ৰেছৰ এখন পাম গছৰ ফাৰ্মত প্ৰথমটো আক্ৰমণ সংঘটিত হয়। তাত কমেও ১৯ জন শ্ৰমিকক গুলীয়াই হত্যা কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, গুৱেটামালাৰ সীমান্তৰ সমীপৰ উত্তৰ হণ্ডুৰাছৰ কৰ্টেছ বিভাগত দ্বিতীয়টো আক্ৰমণ সংঘটিত হয়।
হণ্ডুৰাছৰ ৰাষ্ট্ৰীয় আৰক্ষীৰ মুখপাত্ৰ এডগাৰ্ডো বাৰাহোনাই কয় যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। অৱশ্যে এই আক্ৰমণ কোনে সংঘটিত কৰিছিল আৰু কি উদ্দেশ্য আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি স্থানীয় গীৰ্জাত সমবেত হোৱা কিছুমান লোককে ধৰি শ্ৰমিকসকলৰ ওপৰত অস্ত্ৰধাৰী সন্দেহযুক্ত লোকে নিৰ্বিচাৰে গুলীচালনা কৰে।
হণ্ডুৰাছৰ সশস্ত্ৰ বাহিনীৰ যৌথ সেনা মুৰব্বী হেক্টৰ বেঞ্জামিন ভেলেৰিয়া আৰ্ডনে এক বিবৃতিত কয় যে সশস্ত্ৰ বাহিনীয়ে এই কাণ্ডৰ বাবে দায়ীসকলক বিচাৰি উলিয়াবলৈ কাম কৰি আছে। আৰক্ষীয়ে সন্দেহযুক্ত আক্ৰমণকাৰী নিহত বা আহত হ’ব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰিছে।
উৰ্বৰ অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ লাভৰ প্ৰয়াসত স্থানীয় কৃষক আৰু শ্ৰমিকক বলপূৰ্বকভাৱে নিজৰ মাটিৰ পৰা উচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে সশস্ত্ৰ সংগঠনৰ বিৰুদ্ধে, যাৰ ফলত কেতিয়াবা মাৰাত্মক আক্ৰমণৰ সৃষ্টি হৈছে।
ইতিমধ্যে আন্তঃআমেৰিকান মানৱ অধিকাৰ আয়োগে এই সন্দৰ্ভত সকীয়াই দিছিল। ২০২৪ চনত পাঁচজন পৰিৱেশবিদ আৰু ইয়াৰ আগৰ বছৰত ১৮ জন পৰিৱেশবিদৰ মৃত্যু হৈছিল। তাৰ পিছতে এই সতৰ্কবাণী জাৰি কৰা হৈছিল।





