জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা সামাজিক কৰ্মী উমৰ খালিদক দিল্লী উচ্চ ন্যায়ালয়ে এক ডাঙৰ সকাহ দিছে। আদালতে ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত ডাঙৰ ষড়যন্ত্ৰৰ গোচৰত উমৰ খালিদক ১ জুনৰ পৰা ৩ জুনলৈকে তিনি দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছে। উমৰ খালিদৰ মাতৃৰ হবলগীয়া অস্ত্ৰোপচাৰৰ কথা লক্ষ্য ৰাখি আদালতে এই মানৱীয় সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ পূৰ্বে যোৱা ১৯ মে’ত কাৰকাৰডুমাৰ এখন বিশেষ ট্ৰায়েল কোৰ্টে উমৰ খালিদৰ সাময়িক মুক্তিৰ আবেদন খাৰিজ কৰিছিল। ইয়াৰ পিছত খালিদে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ২২ মে’ৰ পৰা ৫ জুনলৈকে অৰ্থাৎ ১৫ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল। আবেদনখনত উল্লেখ কৰা হৈছিল যে উমৰ খালিদৰ ৬২ বছৰীয়া মাতৃৰ অহা ২ জুনত এটা বিশেষ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব, যাৰ বাবে তেওঁক হস্পিতাল আৰু ঘৰত চোৱাচিতা কৰিবলৈ পৰিয়ালৰ লোকৰ প্ৰয়োজন। ইয়াৰ উপৰিও অলপতে খালিদৰ মোমায়েকৰ মৃত্যু হৈছিল আৰু তেওঁ মোমায়েকৰ স্মৃতিত আয়োজন কৰা চেহলুম নামৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰিছিল।
উচ্চ ন্যায়ালয়ত কৰা আপিলত উমৰ খালিদে নামনি আদালতৰ ৰায়টোক প্ৰত্যাহ্বান জনাইছিল। তেওঁ যুক্তি দিছিল যে মোমায়েক তেওঁৰ নিকট আত্মীয় নহয় বুলি নামনি আদালতে কৰা মন্তব্য সম্পূৰ্ণ ভুল আছিল। তেওঁ আদালতক জনায় যে প্ৰয়াত মোমায়েকৰ সৈতে তেওঁৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু এই দুখৰ সময়ত তেওঁ নিজৰ ৮৭ বছৰীয়া আইতাকৰ সৈতেও কিছু সময় কটাব বিচাৰে।
দিল্লী উচ্চ ন্যায়ালয়ে দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত মানৱীয় দৃষ্টিকোণৰ পৰা উমৰ খালিদক এই সকাহ দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে আদালতে ১৫ দিনৰ দাবীৰ বিপৰীতে মাত্ৰ ৩ দিনৰ বাবেহে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে, যাতে তেওঁ মাতৃৰ অস্ত্ৰোপচাৰৰ সময়ত হস্পিতাল আৰু পৰিয়ালৰ সৈতে থাকিব পাৰে। উল্লেখ্য যে ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা উমৰ খালিদ কাৰাগাৰত বন্দী হৈ আছে। দিল্লীৰ হিংসাত্মক ঘটনাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে ইউএপিএ আৰু আন কেবাটাও গুৰুতৰ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।





