সাম্প্ৰতিক ভাৰতত ‘জেন জী’ (Gen Z) অৰ্থাৎ বৰ্তমানৰ যুৱ প্ৰজন্ম কেৱলমাত্ৰ ডিজিটেল মাধ্যমৰ গ্ৰাহক হৈ থকা নাই, বৰঞ্চ তেওঁলোক দেশৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক দিশৰ এক গুৰুত্বপূৰ্ণ নিৰ্ণায়ক শক্তি হৈ পৰিছে। এই প্ৰজন্ম সম্প্ৰতি কেৱল ‘অসন্তুষ্ট’ নে ‘ক্ষোভিত’? এই প্ৰশ্নটোৱে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ বাস্তৱক প্ৰতিফলিত কৰে। প্ৰকৃততে, তেওঁলোকৰ মাজত থকা অসন্তুষ্টি বৰ্তমান সময়ত এক গভীৰ ক্ষোভলৈ ৰূপান্তৰিত হৈছে, যাৰ মূল কাৰণ হৈছে অৰ্থনৈতিক অনিশ্চয়তা আৰু ক্ৰমবৰ্ধমান নিবনুৱা সমস্যা। ভাৰতীয় জেন জী-ৰ এই ক্ষোভ কোনো বায়ৱীয় আদৰ্শগত সংঘাত নহয়, ই অত্যন্ত বাস্তৱিক। বৰ্তমান ডিগ্ৰীধাৰী লাখ লাখ যুৱক-যুৱতীয়ে নিজৰ যোগ্যতা অনুসৰি মৰ্যাদাপূৰ্ণ সংস্থাপন লাভ কৰাত ব্যৰ্থ হৈছে। শিক্ষাগত ঋণৰ বোজা, ব্যক্তিগত খণ্ডৰ অস্থিৰতা আৰু চৰকাৰী চাকৰিৰ সীমিত সুযোগে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাক প্ৰশ্নবোধক চিহ্নৰ সন্মুখলৈ ঠেলি দিছে। যি সময়ত তেওঁলোকৰ সপোন আৰু আকাংক্ষা আকাশলংঘী, সেই সময়ত বজাৰত উপযুক্ত সংস্থাপনৰ অভাৱে তেওঁলোকৰ মনত তীব্ৰ হতাশা আৰু ক্ষোভৰ সৃষ্টি কৰিছে। সেয়েহে, সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশত ধৰ্মীয় বা মেৰুকৰণৰ ৰাজনীতিৰ সলনি জেন জী-য়ে শিক্ষা, নিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ দৰে মৌলিক বিষয়সমূহক অধিক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিছে।
এই যুৱ মানসিকতা আৰু ক্ষোভৰ এক অনন্য প্ৰতীকী প্ৰকাশ হৈছে ‘ককৰোচ জনতা পাৰ্টী’। ডিজিটেল যুগত ছচিয়েল মিডিয়াত এক প্ৰকাৰৰ ব্যংগ বা ‘মিম’ (Meme) কালচাৰ হিচাপে ইয়াৰ সূচনা হৈছিল। ৰাজনৈতিক ব্যৱস্থাটোৰ ফোঁপোলাস্বৰূপ আৰু সাধাৰণ মানুহৰ কণ্ঠস্বৰক কৰা অৱহেলাক উপলুঙা কৰিবলৈ ইয়াক প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল। কিন্তু অতি ক্ষিপ্ৰতাৰে এই ব্যংগই এক সামাজিক আন্দোলনৰ ৰূপ লোৱাৰ মূল কাৰণ হ’ল ইয়াৰ সৈতে জেন জী-ৰ সংযোগ (Relatability)। ‘ককৰোচ’ বা পঁইতাচোৰা হৈছে এক এনে জীৱ যাক সহজে ধ্বংস কৰিব নোৱাৰি, যি আটাইতকৈ প্ৰতিকূল পৰিৱেশতো জীয়াই থাকে। ভাৰতৰ সাধাৰণ মধ্যবিত্ত আৰু নিম্ন-মধ্যবিত্ত যুৱ প্ৰজন্মই নিজৰ সংগ্ৰামক ইয়াৰ সৈতে তুলনা কৰিবলৈ লৈছে। ব্যৱস্থাটোৰ শোষণ আৰু অৱহেলাৰ বিৰুদ্ধে ই যুৱ সমাজৰ এক নীৰৱ কিন্তু তীব্ৰ প্ৰতিবাদৰ মৰ্মবেদনা হৈ পৰিল। ইয়াৰ জৰিয়তে তেওঁলোকে বুজাই দিলে যে তেওঁলোক উপলুঙাৰ পাত্ৰ নহয়, বৰঞ্চ সমাজ ব্যৱস্থাটোৰ এক অপৰিহাৰ্য অংশ।
জেন জী-ৰ এই ক্ৰমবৰ্ধমান ক্ষোভ আৰু বিকল্প চিন্তাৰ প্ৰভাৱ ভৱিষ্যতৰ নিৰ্বাচনসমূহত অপৰিহাৰ্যভাৱে পৰিব। জাতি, ধৰ্ম বা পুৰণি আৱেগিক ইছ্যুৰে এই প্ৰজন্মক দীৰ্ঘদিন ধৰি পতিয়ন নিয়াব নোৱাৰি, কাৰণ তেওঁলোকৰ ভোট হ’ব সম্পূৰ্ণৰূপে ‘পৰিণাম-মুখী’ (Result-oriented)। ছচিয়েল মিডিয়াৰ জৰিয়তে এই প্ৰজন্মই অতি কম সময়ৰ ভিতৰতে যিকোনো ইছ্যু দেশজোৰা আন্দোলনলৈ ৰূপান্তৰিত কৰিব পাৰে। গতিকে, যিকোনো ৰাজনৈতিক দলে তেওঁলোকক আওকাণ কৰিলে নিৰ্বাচনত গাদীচ্যুত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। ভৱিষ্যতৰ নিৰ্বাচনত মূল ইছ্যু হ’ব লাগিব নিয়োগ সৃষ্টি, জলবায়ু পৰিৱৰ্তন, মানসিক স্বাস্থ্য আৰু অৰ্থনৈতিক সমতা— যিবোৰ জেন জী-ৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ।
শেষত ক’ব পাৰি যে, ভাৰতৰ জেন জী কেৱল ক্ষোভিতেই নহয়, তেওঁলোক সচেতন আৰু সৃষ্টিশীলভাৱে প্ৰতিবাদী। ‘ককৰোচ জনতা পাৰ্টী’ৰ দৰে পৰিঘটনা চৰকাৰ আৰু নীতি-নিৰ্ধাৰকসকলৰ বাবে এক স্পষ্ট সঁকীয়নি। যুৱ প্ৰজন্মৰ এই অসন্তুষ্টিক দমনমূলক ব্যৱস্থাৰে ভূগৰ্ভলৈ নিক্ষেপ কৰিব নোৱাৰি। যদি সময়মতে তেওঁলোকক সঠিক দিশ দেখুৱাব পৰা নাযায় আৰু সংস্থাপনৰ সমস্যা সমাধান কৰা নহয়, তেন্তে ভৱিষ্যতৰ ৰাজনীতিত এক ডাঙৰ ওলট-পালট হোৱাটো খুবেই সম্ভৱ।





