বিশ্ববজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ ফলত ভাৰততো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। সংবাদ সংস্থা ৰয়টাৰ্ছৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ সৰ্ববৃহৎ কণ্ডম প্ৰস্তুতকৰ্তা প্ৰতিষ্ঠান মেনকাইণ্ড ফাৰ্মাই সতৰ্ক কৰি দিছে যে ইৰাণৰ যুদ্ধ পৰিস্থিতি আৰু তেলৰ চৰা দাম অব্যাহত থাকিলে ভাৰতত কণ্ডমৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে।
বৰ্তমান দেশৰ কণ্ডম বজাৰৰ প্ৰায় ত্ৰিশ শতাংশ দখল কৰি থকা মেনফ’ৰ্চ ব্ৰেণ্ডৰ স্বত্বাধিকাৰী এই প্ৰতিষ্ঠানটোৱে জনাইছে যে মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে সামগ্ৰী উৎপাদনৰ ব্যয় বৃদ্ধি পাব আৰু ইয়াৰ বোজা পোনপটীয়াকৈ গ্ৰাহকৰ ওপৰত পৰিব। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হোৱা সংঘাতৰ ফলত তেলৰ দাম পঞ্চাশ শতাংশতকৈও অধিক বৃদ্ধি পাইছে আৰু ব্ৰেণ্ট ক্ৰুড তেলৰ দাম প্ৰতি বেৰেলত এশ ডলাৰ অতিক্ৰম কৰিছে।
মেনকাইণ্ড ফাৰ্মাৰ মুখ্য কাৰ্যবাহী বিষয়া শীতল অৰোৰাই জনোৱা মতে, আগন্তুক কেইমাহমানৰ চাহিদা পূৰণ কৰিব পৰাকৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত মজুত আছে যদিও তেলৰ দাম এনেদৰে বৃদ্ধি পাই থাকিলে কণ্ডমৰ দাম বঢ়োৱাটো অপৰিহাৰ্য হৈ পৰিব। সাধাৰণতে কণ্ডম প্ৰাকৃতিক ৰবৰ বা লেটেক্সৰ পৰা তৈয়াৰ কৰা হয়, কিন্তু ইয়াক প্ৰস্তুত কৰোঁতে বিভিন্ন ৰাসায়নিক পদাৰ্থ, লুব্ৰিকেণ্ট, চিলিকন অইল আৰু পেকেজিঙৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় যিবোৰ পেট্ৰলিয়ামৰ পৰা উৎপন্ন হয়। সেয়েহে খাৰুৱা তেলৰ দাম বাঢ়িলে এই কেঁচামালসমূহৰো দাম বাঢ়ে। বৰ্তমান ভাৰতত দহটা কণ্ডম থকা মেনফ’ৰ্চৰ এটা পেকেটৰ দাম এশৰ পৰা এশ পঞ্চাশ টকাৰ ভিতৰত আছে। তেলৰ যোগান বাধাগ্ৰস্ত হৈ থাকিলে এই দাম সলনি হ’বলৈ বেছি দিন নালাগিব।
এই সমস্যা কেৱল ভাৰততে সীমাবদ্ধ নহয়, সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰভাৱ পৰিছে। বিশ্বৰ সৰ্ববৃহৎ কণ্ডম প্ৰস্তুতকৰ্তা আৰু ডুৰেক্সৰ দৰে ব্ৰেণ্ডৰ যোগানকাৰী মালয়েছিয়াৰ প্ৰতিষ্ঠান কাৰেক্সে ইতিমধ্যে ঘোষণা কৰিছে যে পৰিবহণ আৰু কেঁচামালৰ ব্যয় বৃদ্ধিৰ বাবে তেওঁলোকে নিজৰ সামগ্ৰীৰ দাম বিশৰ পৰা ত্ৰিশ শতাংশলৈকে বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতৰ কণ্ডম বজাৰখন বিশ্বৰ ভিতৰতে অন্যতম বৃহৎ বজাৰ আৰু বছৰি ইয়াত চাৰিশ কোটিৰো অধিক কণ্ডম উৎপাদন হয়। চৰকাৰী প্ৰতিষ্ঠান এইচ এল এল লাইফকেয়াৰৰ লগতে মেনকাইণ্ড ফাৰ্মা আৰু কিউপিড লিমিটেডৰ দৰে কোম্পানীসমূহে দেশৰ লগতে বিদেশৰ বজাৰলৈকো কণ্ডম যোগান ধৰে।
বিশেষজ্ঞসকলৰ মতে, কণ্ডমৰ দাম সামান্য বৃদ্ধি পালেও ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰিব দৰিদ্ৰ আৰু নিম্নবিত্ত লোকসকলৰ ওপৰত। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ প্ৰাক্তন সভাপতি ৰাজীৱ জয়দেৱনে সতৰ্ক কৰি দিছে যে দাম বাঢ়িলে সাধাৰণ মানুহে নিয়মীয়াকৈ কণ্ডম ব্যৱহাৰ কৰিবলৈ এৰি দিব পাৰে, যাৰ ফলত জনস্বাস্থ্যৰ ক্ষেত্ৰত ভয়ানক প্ৰভাৱ পৰিব। তেওঁ উল্লেখ কৰে যে এই মূল্যবৃদ্ধিৰ ফলত মানুহৰ মাজত অনিচ্ছাকৃত গৰ্ভধাৰণ, মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ বৃদ্ধি পোৱাৰ লগতে যৌন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ পুনৰ বৃদ্ধি পোৱাৰ যথেষ্ট আশংকা আছে।





