• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

বৃদ্ধ পিতৃ-মাতৃক বেল্টেৰে মৰিয়াই অত্যাচাৰ কৰা পাষণ্ড পুত্ৰক ৬০ দিনৰ কাৰাদণ্ড, ভাইৰেল হ’ল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2026 1:55 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ হায়দৰাবাদত এক অতি হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে। এজন পাষণ্ড পুত্ৰৰ বিৰুদ্ধে নিজৰ বৃদ্ধ পিতৃ-মাতৃক অতি নিষ্ঠুৰভাৱে প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰে। আদালতে এই ঘটনাক অতি গুৰুত্বসহকাৰে লৈ অভিযুক্ত পুত্ৰক ৬০ দিনৰ জেলৰ শাস্তি বিহিছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৪৪ বছৰীয়া জি শ্ৰীনিবাস নামৰ এই লোকজনে দীৰ্ঘদিন ধৰি নিজৰ পিতৃ-মাতৃক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল। বুধবাৰে অসহায় পিতৃ-মাতৃহালে আৰক্ষীৰ ওচৰত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰাৰ মাত্ৰ এ দিনৰ পিছতে আদালতে এই খৰতকীয়া ৰায়দান কৰে।

আৰক্ষীৰ মতে অভিযুক্ত জি শ্ৰীনিবাসে দীৰ্ঘদিন ধৰি নিজৰ জন্মদাতাক অকথ্য নিৰ্যাতন চলাই আছিল। ইয়াৰ পূৰ্বেও তেওঁক আৰক্ষীয়ে সকীয়নি দিছিল rescue যদিও তেওঁৰ আচৰণৰ কোনো সলনি হোৱা নাছিল। অৱশেষত উপায়হীন হৈ বৃদ্ধ দম্পতীয়ে ২১ মে’ত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে অভিযুক্তক ৬০ দিনৰ সш্ৰম কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে সমাজত জ্যেষ্ঠ নাগৰিকৰ বিৰুদ্ধে হোৱা এনে হিংসাত্মক ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ’ব। ছচিয়েল মিডিয়াত এই নিৰ্যাতনৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে সাধাৰণ ৰাইজৰ মাজতো তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে আৰু সকলোৱে পাষণ্ড পুত্ৰজনক ধিক্কাৰ দিছে।

Apply Now

এই ঘটনা সন্দৰ্ভত হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত ভি চি সজ্জনৰে কয় যে বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি এনে ক্ৰুৰতা মানৱতাহীন আৰু এক মাৰাত্মক অপৰাধ। নিজৰ ঘৰতে পিতৃ-মাতৃয়ে ভয়ত থকাৰ পৰিৱৰ্তে সন্মান, সুৰক্ষা আৰু মৰম পাব লাগে বুলি তেওঁ মন্তব্য কৰে। জ্যেষ্ঠ নাগৰিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী বিভাগে বৰ্তমান এক বিশেষ অভিযান চলাই আছে। ইয়াৰ অধীনত বৃদ্ধ-বৃদ্ধাসকলৰ ঘৰলৈ নিয়মীয়া পৰিদৰ্শন, ডায়েল-১০০ত খৰতকীয়া সঁহাৰি, থিতাতে এফআইআৰ পঞ্জীয়ন আৰু জ্যেষ্ঠ বিষয়াৰ প্ৰত্যক্ষ তদাৰকী ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। কোনো জ্যেষ্ঠ নাগৰিকে যদি নিৰ্যাতন বা অৱহেলাৰ সন্মুখীন হৈছে, তেন্তে কোনো ভয় নকৰি পোনপটীয়াকৈ আৰক্ষীৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে।

হায়দৰাবাদৰ এই সমগ্ৰ ঘটনাৰ মাজতে তেলেংগানা চৰকাৰে অলপতে পাছ কৰা এটা নতুন বিধেয়কক লৈও তীব্ৰ চৰ্চা চলিছে। যোৱা ২০২৬ বৰ্ষৰ মাৰ্চ মাহত তেলেংগানা বিধানসভাত তেলেংগানা এম্প্লইজ একাউণ্টেবিলিটি এণ্ড মনিটৰিং অৱ পেৰেণ্টেল চাপৰ্ট বিল, ২০২৬ গৃহীত কৰা হৈছিল। ৰাজ্যখনৰ মুখ্যমন্ত্রী এ ৰেৱন্ত ৰেড্ডীয়ে জনাইছিল যে জ্যেষ্ঠ নাগৰিকসকলৰ অৰ্থনৈতিক নিৰাপত্তা নিশ্চিত কৰাৰ লক্ষ্যৰেই এই আইনখন অনা হৈছে। এই নতুন নিয়ম চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী আৰু জনপ্ৰতিনিধিসকলৰ ক্ষেত্ৰতো সমানে প্ৰযোজ্য হ’ব। এই আইন অনুসৰি যদি কোনো ব্যক্তিয়ে নিজৰ বৃদ্ধ পিতৃ-মাতৃক চোৱাচিতা নকৰে, তেন্তে তেওঁৰ দৰমহাৰ পৰা ১৫ শতাংশ বা সৰ্বাধিক ১০,০০০ টকা কৰ্তন কৰি পিতৃ-মাতৃক দিয়া হ’ব। চৰকাৰৰ মতে ইয়াৰ ফলত বৃদ্ধ বয়সত পিতৃ-মাতৃসকলে অৰ্থনৈতিক আৰু সামাজিক সুৰক্ষা লাভ কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd