• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুত্ৰ সন্তানৰ আশাত ষষ্ঠবাৰলৈ গৰ্ভৱতী ২২ বছৰীয়া যুৱতী, চিকিৎসকৰ তীব্ৰ উদ্বেগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 12:34 pm
91
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বাঘপত জিলাৰ এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞই শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। ভিডিঅ’টোত ৰাজস্থানৰ পৰা অহা এগৰাকী মাত্ৰ ২২ বছৰীয়া গৰ্ভৱতী মহিলাক দেখা গৈছে। আটাইতকৈ আচৰিত কথাটো হ’ল যে এই কম বয়সতে মহিলাগৰাকী ষষ্ঠবাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে। তেওঁলোকৰ ইতিমধ্যে পাঁচোটা সন্তান আছে, কিন্তু পৰিয়ালটোৱে আৰু এটা ল’ৰা সন্তান বিচৰাৰ বাবেই তেওঁ পুনৰ গৰ্ভধাৰণ কৰিবলগীয়া হৈছে।

বৰৌতৰ স্পন্দন হাস্পতালৰ চিকিৎসক ডাঃ প্ৰজ্ঞা তোমৰে গৰ্ভৱতী মহিলাগৰাকীক পৰীক্ষা কৰাৰ সময়ত সোধা-পোচা কৰিছিল। তেতিয়াই পোহৰলৈ আহে যে মহিলাগৰাকীৰ বয়স মাত্ৰ ২২ বছৰ আৰু তেওঁ পাঁচ মাহৰ গৰ্ভৱতী। স্বামীৰ সৈতে অহা মহিলাগৰাকীয়ে জানিবলৈ দিয়ে যে তেওঁলোকৰ বাল্য বিবাহ হৈছিল। মাত্ৰ ১৫ বা ১৬ বছৰ বয়সতে বিয়াত বহা মহিলাগৰাকীৰ ডাঙৰ সন্তানটোৰ বয়স এতিয়া আঠ বছৰ। বৰ্তমান তেওঁলোকৰ চাৰিগৰাকী কন্যা আৰু এটা পুত্ৰ সন্তান আছে।

Apply Now

ইমান কম বয়সতে ইমানবোৰ সন্তান জন্ম দিয়াৰ কাৰণ সোধাত মহিলাগৰাকীয়ে কয় যে একেৰাহে ছোৱালী জন্ম হোৱাৰ বাবেই তেওঁলোকে পুনৰ সন্তান জন্ম দিবলগীয়া হৈছিল। কিন্তু এটা ল’ৰা সন্তান জন্ম হোৱাৰ পিছতো কিয় পুনৰ গৰ্ভধাৰণ কৰিছে বুলি সোধাত স্বামীয়ে উত্তৰ দিয়ে যে মাত্ৰ এটা ল’ৰা সন্তান পৰ্যাপ্ত নহয়, তেওঁলোকক কমেও দুটা ল’ৰা লাগে। ইয়াৰ উপৰিও স্বামীয়ে যুক্তি দৰ্শায় যে পৰিয়ালত সদস্যৰ সংখ্যা বেছি হ’লে ভৱিষ্যতে উপাৰ্জন কৰা মানুহো বেছি হ’ব।

পৰীক্ষাৰ সময়ত মহিলাগৰাকীয়ে মূৰ ঘূৰোৱা আৰু উশাহ লোৱাত কষ্ট পোৱা বুলি চিকিৎসকক জনাইছিল। ডাঃ তোমৰে দম্পতীহালক সকীয়াই দিয়ে যে দুটা সন্তানৰ মাজত প্ৰয়োজনীয় ব্যৱধান নথকাটোৱে মহিলাগৰাকীৰ স্বাস্থ্যলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। বংশ ৰক্ষাৰ নামত এগৰাকী মহিলাৰ জীৱনলৈ নামি অহা এনে বিপদক লৈ চিকিৎসকগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে। তেওঁ ইনষ্টাগ্ৰামত ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখে যে কেৱল পুত্ৰ সন্তানৰ আশাত কাৰোবাৰ জীৱন বিপদত পেলোৱাটো জানো শুদ্ধ।

এই ভিডিঅ’টো ছচিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে নেটিজেনসকলেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বহুতেই স্বামীগৰাকীৰ মন্তব্যক কঠোৰ সমালোচনা কৰিছে আৰু মহিলাগৰাকীৰ স্বাস্থ্যক লৈ চিন্তা ব্যক্ত কৰিছে। এজন ব্যক্তিয়ে প্ৰশ্ন কৰিছে যে যিখন ঘৰত পৰিয়ালক পিন্ধিবলৈ কাপোৰ, থাকিবলৈ ঘৰ আৰু খাবলৈ দিব নোৱাৰে, তেনে বংশ বৃদ্ধি কৰি কি লাভ। আন এজনে লিখিছে যে স্বামীৰ মনত পত্নীৰ প্ৰতি অকণো মৰম বা সন্মান নাই। বৰ্তমানলৈকে প্ৰায় চাৰি কোটি মানুহে এই ভিডিঅ’টো চাইছে আৰু সমাজত আজিও চলি থকা এনে পুৰণি চিন্তাধাৰাক লৈ দুখ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd