• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

এআই ব্যৱহাৰে সঁচাকৈয়ে খৰচ কমায়নে? ডাঙৰ ডাঙৰ কোম্পানীসমূহ মুখামুখি হৈছে নতুন আৰ্থিক চাপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 28, 2026 10:30 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুবছৰত কৃত্রিম বুদ্ধিমত্তা বা এআইক মূলতঃ উৎপাদনশীলতা বৃদ্ধিৰ এক বিপ্লৱ হিচাপে তুলি ধৰা হৈছে। ছফ্টৱেৰ ক’ডিঙৰ পৰা আৰম্ভ কৰি গ্ৰাহক সেৱা, তথ্য বিশ্লেষণ, সমল সৃষ্টি আৰু কাৰ্যালয়ৰ দৈনন্দিন কাম-কাজলৈকে প্ৰায় সকলো ক্ষেত্রতে এআই ব্যৱহাৰৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। বহু সংস্থাই বিশ্বাস কৰিছিল যে এআই ব্যৱহাৰ কৰিলে খৰচ কমিব আৰু কামৰ গতি তথা দক্ষতা দুয়োটাই বাঢ়িব।

কিন্তু এতিয়া পৰিস্থিতিৰ আন এটা দিশহে পোহৰলৈ আহিছে। ডাঙৰ ডাঙৰ প্ৰযুক্তি প্ৰতিষ্ঠান আৰু কৰ্প’ৰেট সংস্থাসমূহে বুজিবলৈ আৰম্ভ কৰিছে যে এআই ব্যৱহাৰৰ প্ৰকৃত খৰচ বহুত বেছি হ’ব পাৰে। বিশেষকৈ সংস্থাৰ ভিতৰত ব্যাপক হাৰত এআই ব্যৱহাৰ হ’বলৈ ধৰাৰ পিছত কম্পিউটিঙৰ খৰচ, ক্লাউড আন্তঃগাঁথনি আৰু টোকেন ব্যৱহাৰৰ ব্যয় অতি খৰতকীয়াভাৱে বৃদ্ধি পাইছে।

Apply Now

শেহতীয়াকৈ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিবেদন আৰু অনলাইন আলোচনাত প্ৰকাশ পাইছে যে একাধিক প্ৰযুক্তি প্ৰতিষ্ঠানে কৰ্মচাৰীসকলৰ এআই ব্যৱহাৰৰ ওপৰত চকু ৰাখিবলৈ আৰম্ভ কৰিছে। কাৰণ, এআই চলাবলৈ যি পৰিমাণৰ প্ৰচেছিং শক্তি আৰু চাৰ্ভাৰ ক্ষমতাৰ প্ৰয়োজন হয়, তাৰ খৰচ বহু ক্ষেত্ৰত প্ৰত্যাশিত ক্ষমতাতকৈ বহু বেছি হৈছে।

এআইয়ে নিশ্চিতভাৱে কামৰ দক্ষতা বৃদ্ধি কৰে, কিন্তু ডাঙৰ পৰিসৰত এআই চলাবলৈ বিপুল কম্পিউটিং ক্ষমতা, ক্লাউড চাৰ্ভাৰ আৰু সংৰক্ষণ ক্ষমতা বা ষ্ট’ৰেজৰ প্ৰয়োজন হয়। আৰম্ভণিতে সৰু পৰিসৰত এআই ব্যৱহাৰৰ খৰচ নিয়ন্ত্ৰণত থাকলেও, যেতিয়া এটা প্ৰতিষ্ঠানৰ বিভিন্ন বিভাগত একেলগে এআইৰ ব্যৱহাৰ বাঢ়ি যায়, তেতিয়া ইয়াৰ ব্যয়ো অতি দ্ৰুতগতিত বৃদ্ধি পায়।

এই গোটেই সমস্যাটোৰ কেন্দ্ৰবিন্দুতে আছে এটা গুৰুত্বপূৰ্ণ বিষয়, যাক টোকেন বুলি কোৱা হয়। সাধাৰণ ব্যৱহাৰকাৰীসকলৰ অনেকেই এই বিষয়টোৰ সন্দৰ্ভত অৱগত নহয়। এআই মডেলে কোনো কথা পঢ়া, বিশ্লেষণ কৰা বা উত্তৰ প্ৰস্তুত কৰাৰ সময়ত এই টোকেন ব্যৱহাৰ কৰে। অৰ্থাৎ, প্ৰতিটো প্ৰশ্ন, প্ৰতিবেদন, ই-মেইল, ক’ডিং, নথিপত্ৰ প্ৰচেছিং বা চেটবটৰ উত্তৰ তৈয়াৰ কৰাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ টোকেন খৰচ হয়।

এটা বা দুটা অনুৰোধত সেই খৰচ অতি কম যেন লাগিব পাৰে, কিন্তু হাজাৰ হাজাৰ কৰ্মচাৰীয়ে যদি গোটেই দিনটো এআই সঁজুলি ব্যৱহাৰ কৰে, তেন্তে মুঠ টোকেন ব্যৱহাৰৰ পৰিমাণ বিপুল হৈ পৰে। ইয়াৰ সৈতে উচ্চ ক্ষমতাসম্পন্ন চাৰ্ভাৰ আৰু ক্লাউড সেৱাৰ খৰচো যোগ হয়।

বিশেষজ্ঞদের মতে, অনাগত দিনত এআই ব্যৱহাৰৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কেৱল উন্নত প্ৰযুক্তি তৈয়াৰ কৰাই নহয়, বৰঞ্চ সেই প্ৰযুক্তিক দীৰ্ঘম্যাদীভাৱে আৰ্থিক দিশৰ পৰা টিকাই ৰখাটোহে। বহু সংস্থাই এতিয়া এআই ব্যৱহাৰৰ ক্ষেত্ৰত সীমা নিৰ্ধাৰণ কৰা, নিৰ্দিষ্ট কামৰ বাবে এআই ব্যৱহাৰৰ নীতি প্ৰস্তুত কৰা আৰু ব্যয় নিয়ন্ত্ৰণৰ কৌশল সন্দৰ্ভত চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd