যোৱা দুবছৰ ধৰি ভাৰতত বৰষুণৰ পৰিমাণ অতি ভাল আছিল। ২০২৪ আৰু ২০২৫ চনত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ ফলত নদী আৰু বান্ধবোৰ পানীৰে ভৰি পৰিছিল আৰু কৃষকসকলেও একেৰাহে দুবাৰকৈ ভাল খেতি কৰিবলৈ সক্ষম হৈছিল। কিন্তু ২০২৬ চনত এই ভাল দিনবোৰৰ অন্ত পৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।
যোৱা ২৯ মে’ত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে নিশ্চিত কৰিছে যে এই বছৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হোৱা দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত স্বাভাৱিকতকৈ মাত্ৰ ৯০ শতাংশহে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দেশৰ প্ৰায় ৭০ শতাংশ বৰষুণ এই সময়ছোৱাতেই হয়। যদি এই আগজাননী সঁচা প্ৰমাণিত হয়, তেন্তে ২০২৬ চনটো যোৱা এক দশকৰ ভিতৰত ভাৰতৰ বাবে আটাইতকৈ শুকান বৰ্ষ হ’ব পাৰে। ইয়াৰ পূৰ্বে ২০১৫ চনত বৰষুণৰ পৰিমাণ ৯০ শতাংশতকৈ তললৈ নামিছিল, যাৰ ফলত দেশৰ বহু অংশত তীব্ৰ খৰাং, শস্যৰ ক্ষতি আৰু খোৱাপানীৰ তীব্ৰ নাটনি দেখা গৈছিল।
বতৰ বিজ্ঞান বিভাগৰ মেপ অনুসৰি এইবাৰ উত্তৰ-পূব ভাৰতৰ কিছু অংশক বাদ দি সমগ্ৰ দেশতেই স্বাভাৱিকতকৈ কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আটাইতকৈ চিন্তনীয় কথাটো হ‘ল যে একেবাৰে কম বৰষুণ হোৱাৰ বা খৰাং পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা এতিয়া ৬০ শতাংশলৈ বৃদ্ধি পাইছে। সাধাৰণতে যিকোনো বছৰত এনে বেয়া পৰিস্থিতি হোৱাৰ সম্ভাৱনা মাত্ৰ ১৬ শতাংশহে থাকে। কিন্তু এইবাৰ এই ভয়ংকৰ পৰিস্থিতিৰ আঁৰৰ মূল কাৰণ হৈছে এল নিনো, যিটো এতিয়াও সম্পূৰ্ণৰূপে শক্তিশালী হোৱাই নাই।
এল নিনো আচলতে কি তাক বুজিবলৈ হ‘লে প্ৰশান্ত মহাসাগৰৰ কথা জানিব লাগিব। সাধাৰণ অৱস্থাত বতাহে গৰম পানীবোৰ ইণ্ডোনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ ফালে ঠেলি দিয়ে। কিন্তু এল নিনোৰ সময়ত এই বতাহ দুৰ্বল হৈ পৰে আৰু গৰম পানীবোৰ দক্ষিণ আমেৰিকাৰ ফালে ঘূৰি আহে। ইয়াৰ ফলত প্ৰশান্ত মহাসাগৰৰ পানী অস্বাভাৱিকভাৱে গৰম হৈ পৰে আৰু ই ভাৰতৰ মৌচুমী বতাহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। ভাৰতলৈ অহা জলীয় বাষ্পপূৰ্ণ বতাহৰ গতিপথ সলনি হৈ যায়, যাৰ ফলত দেশত বৰষুণৰ পৰিমাণ একেবাৰে কমি যায়।
বৰ্তমান প্ৰশান্ত মহাসাগৰত এল নিনোৰ পৰিৱেশ গঢ় লৈ উঠিছে আৰু বাৰিষাৰ সময়ছোৱাত ই অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। এই সময়টো কৃষকসকলৰ বাবে অতি বিপদজনক। কাৰণ বৰষুণৰ এই চাৰিমহীয়া সময়ছোৱাৰ শেষৰ মাহটো অৰ্থাৎ ছেপ্টেম্বৰ মাহত খেতিৰ আটাইতকৈ বেছি ক্ষতি হোৱাৰ আশংকা থাকে। ধান আৰু অন্যান্য শস্যত গুটি ধৰাৰ সময়ত নিয়মীয়া বৰষুণৰ অতি প্ৰয়োজন। যদি ছেপ্টেম্বৰ মাহত এল নিনো অধিক শক্তিশালী হয়, তেন্তে ই কৃষকসকললৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিব। কেৱল ভাৰতেই নহয়, অষ্ট্ৰেলিয়া, চীন আৰু নাছাৰ দৰে সংস্থাসমূহেও এল নিনোৰ আগমণৰ কথা নিশ্চিত কৰিছে।
আন কিছুমান বছৰত এল নিনোৰ প্ৰভাৱ থাকিলেও ভাৰত মহাসাগৰৰ ইণ্ডিয়ান অ‘চেন ডাইপ‘ল নামৰ এক প্ৰাকৃতিক পৰিঘটনাই ভাৰতত বৰষুণ হোৱাত সহায় কৰে। ১৯৯৭ চনত এনেকুৱাই হৈছিল। কিন্তু এই বছৰ ভাৰত মহাসাগৰৰ ফালৰ পৰাও কোনো সহায় পোৱাৰ আশা নাই। বতৰ বিজ্ঞান বিভাগৰ মতে গুজৰাটৰ পৰা ওড়িশালৈকে বিস্তৃত হৈ থকা দেশৰ মূল কৃষিপ্ৰধান অঞ্চলবোৰত এইবাৰ স্বাভাৱিকতকৈ কম বৰষুণ হ‘ব। ভাৰতৰ প্ৰায় ৬০ শতাংশ কৃষকেই জলসিঞ্চনৰ ব্যৱস্থা নথকাৰ বাবে কেৱল বৰষুণৰ ওপৰতেই নিৰ্ভৰ কৰে। সেয়েহে বৰষুণৰ অভাৱৰ অৰ্থ হ‘ল শস্যৰ উৎপাদন হ্ৰাস পোৱা আৰু খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা, যিয়ে সাধাৰণ মানুহক বাৰুকৈয়ে জলাকলা খুৱাব।
অৱশ্যে এল নিনো মানেই যে নিশ্চিতভাৱে খৰাং হ‘ব তেনে নহয়। অতীতত এনে বহু এল নিনোৰ বছৰতো ভাৰতত স্বাভাৱিক বৰষুণ হৈছে। বতৰ বিজ্ঞান বিভাগে জুন মাহৰ শেষৰ ফালে পুনৰ নতুন আগজাননী প্ৰদান কৰিব। কিন্তু বৰ্তমানৰ পৰিস্থিতিলৈ চাই এনেকুৱাই লাগিছে যে যোৱা দহ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ মানুহে বৰষুণ ভাল হ‘বনে নহয় সেইটো নাভাবি, বৰষুণৰ অভাৱে কিমান ভয়ংকৰ ৰূপ ল‘ব পাৰে সেইটোহে চিন্তা কৰিবলগীয়া হৈছে।




