• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অমৰত্বৰ সন্ধান পুটিনৰ! বাৰ্ধক্য ৰোধৰ বাবে ২৬ বিলিয়ন ডলাৰৰ মেগা প্ৰজেক্ট আৰম্ভ কৰিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 11:35 am
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খালী গাৰে ঘোঁৰা চালনা, হাড় কঁপোৱা ঠাণ্ডাত বৰফৰ পানীত গা ধোৱা বা আইচ হকী খেলা। সত্তৰ বছৰ বয়সতো ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিজৰ চিৰ তৰুণ ‘অজেয়’ ভাবমূৰ্তি বিশ্বৰ আগত দাঙি ধৰি ভাল পায়। কিন্তু এই বাহ্যিক ফিটনেছৰ আঁৰত চিৰদিনৰ বাবে ৰাজকুমাৰ হৈ থকাৰ প্ৰবল ইচ্ছা আছে নেকি?

শেহতীয়াকৈ আমেৰিকাৰ বাতৰি কাকত ‘দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল’ৰ এক প্ৰতিবেদনে এই চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। কেৱল ব্যক্তিগত ইচ্ছা নহয়, পুটিনৰ ‘অমৰত্ব’ লাভৰ ইচ্ছা এতিয়া ৰাছিয়াৰ চৰকাৰৰ নীতিত পৰিণত হৈছে। বাৰ্ধক্য ৰোধ আৰু মানুহৰ আয়ুস বৃদ্ধিৰ বাবে পুটিন প্ৰশাসনে প্ৰায় ২৬ বিলিয়ন ডলাৰ (২ লাখ কোটি টকাতকৈও অধিক) ব্যয় সাপেক্ষে ‘নিউ হেল্থ প্ৰিজাৰ্ভেচন টেকন’লজিছ’ নামৰ এক বিশেষ চৰকাৰী প্ৰকল্প আৰম্ভ কৰিছে।

Apply Now

২০২৪ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এই মেগা প্ৰজেক্টৰ মূল লক্ষ্য হৈছে ভৱিষ্যতে মানুহৰ অংগসমূহ কৃত্ৰিমভাৱে সলনি কৰি মানুহৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰা আৰু আয়ুস বৃদ্ধি কৰা। এই কালজয়ী প্ৰচেষ্টাত মূলতঃ চাৰিটা অত্যাধুনিক প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। জিন থেৰাপি, থ্ৰীডি বায়’প্ৰিণ্টিং, জেনোট্ৰান্সপ্লাণ্টেচন, আৰু ক্ৰাইঅ’থেৰাপি।

ইতিমধ্যে ৰাছিয়াৰ উপ-বিজ্ঞানমন্ত্ৰী ডেনিছ চেকিৰিনস্কিয়ে দাবী কৰিছে যে জিন থেৰাপীৰ জৰিয়তে কোষৰ বাৰ্ধক্য প্ৰতিৰোধৰ বাবে তেওঁলোকে প্ৰস্তুত কৰা ঔষধটো বাৰ্ধক্যৰ বিৰুদ্ধে যুঁজত মানৱ জাতিৰ আটাইতকৈ ডাঙৰ আহিলা হ’ব। আনহাতে, থ্ৰীডি বায়’প্ৰিণ্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি পৰীক্ষাগাৰত জীৱিত কোষৰ পৰা মানৱ অংগ সৃষ্টিৰ বাবে গৱেষণা চলি আছে।

ৰাছিয়াৰ বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকে ইতিমধ্যে এন্দুৰৰ থাইৰয়ড গ্ৰন্থি আৰু মানুহৰ যুৱ অস্থি (কাৰ্টিলেজ)ৰ কলাৰ সফলতাৰে বায়’প্ৰিণ্ট কৰিছে। লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত সলনি কৰিব পৰা সম্পূৰ্ণ মানৱ অংগ সৃষ্টি। ইয়াৰ উপৰিও ক্ৰেমলিনৰ ছত্ৰছায়াত অবিশ্বাস্য গৱেষণাও চলি আছে, যেনে জিন’ট্ৰান্সপ্লাণ্টেচনৰ জৰিয়তে জিনীয়ভাৱে পৰিৱৰ্তিত ‘মিনি-পিগ’ বা সৰু গাহৰিত মানুহৰ অংগ বৃদ্ধি কৰা।

কিন্তু পুটিনৰ বয়স বৃদ্ধি প্ৰতিৰোধী বা বয়স বজাই ৰখাৰ উন্মাদনা হঠাতে আৰম্ভ হোৱা নাছিল। ক্ৰেমলিনৰ প্ৰেছ সেৱাই ইমেইলযোগেও স্বীকাৰ কৰে যে ৰাছিয়াত ইয়াৰ সৈতে জড়িত কেইবাটাও বৈজ্ঞানিক কাৰ্যসূচী চলি আছে আৰু চৰকাৰে ইয়াৰ বাবে সম্পূৰ্ণ আৰ্থিক সহায় আগবঢ়াইছে।

যোৱা বছৰ বেইজিঙত সামৰিক পেৰেডৰ সময়ত পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ মাজত দীৰ্ঘায়ু সম্পৰ্কে গোপন কথা-বতৰা ৰেকৰ্ড কৰা হৈছিল। তাত পুটিনে কোৱা শুনা যায় যে, “মানুহে ইচ্ছা কৰিলে নিজৰ অংগ সলনি কৰি অমৰ হ’ব পাৰে।” প্ৰথম অৱস্থাত বহুতে একে বয়সৰ দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত হোৱা এই আলোচনাক কৌতুক বুলি ভাবিছিল যদিও ৰাছিয়াৰ এই বিশাল বাজেট প্ৰকল্পটো পোহৰলৈ অহাৰ পিছত আন্তঃৰাষ্ট্ৰীয় সমাজক জোকাৰি গৈছে।

আমোদজনক কথাটো হ’ল, ৰাছিয়াত সাধাৰণ পুৰুষৰ গড় আয়ুস মাত্ৰ ৬৮ বছৰ হ’লেও দেশখনৰ ৰাষ্ট্ৰপতিৰ অমৰ হোৱাৰ এই জোৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ। কোভিড যুগৰ পৰাই পুটিনে নিজৰ স্বাস্থ্যৰ প্ৰতি অতিৰিক্ত সতৰ্কতা অৱলম্বন কৰি আহিছে। তেওঁৰ শাৰীৰিক কঁপনি আৰু ‘বডি ডাবল’ৰ ব্যৱহাৰৰ উৰাবাতৰি বহুদিনৰ পৰাই চলি আহিছে।

আটাইতকৈ আচৰিত কথাটো হ’ল যে ৰাছিয়াৰ এই গোপন ‘অমৰত্ব’ অভিযানৰ প্ৰেৰণা পুটিনৰ নিজৰ বৃত্তৰ ভিতৰতে আছে। সমগ্ৰ প্ৰকল্পটোৰ মূলতে আছে পুটিনৰ বিশেষ সুবিধাপ্ৰাপ্ত কন্যা মাৰিয়া ভ’ৰ’নটছ’ভা, যি নিজেই এগৰাকী বিখ্যাত এণ্ড’ক্ৰাইন’লজিষ্ট আৰু ৰাছিয়াৰ কেইবাটাও জেনেটিক্স কাৰ্যসূচীৰ তদাৰক কৰে। তেওঁৰ সৈতে আছে ছোভিয়েট যুগৰ কুৰ্চাটভ ইনষ্টিটিউটৰ মুৰব্বী মিখাইল কোভালচুক। কোভালচুকৰ অকপট মন্তব্য, ‘এতিয়াই অমৰত্বৰ বিষয়ে নিশ্চিতভাৱে কিবা কোৱাটো কঠিন, কিন্তু এইটো নিশ্চিত যে মানুহৰ ক্ষতিগ্ৰস্ত অংগ মেৰামতি কৰাৰ ক্ষমতা বহুগুণে বৃদ্ধি পাব।’

ছিলিকন ভেলীৰ কোটিপতি জেফ বেজ’ছ, ছেম অল্টমেন বা পিটাৰ থিলৰ দৰে পুটিনেও এতিয়া ৰাছিয়াক বয়স বৃদ্ধি প্ৰতিৰোধী গৱেষণাৰ ক্ষেত্ৰত বিশ্ব শক্তি হিচাপে গঢ়ি তুলিবলৈ আতুৰ হৈ পৰিছে। চৰকাৰে দাবী কৰিছে যে এই দশকৰ শেষলৈকে এই প্ৰযুক্তিৰ জৰিয়তে প্ৰায় ১ লাখ ৭৫ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰা সম্ভৱ।

কিন্তু আন্তঃৰাষ্ট্ৰীয় বৈজ্ঞানিক সমাজে এই দাবীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাই। সমালোচকৰ মতে ইউক্ৰেইনৰ যুদ্ধৰ পিছত ৰাছিয়াই বিশ্ব বৈজ্ঞানিক সমাজৰ পৰা বিচ্ছিন্ন হোৱাৰ বাবে এই গৱেষণা কোনো নিৰপেক্ষ ‘পিয়াৰ-ৰিভিউ’ বা আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পোৱা নাই। ফলত ৰাছিয়াৰ বিজ্ঞানীসকলে ৰাজনৈতিক অনুদান ধৰি ৰখাৰ সফলতাক অতিৰঞ্জিত কৰি দেখুওৱাৰ সন্দেহৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm

ইছলামাবাদত মুকলিকৈ ঘূৰিছে কুখ্যাত সন্ত্ৰাসবাদী চাইফুল্লা কাচুৰী: শ্বোয়েব আখতাৰৰ ভাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত লস্কৰৰ নেতা

June 27, 2026 1:11 pm
সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি! টলিউডত নতুন চিনেমা, ‘লাভ ইউ জুবিন দা’, অভিনয়ত কোন কোন?

June 27, 2026 1:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd