আমেৰিকাৰ প্ৰযুক্তি জগতৰ ধনাঢ্য ব্যক্তি জেফ বেজ’ছ, ছেম অল্টমেন বা পিটাৰ থিয়েলৰ দৰে মানুহৰ আয়ুস বঢ়োৱাৰ বাবে বিলিয়ন বিলিয়ন ডলাৰ খৰচ কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনেও। অৱশ্যে এই গৱেষণাসমূহৰ বৈজ্ঞানিক ভিত্তিত লৈ একাংশ সমালোচকে সন্দেহ প্ৰকাশ কৰিছে। ৱাল ষ্ট্ৰীট জাৰ্নেলৰ এক প্ৰতিবেদন অনুসৰি, কোষৰ বাৰ্ধক্য ৰোধ কৰিবলৈ জিন-থেৰাপীৰ দৰে ঔষধ প্ৰস্তুত কৰাৰ বাবে ৭৩ বছৰীয়া ৰাছিয়ান ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰী পৰ্যায়ৰ গৱেষণাত প্ৰায় ২৬ বিলিয়ন ডলাৰ আৱণ্টন কৰিছে। এই প্ৰকল্পটোৰ নাম দিয়া হৈছে নিউ হেল্থ প্ৰিজাৰভেচন টেকন’লজিছ।
যোৱা মাহত ৰাছিয়া চৰকাৰে ঘোষণা কৰিছিল যে এই প্ৰকল্পৰ অধীনত বিজ্ঞানীসকলে যি জিন থেৰাপী তৈয়াৰ কৰিছে, সেয়া কোষৰ বাৰ্ধক্যৰ গতি লেহেমীয়া কৰিব পাৰে। ৰাছিয়াৰ উপ-বিজ্ঞান মন্ত্ৰী ডেনিছ ছেকিৰিনস্কিয়ে এপ্ৰিল মাহত দাবী কৰিছিল যে এই ঔষধ বাৰ্ধক্যৰ বিৰুদ্ধে যুঁজত আটাইতকৈ আশাব্যঞ্জক সম্ভাৱনাবোৰৰ ভিতৰত অন্যতম। পিছে পুটিনৰ এই দীৰ্ঘায়ু লাভৰ ইচ্ছা নতুন নহয়। ১৬ বছৰ বয়সৰ পৰাই হেনো তেওঁ এই বিষয়টোত আসক্ত। সেই নিচাৰ পৰাই যোৱা কেইবা দশক ধৰি তেওঁ এনে একাধিক প্ৰকল্পত উৎসাহ দি আহিছে। পুটিনৰ নিৰ্দেশত চলি থকা আন গৱেষণাসমূহৰ ভিতৰত আছে জেনোট্ৰান্সপ্লাণ্টেচন বা গাহৰিৰ শৰীৰত মানুহৰ অংগ তৈয়াৰ কৰি সেয়া প্ৰতিষ্ঠাপন কৰা আৰু থ্ৰী-ডি প্ৰিণ্টাৰৰ সহায়ত জীৱন্ত কোষৰ অৱয়ব তৈয়াৰ কৰা।
ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰতিবেদনত কোৱা হৈছে যে ৰাছিয়া চৰকাৰৰ অনুদানত গৱেষণা চলাই থকা বিজ্ঞানীসকলে ইতিমধ্যে নিগনিৰ থাইৰইড গ্ৰন্থি আৰু মানুহৰ কাৰ্টিলেজ টিছু তৈয়াৰ কৰাত সফল হৈছে। চলিত দশকৰ শেষৰ ফালে মানুহৰ সম্পূৰ্ণ অংগ প্ৰতিষ্ঠাপনৰ উপযোগী কৰি ইয়াক তৈয়াৰ কৰিব পৰা যাব বুলি তেওঁলোকে দাবী কৰিছে। ২০২৪ চনৰ এপ্ৰিল মাহত পুটিনে নিজেই ৰাজহুৱাভাৱে এই উদ্যোগৰ কথা ঘোষণা কৰিছিল। ২০৩০ চনৰ ভিতৰত এই আধুনিক চিকিৎসা পদ্ধতিৰ জৰিয়তে প্ৰায় পৌনে দুই লাখ মানুহৰ প্ৰাণ ৰক্ষা কৰা সম্ভৱ হ’ব বুলিও তেওঁ দাবী কৰিছিল। এই উদ্যোগৰ নেতৃত্বত আছে পুটিনৰ নিজৰ কন্যা, ৪১ বছৰীয়া হৰম’ন বিশেষজ্ঞ মাৰিয়া ভোৰোণ্তছোভা। চৰকাৰী জিনতত্ত্ব সম্পৰ্কীয় প্ৰকল্পসমূহৰ তদাৰক তেৱেঁই কৰি আছে। ইয়াৰ লগতে প্ৰখ্যাত ৰাছিয়ান পদাৰ্থবিদ মিখাইল কোভালচুকো এই প্ৰকল্পৰ নেতৃত্বত আছে। তেওঁৰ ভাতৃ ইউৰি আকৌ পুটিনৰ ঘনিষ্ঠ বুলি পৰিচিত।
অৱশ্যে সমালোচকসকলে কয় যে এই সম্পৰ্কীয় গৱেষণাপত্ৰ বিশেষজ্ঞ মহলত পৰ্যালোচনা হৈ প্ৰকাশ পোৱাৰ নজিৰ প্ৰায় নাই। যোৱা বিশ বছৰতকৈও অধিক সময় ক্ষমতাত থকা ৰাছিয়াৰ প্ৰতাপী নেতাজনক সন্তুষ্ট ৰাখিবলৈকে গৱেষকসকলৰ এই অংশটোৱে হয়তো তেওঁৰ সকলো কথাত হয়ভৰ দিছে। ২০২২ চনত ইউক্ৰেইন যুদ্ধৰ পিছত দেশ এৰা ৰাছিয়াৰ এজন বিজ্ঞানী আলেকজেণ্ডাৰ অস্ত্ৰভস্কিয়ে কয় যে পুটিনে যি শুনিব বিচাৰে, গৱেষকসকলে কেৱল ধন পাবলৈ তাকেই কৈ আছে। আন বিশ্ব নেতাসকলৰ লগতো পুটিনে নিজৰ দীৰ্ঘায়ু পৰিকল্পনাৰ বিষয়ে বহুবাৰ কথা পাতিছে। ধাৰণা কৰা হয় যে দীৰ্ঘায়ুকলৈ পুটিনৰ এই মোহ আৰম্ভ হৈছিল ১৯৬৮ চনত মুক্তি পোৱা ছোভিয়েট চলচ্চিত্ৰ ডেড ছিজনেৰ পৰা। দীৰ্ঘায়ুক লৈ থকা এই মোহ আৰু তেওঁৰ স্বাস্থ্যৰ প্ৰতি থকা অতিৰিক্ত সচেতনতাৰ বাবেই যোৱা কেইবছৰমান ধৰি তেওঁৰ স্বাস্থ্যক লৈ বিভিন্ন জল্পনা-কল্পনা চলি আহিছে। একাংশৰ মতে পুটিন বৰ্তমান অসুস্থ আৰু ৰাছিয়াৰ জনসাধাৰণক প্ৰতাৰণা কৰিবলৈ তেওঁৰ স্থানত বডী ডাবল বা নকল মানুহ ব্যৱহাৰ কৰা হৈছে বুলিও উৰাবাতৰি বিয়পি পৰিছে।





