দক্ষিণ দিল্লীত সংঘটিত হৈছে বৃহৎ দুৰ্ঘটনা। হঠাৎ ভাঙি পৰিল এটা পাঁচ মহলীয়া অট্টালিকা। ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পাইছে। আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, দক্ষিণ দিল্লীৰ মেহৰৌলী থানাৰ অন্তৰ্গত চৈদুলাজাব অঞ্চলত শনিবাৰে সন্ধিয়া সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে পাঁচ মহলীয়া অট্টালিকাটো হঠাতে তীব্ৰ শব্দ কৰি ভাঙি পৰে। কিছু মুহূৰ্তৰ ভিতৰতে সমগ্ৰ অঞ্চলটো ধূলিৰে গূসৰিত হৈ পৰে। স্থানীয় বাসিন্দাসকল আতংকিত হৈ ৰাজপথলৈ ওলাই আহে।
তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। উদ্ধাৰ অভিযান আৰম্ভ হৈছে। ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোককেইজনৰ সন্ধান চলোৱা হৈছে। এতিয়াও ভিতৰত কিমানজন আবদ্ধ হৈ আছে সেয়া স্পষ্ট হোৱা নাই। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক পোত যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে প্ৰশাসনে।
ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী জোৱান মোতায়েন কৰা হৈছে। উদ্ধাৰ অভিযানত প্ৰয়োজনীয় সা-সঁজুলি ব্যৱহাৰ কৰা হৈছে। স্থানীয় লোকক নিৰাপদ দূৰত্বলৈ স্থানান্তৰ কৰা হৈছে। আহতসকলক ক্ষিপ্ৰতাৰে চিকিৎসালয়লৈ প্ৰেৰণৰ বাবে এম্বুলেন্সকো সাজু কৰি ৰখা হৈছে।
বহুমহলীয়া ভৱনটো ভাঙি পৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে। অট্টালিকাটো নিৰ্মাণত কোনো ত্ৰুটি আছিল নেকি বা আন কোনো গাফিলতি আছিল নেকি সেই বিষয়ে তদন্ত চলি আছে।
দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনা আৰু উদ্বিগ্নতাৰ পৰিৱেশৰ সৃষ্টি হৈছে। উদ্ধাৰ কাম সম্পূৰ্ণ নোহোৱালৈকে হতাহতৰ সঠিক সংখ্যা জানিব পৰা নাযাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
স্থানীয় প্ৰশাসনে দাবী কৰিছে যে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা সকলোকে ক্ষিপ্ৰতাৰে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে প্ৰশাসনে।





