ভাৰতৰ কৰ্প‘ৰেট খণ্ড আৰু অৰ্থনীতিত এল জি বি টি কিউ সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিৰ বিষয়টোৱে শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ মোৰ লৈছে। দীৰ্ঘদিন ধৰি কেৱল সামাজিক আৰু আইনী পৰিসৰত আৱদ্ধ হৈ থকা এই আলোচনাই এতিয়া অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কৰ্প’ৰেট ব’ৰ্ডৰুমসমূহত স্থান লাভ কৰিছে। নিযুক্তি, কৰ্মচাৰী ধৰি ৰখা, উৎপাদনশীলতা, উপভোক্তাৰ আচৰণ, আৰু স্বাস্থ্যসেৱাৰ ব্যয় আদি বৰ্তমান এই আলোচনাৰ অংশ হৈ পৰিছে। বিশ্ব বেংকৰ সমৰ্থিত এখন শেহতীয়া প্ৰতিবেদন অনুসৰি, এল জি বি টি কিউ সম্প্ৰদায়ক প্ৰান্তিককৰণ বা বৈষম্যৰ বলি কৰাৰ ফলত ভাৰতে প্ৰতি বছৰে ১.৯ বিলিয়নৰ পৰা ৩০.৮ বিলিয়ন ডলাৰলৈকে বৃহৎ অৰ্থনৈতিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। এই ক্ষতিৰ পৰিমাণ দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (GDP) ০.১ শতাংশৰ পৰা ১.৭ শতাংশৰ সমকক্ষ। প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে প্ৰকৃত ক্ষতিৰ পৰিমাণ ইয়াতকৈ অধিক হ’ব পাৰে, কিয়নো শিক্ষাৰ পৰা বঞ্চনা আৰু প্ৰতিভাৱান ব্যক্তিৰ দেশান্তৰ হোৱাৰ দৰে কাৰকসমূহ ইয়াত সম্পূৰ্ণৰূপে জুখিব পৰা হোৱা নাই।
এই বৈষম্য কেৱল সামাজিক স্তৰতে আৱদ্ধ হৈ থকা নাই, বৰঞ্চ ইয়াৰ প্ৰভাৱ শ্ৰম বজাৰ, কৰ্প’ৰেট প্ৰদৰ্শন আৰু স্বাস্থ্য খণ্ডতো বিয়পি পৰিছে। কৰ্মক্ষেত্ৰত হোৱা বৈষম্য আৰু নিৰাপত্তাহীনতাৰ ফলত এই সম্প্ৰদায়ৰ পুৰুষসকলৰ মাজত হতাশাৰ হাৰ সাধাৰণ জনসংখ্যাতকৈ ছয়ৰ পৰা বাৰ গুণ অধিক আৰু আত্মহননৰ প্ৰৱণতা সাতৰ পৰা চৈধ্য গুণলৈকে বেছি দেখা গৈছে। সমকামী পুৰুষৰ মাজত এইচ আই ভি সংক্ৰমণৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ ১৫ গুণ অধিক বুলি অনুমান কৰা হৈছে। কেৱল স্বাস্থ্যজনিত কাৰণতেই ভাৰতৰ বাৰ্ষিক অৰ্থনৈতিক ক্ষতিৰ পৰিমাণ ৭১২ মিলিয়নৰ পৰা ২৩.১ বিলিয়ন ডলাৰ বুলি অধ্যয়নটোত প্ৰকাশ পাইছে।
বৰ্তমান সময়ত ব্ৰেণ্ডসমূহৰ বাবে কুইয়াৰ উপভোক্তাসকলৰ বজাৰখনক আওকাণ কৰাটো অসম্ভৱ হৈ পৰিছে। দ্য ললিত চুৰী হস্পিটেলিটী গ্ৰুপৰ কাৰ্যবাহী সঞ্চালক কেশৱ চুৰীয়ে প্ৰকাশ কৰা অনুসৰি, ভাৰতত প্ৰায় ১৩৫ৰ পৰা ১৪০ মিলিয়ন কুইয়াৰ ব্যক্তি আছে আৰু তেওঁলোকৰ ক্ৰয় ক্ষমতা প্ৰায় ১৬৮ বিলিয়ন ডলাৰ। উপভোক্তাসকলৰ আচৰণ সন্দৰ্ভত আশা মিট-আপৰ সহ-প্ৰতিষ্ঠাপক ছাহিল আশা বাৰ্মাই স্পষ্ট কৰি দিছে যে বৰ্তমান যুগত মুকলিকৈ কুইয়াৰ-বিৰোধী মনোভাৱ পোষণ কৰা কোনো প্ৰতিষ্ঠানক তেওঁলোকে আৰ্থিকভাৱে সমৰ্থন নকৰে। একেদৰে, ড্ৰেগ কুইন বেট্টা নান ষ্টপেও মন্তব্য কৰিছে যে মুকলিকৈ সমৰ্থন আগবঢ়োৱা ব্ৰেণ্ডসমূহৰ সৈতেহে তেওঁলোকে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰিবলৈ আগ্ৰহী। আনহাতে, সুয়শ শ্ৰীবাস্তৱে উল্লেখ কৰিছে যে কুইয়াৰ-বিৰোধী হোৱাটো যিকোনো ব্ৰেণ্ডৰ বাবে এক নেতিবাচক দিশ যদিও গ্ৰাহকৰ সিদ্ধান্তত সামগ্ৰীৰ মূল্য আৰু গুণাগুণেও যথেষ্ট প্ৰভাৱ পেলায়।
কৰ্প‘ৰেট খণ্ডত প্ৰতিভাৱান কৰ্মী নিয়োগ আৰু ধৰি ৰখাৰ স্বাৰ্থত এতিয়া বৈচিত্ৰ্য, সমতা আৰু অন্তৰ্ভুক্তিকৰণ কাৰ্যসূচীৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। গোদৰেজ গ্ৰুপৰ ডি ই আই লেবৰ মুৰব্বী পৰমেশ শ্বাহানীয়ে জানিবলৈ দিয়া মতে, ২০৩১ চনৰ ভিতৰত তেওঁলোকৰ মুঠ কৰ্মচাৰীৰ ৪০ শতাংশ মহিলা, বিশেষভাৱে সক্ষম ব্যক্তি আৰু এল জি বি টি কিউ সম্প্ৰদায়ৰ লোক হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। একেদৰে টাটা ষ্টীলৰ মোজাইক, গোল্ডমেন চেক্সৰ আভ্যন্তৰীণ নেটৱৰ্ক, আৰু বাৰ্কলেজ ইণ্ডিয়াৰ স্পেকট্ৰাম আদিৰ জৰিয়তে কৰ্মক্ষেত্ৰত সজাগতা আৰু নিৰাপদ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। আতিথ্য খণ্ডতো এই পৰিৱৰ্তন স্পষ্টভাৱে দৃষ্টিগোচৰ হৈছে, য’ত পি আৰ মেনেজাৰ আন্দ্ৰে জেনীয়ে মন্তব্য কৰিছে যে তেওঁলোকে হোটেলত কেৱল শোৱাৰ ঠাই নিবিচাৰে, বৰঞ্চ লবীত প্ৰৱেশ কৰি স্বাধীনভাৱে আৰু সন্মানেৰে বিচৰণ কৰিব পৰা পৰিৱেশ বিচাৰে।
সামগ্ৰিকভাৱে, ২০১৮ চনত ধাৰা ৩৭৭ বাতিল হোৱাৰ পিছত নগৰীয়া অঞ্চলসমূহত দৃশ্যমানতা বৃদ্ধি পাইছে যদিও আইনী স্বীকৃতি আৰু সামাজিক গ্ৰহণযোগ্যতাৰ অভাৱ আজিও এক প্ৰধান প্ৰত্যাহ্বান হৈয়ে আছে। ভাৰতে নিজকে এক বিশ্বব্যাপী সেৱা কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত অগ্ৰসৰ হোৱাৰ সময়ত কৰ্প’ৰেট প্ৰতিষ্ঠান আৰু নীতি নিৰ্ধাৰকসকলৰ বাবে এই বৈষম্যমূলক মনোভাৱৰ অৰ্থনৈতিক প্ৰভাৱক আওকাণ কৰাটো ক্ৰমান্বয়ে অসম্ভৱ হৈ পৰিছে।




