উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত পোহৰলৈ আহিছে এক লোমহৰ্ষক অমানৱীয় ঘটনা। এগৰাকী মহিলাই বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ প্ৰতিশোধ ল’বলৈ গৈ জিতেন্দ্ৰ পাঠক ওৰফে বিৰাজ নামৰ যুৱকজনে মহিলাগৰাকীৰ ডেৰ বছৰীয়া নিৰীহ শিশুটিক মাটিত আছাৰি হত্যা কৰে। শনিবাৰে সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ পাছতে পলায়ন কৰা অভিযুক্তগৰাকীক পৰৱৰ্তী সময়ত আৰক্ষীয়ে এক সংঘৰ্ষৰ (এনকাউন্টাৰ) অন্তত কৰায়ত্ত কৰিবলৈ সক্ষম হয়। জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰে যে বিবাহৰ পথত শিশুটি হেঙাৰ স্বৰূপ হোৱা বুলি ভাবিয়েই তেওঁ এই চৰম পন্থা অৱলম্বন কৰিছিল।
জানিব পৰা মতে, অভিযুক্ত বিৰাজে ৰতি নামৰ মহিলাগৰাকীক বিয়া কৰাব বিচাৰিছিল। কিন্তু ৰতিয়ে নিজৰ ডেৰ বছৰীয়া পুত্ৰ আৰভৰ কথা উল্লেখ কৰি এই প্ৰস্তাৱ ধাৰাবাহিকভাৱে নাকচ কৰি আহিছিল। ইয়াতেই ক্ষুব্ধ হৈ বিৰাজে শনিবাৰে শিশুটিৰ হাতত চকলেট দিয়াৰ চলেৰে লৈ যায় আৰু অতি নিৰ্দয়ভাৱে মাটিত আছাৰি হত্যা কৰে। পৰিয়ালৰ লোকে খবৰ পাই ততাতৈয়াকৈ আৰভক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে বিৰাজৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু আৰক্ষীয়ে লগে লগে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।
তদন্ত অব্যাহত থকাৰ মাজতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰে যে মইনপুৰী পথৰ ভুধা ভৰ্থৰা চকত অভিযুক্ত বিৰাজে আত্মগোপন কৰি আছে। লগে লগে চাৰিজনীয়া আৰক্ষীৰ এটা দলে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে। জংঘলৰ মাজত লুকাই থকা বিৰাজে আৰক্ষীৰ উপস্থিতিৰ উমান পাই হঠাতে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও প্ৰতিৰোধমূলক গুলীচালনা কৰে আৰু এই সংঘৰ্ষত অভিযুক্তৰ ভৰিত গুলী লাগে। গুলীবিদ্ধ হৈ মাটিত বাগৰি পৰাৰ পিছত আৰক্ষীয়ে তাক ততাতৈয়াকৈ জিম্মাত লয়। আৰক্ষীয়ে অভিযুক্তৰ পৰা এটা দেশীয় পিষ্টল, পাঁচজাঁই সজীৱ গুলী আৰু দুটা ব্যৱহৃত গুলীৰ খোলা উদ্ধাৰ কৰিছে।
জেৰাৰ সময়ত বিৰাজে স্বীকাৰ কৰে যে ৰতিয়ে নিজৰ সন্তান থকাৰ দোহাই দি বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই সি শিশুটিৰ প্ৰতি আক্ৰোশ পুহি ৰাখিছিল আৰু হত্যাৰ পৰিকল্পনা কৰিছিল। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ফিৰোজাবাদৰ আৰক্ষী অধীক্ষক (নগৰ) ৰবি শংকৰ প্ৰসাদে কয় যে ন্যায়ালয়ত শীঘ্ৰে চাৰ্জশ্বীট দাখিল কৰাৰ বাবে আৰক্ষীয়ে দ্ৰুতগতিত সকলো প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহৰ কাম চলাই আছে আৰু দোষীক যাতে কঠোৰতম শাস্তি প্ৰদান কৰা হয়, সেয়া নিশ্চিত কৰিবলৈ আৰক্ষীয়ে প্ৰয়াস কৰিব। বৰ্তমান আহত অভিযুক্ত চিকিৎসাধীন অৱস্থাত আছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ আইনী প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াই নিছে।




