• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাটনাত খান ছাৰৰ পাঠদান কেন্দ্ৰত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ: নিৰাপত্তাৰক্ষীক প্ৰহাৰ, প্ৰতিবাদত উত্তাল ছাত্ৰ সমাজ

এন ই  নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2026 11:23 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে নিশা বিহাৰৰ পাটনাস্থিত দেশৰ জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ পাঠদান কেন্দ্ৰত এদল দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলাই ব্যাপক ক্ষতিসাধন কৰে। নিশা প্ৰতিষ্ঠানটোত বলপূৰ্বকভাৱে প্ৰৱেশ কৰা দলটোৱে কৰ্তব্যৰত নিৰাপত্তাৰক্ষীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি কৰে। গুৰুতৰভাৱে আহত নিৰাপত্তাৰক্ষীগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই আক্ৰমণৰ আঁৰত সুলভ মূল্যত শিক্ষা প্ৰদানৰ বিৰোধিতা কৰা প্ৰতিদ্বন্দ্বী পাঠদান কেন্দ্ৰৰ হাত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু আৰক্ষীয়ে ইতিমধ্যে চিচিটিভি ফুটেজৰ আধাৰত তদন্ত আৰম্ভ কৰিছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে নিশা প্ৰায় ১১:৩০ বজাত খান ছাৰ নিজৰ পাঠদান কেন্দ্ৰটোত উপস্থিত হয়। তেওঁ অভিযোগ কৰা অনুসৰি, একাংশ সমাজবিৰোধী চক্ৰই প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰি এই তাণ্ডৱ চলায়। প্ৰথম অৱস্থাত কেন্দ্ৰটোৰ বাহিৰত গুলীচালনা হোৱা বুলি খবৰ বিয়পি পৰিছিল যদিও, পৰৱৰ্তী সময়ত সেয়া কেৱল আক্ৰমণ আৰু ভঙা-ছিঙাৰ ঘটনা বুলি স্পষ্ট হয়।

Apply Now

শেহতীয়াকৈ বিহাৰ আৰক্ষীৰ নিযুক্তি পৰীক্ষাত খান ছাৰৰ প্ৰতিষ্ঠানটোৰ পৰা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিছিল। এই উপলক্ষে সফল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই একাংশ লোকে প্ৰতিষ্ঠানটোলৈ আহি দুদিনৰ ভিতৰত কেন্দ্ৰটো বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল বুলি খান ছাৰে দাবী কৰিছে। তেওঁৰ মতে, নামমাত্ৰ মাচুলৰ বিনিময়ত দুখীয়া ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰা কাৰ্যত বিতুষ্ট হৈয়ে একাংশ প্ৰতিদ্বন্দ্বী পাঠদান কেন্দ্ৰৰ স্বত্বাধিকাৰীয়ে এই আক্ৰমণ সংঘটিত কৰোৱাব পাৰে। অৱশ্যে এই পৰ্যন্ত চৰকাৰীভাৱে এই দাবীৰ কোনো সত্যতা নিশ্চিত হোৱা নাই।

ইতিমধ্যে প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে ঘটনাৰ চিচিটিভি ফুটেজ আৰক্ষীক হস্তান্তৰ কৰিছে। চিকিৎসাধীন নিৰাপত্তাৰক্ষীগৰাকীয়েও কেইজনমান আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিছে। পাটনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক কাৰ্তিকেয় শৰ্মাই জানিবলৈ দিয়া মতে, প্ৰাথমিক তদন্তত একাংশ ছাত্ৰই এই মাৰপিট আৰু পষ্টাৰ ফালি পেলোৱা কাৰ্যত জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, ফয়জল খান ওৰফে খান ছাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এগৰাকী অত্যন্ত জনপ্ৰিয় আৰু প্ৰভাৱশালী শিক্ষাবিদ। তেওঁ ‘খান জি এছ ৰিচাৰ্চ চেণ্টাৰ’ আৰু ‘খান গ্ল’বেল ষ্টাডিজ’ নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে মাত্ৰ ২০০ টকাৰ দৰে ন্যূনতম মাচুলত দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক চৰকাৰী পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। ভূ-ৰাজনীতি, সাধাৰণ জ্ঞান আৰু সাম্প্ৰতিক পৰিস্থিতিৰ দৰে জটিল বিষয়সমূহ সহজ আৰু আকৰ্ষণীয়ভাৱে উপস্থাপন কৰাৰ বাবে তেওঁৰ ইউটিউব চেনেলটোৱে কোটি কোটি দৰ্শকৰ সমাদৰ লাভ কৰিছে। তদুপৰি তেওঁ বিপিএছচি, ৰে’লৱে পৰীক্ষা আৰু শেহতীয়া নিট প্ৰশ্নকাকত ফাদিলৰ দৰে বিষয়ত চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ হৈ সজোৰে মাত মাতি আহিছে।

মঙলবাৰৰ নিশা সংঘটিত এই আক্ৰমণৰ প্ৰতিবাদত বুধবাৰে পুৱাই মুছল্লাপুৰ হাটস্থিত পাঠদান কেন্দ্ৰটোৰ বাহিৰত বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু আৰক্ষীয়ে প্ৰকৃত দোষীক কৰায়ত্ত কৰাৰ বাবে সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত অব্যাহত ৰাখিছে।

এন ই  নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd