পশ্চিম এছিয়াৰ সংঘাত আৰু ক্ৰমৱৰ্ধমান আমদানি ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সুৰক্ষিত কৰিবলৈ প্ৰায় ১২ বিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সোণ বিক্ৰী কৰা বুলি প্ৰকাশ পোৱা সংবাদ মাধ্যমৰ বাতৰিক বুধবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সম্পূৰ্ণৰূপে খণ্ডন কৰিছে। বিত্ত মন্ত্ৰালয়ৰ সূত্ৰই স্পষ্ট কৰি দিছে যে কেন্দ্ৰীয় বেংকৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদন অনুসৰি ভাৰতৰ স্বৰ্ণ ভাণ্ডাৰ হ্ৰাস পোৱাৰ পৰিৱৰ্তে ২০২৫-২৬ বিত্তীয় বৰ্ষত বৃদ্ধিহে পাইছে।
শেহতীয়াকৈ ব্লুমবাৰ্গ ইকনমিকছৰ জ্যেষ্ঠ অৰ্থনীতিবিদ অভিষেক গুপ্তাৰ এক প্ৰতিবেদনত অনুমান কৰা হৈছিল যে ৰিজাৰ্ভ বেংকে ২২ মে’ত সমাপ্ত হোৱা দুসপ্তাহৰ ভিতৰত প্ৰায় ১২ বিলিয়ন ডলাৰৰ সোণ বিক্ৰী কৰিছে আৰু প্ৰায় ৭.৫ বিলিয়ন ডলাৰৰ বৈদেশিক মুদ্ৰাৰ সম্পত্তি ক্ৰয় কৰিছে। ইৰাণৰ সংঘাত আৰু হৰমুজ প্ৰণালীৰে হোৱা জাহাজ চলাচলৰ ব্যাঘাতৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱা আৰু টকাৰ মূল্য অৱনমিত হৈ মঙলবাৰে প্ৰতি ডলাৰৰ বিপৰীতে ৯৫.১৭ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বেংকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি প্ৰতিবেদনখনত দাবী কৰা হৈছিল।
কিন্তু ৰিজাৰ্ভ বেংকৰ ২০২৫-২৬ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনৰ তথ্যই এই দাবী নস্যাৎ কৰিছে। চৰকাৰী তথ্য অনুসৰি, ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৰিজাৰ্ভ বেংকৰ হাতত মুঠ ৮৮০.৫২ মেট্ৰিক টন সোণ আছিল, যিটো ২০২৫ চনৰ ৩১ মাৰ্চত থকা ৮৭৯.৫৮ মেট্ৰিক টনৰ তুলনাত ০.৯৪ মেট্ৰিক টন অধিক। এই মুঠ সোণৰ ভিতৰত ৩১২.৩২ মেট্ৰিক টন ইছ্যু বিভাগৰ সম্পত্তি হিচাপে আৰু অৱশিষ্ট ৫৬৮.২০ মেট্ৰিক টন বেংকিং বিভাগৰ অধীনত ৰখা হৈছে। গোলকীয় বজাৰত সোণৰ মূল্য বৃদ্ধি আৰু ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পোৱাৰ ফলত বেংকিং বিভাগৰ অধীনত থকা সোণৰ মূল্য এই বিত্তীয় বৰ্ষত ৬৩.৬ শতাংশলৈ বৃদ্ধি পাইছে।
ইয়াৰ লগতে প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ভাৰতৰ সামগ্ৰিক বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ পূৰ্বৰ ৬৬৮.৩৩ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি পাই ২০২৬ চনৰ ৩১ মাৰ্চত ৬৯১.১১ বিলিয়ন ডলাৰত উপনীত হৈছেগৈ। একে সময়তে সোণৰ মজুতৰ মূল্য পূৰ্বৰ ৭৮.১৮ বিলিয়ন ডলাৰৰ পৰা ১১৫.৪০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। আনহাতে, পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ সম্পত্তি জব্দ কৰাৰ পাছৰে পৰা সতৰ্কতামূলক ব্যৱস্থা হিচাপে ৰিজাৰ্ভ বেংকে ঘৰুৱাভাৱে সোণৰ মজুত বৃদ্ধি কৰিছে। ছমাহৰ পূৰ্বে দেশৰ ভিতৰত ৬৬ শতাংশ সোণ মজুত থকাৰ বিপৰীতে মাৰ্চ মাহৰ শেষৰ ফালে ই ৭৭ শতাংশলৈ বৃদ্ধি পায় আৰু বিদেশত থকা বাকী অংশ মূলতঃ বেংক অৱ ইংলেণ্ড আৰু বেংক ফৰ ইণ্টাৰনেচনেল চেটেলমেণ্টছত ৰখা হৈছে।
বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল আমদানিকাৰী দেশ হিচাপে ভাৰতে বৰ্তমান পশ্চিম এছিয়াৰ সংকটৰ বাবে শক্তি ব্যয় বৃদ্ধিৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অৰ্থনৈতিক প্ৰভাৱ হ্ৰাস কৰিবলৈ চৰকাৰে ইতিমধ্যে ইন্ধনৰ মূল্য আৰু মূল্যৱান ধাতুৰ আমদানি শুল্ক বৃদ্ধি কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোত্ৰাই মুদ্ৰাৰ স্থিৰতা বজাই ৰাখিবলৈ সুতৰ হাৰ বৃদ্ধি আৰু ডলাৰৰ প্ৰৱেশ আকৰ্ষিত কৰাৰ দৰে বিকল্পসমূহ বিবেচনা কৰি থকাৰ সময়তে কেন্দ্ৰীয় বেংকৰ চৰকাৰী হিচাপ-নিকাচে ভাৰতৰ বৈদেশিক মুদ্ৰা আৰু স্বৰ্ণ ভাণ্ডাৰৰ সুদৃঢ় স্থিতিকেই প্ৰতিপন্ন কৰিছে।





