আইআইটি বম্বেত কম্পিউটাৰ চাইন্সৰ আসন এখন লাভ কৰাটো যিকোনো জেইই এডভান্সড পৰীক্ষাৰ্থীৰ বাবে এক সপোনৰ দৰে। কিন্তু ওডিছাৰ এজন মেধাৱী ছাত্ৰ আৰু তেওঁৰ যমজ ভাতৃৰ বাবে ব্যক্তিগত সফলতা বা প্ৰতিষ্ঠাতকৈ ভাতৃত্ববোধহে বেছি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ‘ল। নিজৰ যমজ ভাইটিক সংগ দিবলৈ আৰু একেলগে শিক্ষা গ্ৰহণ কৰিবলৈ এজন ককায়েকে আইআইটি বম্বেৰ দৰে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ সুযোগ হেলাৰঙে ত্যাগ কৰি এতিয়া সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
২০২৬ বৰ্ষৰ জেইই এডভান্সড পৰীক্ষাত ওডিছাৰ মহাৰুফে সমগ্ৰ ভাৰতৰ ভিতৰত ৩২ সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তেওঁৰ যমজ ভাতৃ মাছৰুৰে ১৬৯ সংখ্যক স্থান অৰ্জন কৰে। মহাৰুফৰ ৰেংক অনুসৰি তেওঁ আইআইটি বম্বেত কম্পিউটাৰ চাইন্স বিভাগত নামভৰ্তি কৰাটো নিশ্চিত আছিল, কিন্তু ভাতৃ মাছৰুৰৰ ৰেংকৰ বাবে একেটা প্ৰতিষ্ঠানতে একেটা বিভাগতে আসন পোৱাটো কঠিন আছিল। এনে সময়তে মহাৰুফে সকলোকে আচৰিত কৰি এক অভূতপূৰ্ব সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ আইআইটি বম্বেৰ আসনখন ত্যাগ কৰি আইআইটি মাদ্ৰাজত কম্পিউটাৰ চাইন্স পঢ়াৰ সিদ্ধান্ত লয়, যাতে তেওঁ আৰু তেওঁৰ ভাতৃয়ে একেলগে পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে।
মহাৰুফৰ এই সিদ্ধান্তই তেওঁলোকৰ পৰিয়ালটোলৈ কঢ়িয়াই আনিছে অপাৰ আনন্দ আৰু গৌৰৱ। ককায়েকৰ পৰা পোৱা এনে নিঃস্বাৰ্থ সমৰ্থনৰ পিছত মাছৰুৰেও অত্যন্ত আবেগিক হৈ পৰিছে আৰু তেওঁ জনাইছে যে তেওঁলোক দুয়ো সদায় ইজনে সিজনক সহায় কৰি আহিছে। এই দুই ভাতৃৰ সফলতাৰ আঁৰত তেওঁলোকৰ পিতৃ-মাতৃৰো বহু ত্যাগ জড়িত হৈ আছে। তেওঁলোকৰ পিতৃ ড০ মনচুৰ আহমদ খান আইআইটি ভুবনেশ্বৰৰ চিকিৎসা কেন্দ্ৰৰ ইন-চাৰ্জ হিচাপে কৰ্মৰত আৰু মাতৃ ড০ জিনাত বেগম এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ আছিল। সন্তানৰ কেৰিয়াৰ গঢ়াৰ স্বাৰ্থত মাতৃগৰাকীয়ে নিজৰ চৰকাৰী চাকৰি পৰ্যন্ত ত্যাগ কৰি কোটাত তেওঁলোকৰ সৈতে থাকি পঢ়া-শুনাৰ উপযুক্ত পৰিৱেশ সৃষ্টি কৰিছিল।
শৈক্ষিক ক্ষেত্ৰত দুয়ো ভাতৃয়েই পূৰ্বৰে পৰা অত্যন্ত চোকা আছিল। মহাৰুফে জেইই মেইনত ৪৪ সংখ্যক স্থান লাভ কৰাৰ লগতে দশম শ্ৰেণীত ৯৫.২ শতাংশ আৰু দ্বাদশ শ্ৰেণীত ৯৮.৬ শতাংশ নম্বৰ লাভ কৰিছিল। আনহাতে মাছৰুৰে জেইই মেইনত ৫৮ সংখ্যক স্থান লাভ কৰাৰ লগতে দশম শ্ৰেণীত ৯৭.৬ শতাংশ আৰু দ্বাদশ শ্ৰেণীত ৯৪.৬ শতাংশ নম্বৰ লাভ কৰিছিল। কোটাত থকাৰ সময়ছোৱাত তেۆঁলোকে দৈনিক ৫ ঘণ্টা কোচিং ক্লাছ কৰাৰ উপৰিও প্ৰায় ৬ ঘণ্টা নিজে পঢ়া-শুনা কৰিছিল। মানসিক চাপ দূৰ কৰিবলৈ তেওঁলোকে দৈনিক বেডমিণ্টন খেলিছিল আৰু মোবাইলৰ ব্যৱহাৰ কেৱল পঢ়াৰ কামতে সীমাবদ্ধ ৰাখিছিল।
মহাৰুফ আৰু মাছৰুৰে জনোৱা মতে, তেওঁলোকৰ মাজত থকা স্বাস্থ্যকৰ প্ৰতিযোগিতাই তেওঁলোকক বেছি সহায় কৰিছিল। যিকোনো কঠিন বিষয় তেওঁলোকে নিজৰ মাজতে আলোচনা কৰি বুজি লৈছিল, যাৰ বাবে বহু সময়ত শিক্ষকৰো প্ৰয়োজন হোৱা নাছিল। চিকিৎসকৰ পৰিয়ালৰ সন্তান হ’লেও দুয়োৰে গণিতৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই তেওঁলোকে অভিযান্ত্ৰিক ক্ষেত্ৰখন বাছি লৈছিল। ভৱিষ্যতে কম্পিউটাৰ চাইন্সৰ বিটেক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত দুয়োৰে অসামৰিক সেৱা অৰ্থাৎ ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ হেঁপাহ আছে। বৰ্তমানৰ এই প্ৰতিযোগিতামূলক যুগত য’ত সকলোৱে কেৱল নিজৰ কেৰিয়াৰৰ পিছত দৌৰিছে, তাৰ মাজতে ওডিছাৰ এই দুই যমজ ভাতৃৰ কাহিনীয়ে এক অনন্য নিদৰ্শন দাঙি ধৰিছে।





