• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘টেনিছ খেল একেবাৰেই এৰি দিম’: ফ্ৰেন্স অ’পেনত পৰাজয়ৰ পাছত ছাবালেংকাৰ মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 8:26 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকীখনত বহি আৰিনা ছাবালেংকাই চকুপানী ধৰি ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিছিল। কোৰ্ট ফিলিপ-চেট্ৰিয়াৰত উপস্থিত দৰ্শকসকলে স্বচক্ষে দেখিছিল কেনেদৰে বিশ্বৰ এক নম্বৰ খেলুৱৈগৰাকীয়ে হাতৰ মুঠিত থকা মেচখন ডিয়ানা শ্বেনাইডাৰৰ হাতত এৰি দিবলগীয়া হৈছিল। এটা সময়ত সম্পূৰ্ণ নিয়ন্ত্ৰণত থকা মেচখনৰ শেষভাগত তেওঁ একেৰাহে দহখন গেম হেৰুৱায়। তৃতীয় ছেটত ৬-০ ব্যৱধানত হোৱা পৰাজয়ে সেই পতনৰ ছবিখন আৰু অধিক স্পষ্ট কৰি তোলে। বিশ্ব ৰেংকিঙৰ ২৫ নম্বৰ স্থানৰ খেলুৱৈ শ্বেনাইডাৰৰ বাবে এয়া আছিল প্ৰথমটো গ্ৰেণ্ড শ্লেম কোৱাৰ্টাৰ ফাইনেল, আনহাতে ৰোলাঁ গেৰোছত খিতাপ জয়ৰ সপোন এইবাৰো অপূৰ্ণ হৈ ৰ’ল ছাবালেংকাৰ। যেন এই পৰাজয়ে তেওঁৰ অন্তৰৰ পৰা কিবা এটা কাঢ়ি লৈ গ’ল।

সেই গভীৰ হতাশাৰ প্ৰতিফলন খেলৰ পিছৰ সংবাদমেলতো স্পষ্টভাৱে দেখা গৈছিল। ছাবালেংকাই স্বীকাৰ কৰে যে সেই মুহূৰ্তত তেওঁৰ মনত কোনো অনুভূতি বা আৱেগেই বাকী নাছিল; আনকি তেওঁ টেনিছ খেল সম্পূৰ্ণৰূপে এৰি দিয়াৰ কথাও ভাবিছিল। অৱশ্যে কিছু সময় পিছত নিজকে সামৰি লৈ তেওঁ কয় যে কেইদিনমানৰ ভিতৰত হয়তো মানসিকভাৱে পুনৰ স্বাভাৱিক অৱস্থালৈ উভতি আহিব পাৰিব। নিজৰ অনুভূতি অকপটে প্ৰকাশ কৰাৰ বাবে পৰিচিত ছাবালেংকাই এইবাৰো কোনো কথা গোপন কৰিবলৈ বিচৰা নাছিল। কিন্তু তেওঁৰ কণ্ঠ আৰু অভিব্যক্তিত ফুট উঠা হতাশাই সংবাদমেলৰ পৰিৱেশ গম্ভীৰ কৰি তুলিছিল।

Apply Now

এই পৰাজয় তেওঁৰ বাবে বিশেষভাৱে বেদনাদায়ক আছিল, কিয়নো এইবাৰ খিতাপ জয়ৰ এক সুবৰ্ণ সুযোগ তেওঁৰ সন্মুখত আছিল। ইগা শ্বোয়াটেক প্ৰতিযোগিতাৰ পৰা বিদায় লোৱাৰ পিছত বহুতে ছাবালেংকাক খিতাপৰ অন্যতম শক্তিশালী দাবীদাৰ হিচাপে গণ্য কৰিছিল। ইয়াৰ আগতে তেওঁ হাৰ্ড কোৰ্টত চাৰিটা মেজৰ খিতাপ জয় কৰিছে—দুবাৰকৈ অষ্ট্ৰেলিয়ান অ’পেন আৰু দুবাৰ ইউ এছ অ’পেন। কিন্তু ক্লে আৰু গ্ৰাছ কোৰ্টত এতিয়াও তেওঁ মেজৰ সফলতাৰ সোৱাদ ল’ব পৰা নাই।

বুধবাৰৰ মেচখনতো তেওঁ ৬-৩, ৫-২ ব্যৱধানত আগবাঢ়ি আছিল আৰু জয় নিশ্চিত কৰিবলৈ মাত্ৰ দুটা পইণ্টৰ প্ৰয়োজন আছিল। কিন্তু তাৰ পিছতেই যেন মেচখনৰ গতিপথ সম্পূৰ্ণ সলনি হৈ যায়। তেওঁৰ খেলত ভুলৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পায় আৰু শেষত তেওঁ একেৰাহে দহখন গেম হেৰুৱায়। মেচৰ পিছত ছাবালেংকাই স্বীকাৰ কৰে যে শেষবাৰৰ বাবে কেতিয়া এনেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল, সেয়াও তেওঁৰ মনত নাই। তেওঁৰ ভাষাত, তেওঁ যেন মানসিকভাৱে এখন গভীৰ অন্ধকাৰ জগতত সোমাই পৰিছিল আৰু তাৰ পৰা ওলাই আহিবলৈ কোনো পথ বিচাৰি পোৱা নাছিল।

এই মানসিক অস্থিৰতাৰ ছাপ খেলপথাৰত স্পষ্টভাৱে দেখা গৈছিল। তৃতীয় ছেটত এটা পইণ্ট হেৰুওৱাৰ পিছত তেওঁ থিয় হৈ চিঞৰি উঠিছিল। সমগ্ৰ মেচখনত তেওঁ ৫৭টা আনফৰ্চড এৰৰ কৰে, যিটো এনে এখন ডাঙৰ মেচৰ বাবে অত্যন্ত অস্বাভাৱিক। আনহাতে, প্ৰথমবাৰৰ বাবে মেজৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হোৱা শ্বেনাইডাৰে অসাধাৰণ ধৈৰ্য্য আৰু সংযমৰ পৰিচয় দিয়ে। তেওঁ শান্তভাৱে বলটো খেলপথাৰত ৰাখি খেলি গৈছিল আৰু ছাবালেংকাৰ ভুলবোৰৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰিছিল।

সংবাদমেলত এগৰাকী সাংবাদিকে যেতিয়া তেওঁক সুধিছিল যে এই হতাশাৰ পৰা কেনেকৈ ওলাই আহিব, তেতিয়া তেওঁ কিছু সময় নীৰৱে বহি থাকে। তাৰ পিছত মৃদু কণ্ঠেৰে কয় যে তেওঁ সঁচাকৈয়ে একো নাজানে। অৱশ্যে পৰৱৰ্তী মুহূৰ্তত তেওঁ অলপ ধেমেলীয়া সুৰত ‘ৰেজ ৰুম’ৰ কথা উল্লেখ কৰে। ৰেজ ৰুম হৈছে এনে এক ঠাই, য’ত মানুহে টকা দি বিভিন্ন বস্তু ভাঙি নিজৰ ক্ষোভ আৰু হতাশা উজাৰি দিয়ে। ছাবালেংকাই কয়, তেওঁ পিছদিনা গোটেই দিনটো তেনে এটা ৰুমত কটাই সকলো বস্তু ভাঙি পেলাব বিচাৰে। তেওঁৰ বিশ্বাস, হয়তো তেনে কৰিলেই কিছু মানসিক সকাহ লাভ কৰিব। লগতে তেওঁ কয়, “যিটো বস্তুৱে আমাক নামাৰে, সিয়েই আমাক অধিক শক্তিশালী কৰি তোলে।” সেয়েহে এদিন নহয় এদিন তেওঁ এই কঠিন পৰিস্থিতিৰ পৰা ওলাই আহিব বুলিও আশা প্ৰকাশ কৰে।

ক্লে আৰু গ্ৰাছ কোৰ্টত এতিয়াও মেজৰ খিতাপ জয় কৰিব নোৱাৰাৰ কথাই তেওঁক মানসিকভাৱে প্ৰভাৱিত কৰিছে নেকি বুলি সোধা প্ৰশ্নৰো তেওঁ অকপটে উত্তৰ দিয়ে। তেওঁ স্বীকাৰ কৰে যে হয়তো এই দুয়োটা খেলপথাৰত সফলতা নোপোৱাৰ বিষয়টোৱেই তেওঁক অধিক চাপৰ মাজত ৰাখে। ফলস্বৰূপে কেতিয়াবা তেওঁ অত্যধিক আৱেগিক হৈ পৰে আৰু তাৰ মূল্য খেলপথাৰত দিবলগীয়া হয়। তেওঁ কয়, এনেকৈ আৱেগৰ বশৱৰ্তী হৈ পৰাজয় স্বীকাৰ কৰি তেওঁ ক্লান্ত হৈ পৰিছে। যোৱা বছৰো ফ্ৰেন্স অ’পেনৰ ফাইনেলত কোকো গফৰ বিৰুদ্ধে তেওঁ একেধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল। খেলপথাৰ সলনি হৈছে, কিন্তু পৰাজয়ৰ ধৰণ যেন সলনি হোৱা নাই।

তথাপিও বহুতে বিশ্বাস কৰে যে ছাবালেংকা পুনৰ আগৰ দৰে শক্তিশালী ৰূপত উভতি আহিব। কিয়নো অতীতত তেওঁ বাৰে বাৰে বিপৰ্যয়ৰ পৰা ঘূৰি আহি নিজকে নতুনকৈ প্ৰমাণ কৰিছে। কিন্তু বুধবাৰৰ এই পৰাজয় তেওঁৰ বাবে কেৱল এটা বেয়া দিনৰ কাহিনী নাছিল। ই আছিল নিজৰ মনৰ সৈতে চলি থকা এক গভীৰ, কঠোৰ আৰু অবিৰাম যুঁজৰ আন এক অধ্যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd