সন্তানৰ সন্মুখতে এগৰাকী ফৰাচী মহিলাক জঘন্যভাৱে গণধৰ্ষণ কৰা ঘটনাৰ দোষী সাব্যস্ত হোৱা দুই যুৱকৰ মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখিলে পাকিস্তানৰ উচ্চ ন্যায়ালয়ে। বুধবাৰে লাহোৰ উচ্চ ন্যায়ালয়ে দুয়োৰে প্ৰাণভিক্ষাৰ আবেদন কঠোৰভাৱে নাকচ কৰি দিয়ে।
এই মৰ্মান্তিক ঘটনাটো ঘটিছিল ২০২০ চনত। নিৰ্যাতিতা ফৰাচী মহিলাগৰাকীয়ে নিজৰ দুগৰাকী সন্তানক লৈ পাকিস্তানলৈ ফুৰিবলৈ আহিছিল। ১১ ছেপ্টেম্বৰৰ নিশা তেওঁ সন্তান দুটাক লৈ গাড়ী চলাই লাহোৰৰ মাজেৰে গুৰজানৱালা প্ৰদেশলৈ গৈ আছিল। লাহোৰ ঘাইপথেৰে গৈ থকাৰ সময়তে হঠাতে তেওঁৰ গাড়ীৰ তেল শেষ হৈ যায়। লগে লগে তেওঁ স্বামীলৈ ফোন কৰি নিজৰ বিপদৰ কথা জনায়। তাৰ পিছত স্বামীৰ পৰামৰ্শ অনুসৰি আৰক্ষীলৈ ফোন কৰি সহায় বিচাৰে। কিন্তু আৰক্ষী আহি পোৱাৰ আগতেই দুগৰাকী যুৱক সেই স্থানত উপস্থিত হয়। তাৰ পিছত তেওঁলোকে গাড়ীৰ আইনা ভাঙি মহিলাগৰাকীক জোৰকৈ বাহিৰলৈ উলিয়াই আনে আৰু নিৰীহ সন্তান দুটাৰ সন্মুখতে গণধৰ্ষণ কৰে। বহু সময় ধৰি এই অমানৱীয় ঘটনা চলি থকাৰ পিছতো সেই পথত আৰক্ষীৰ কোনো পহৰা দিয়া গাড়ী দেখা পোৱা নগৈছিল। নিজৰ কু-বাসনা পূৰণ কৰাৰ পিছত অপৰাধী দুজনে মহিলাগৰাকীৰ তিনিখন এটিএম কাৰ্ড আৰু লগত থকা টকা-পইচা তথা আ-অলংকাৰ কাঢ়ি লৈ পলাই যায়।
অৱশ্যে পলাই গৈয়ো তেওঁলোক সাৰিব নোৱাৰিলে। পিছত আৰক্ষীৰ জালত দুয়ো ধৰা পৰে। তেওঁলোকৰ নাম আছিল আবিদ আলি আৰু ছাফকাত আলি। দণ্ডাধীশৰ সন্মুখত দুয়ো নিজৰ অপৰাধ স্বীকাৰো কৰে। তথ্য আৰু প্ৰমাণৰ ভিত্তিত ২০২১ চনৰ মাৰ্চ মাহত পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে দুয়োগৰাকী যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই তেওঁলোকে লাহোৰ উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু তাতো তেওঁলোকে বিফল হয়। বুধবাৰে পাকিস্তানৰ উচ্চ ন্যায়ালয়ে তেওঁলোকৰ সকলো আৱেদন খাৰিজ কৰি মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখে।





