কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইন আৰু তেওঁৰ বান্ধৱী ঘিছলেইন মেক্সৱেলৰ সৈতে সম্পৰ্ক থকাৰ কথা মেলানিয়া ট্ৰাম্পে সদায় অস্বীকাৰ কৰি আহিছে। কিন্তু ডনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পৰ সম্পৰ্কৰ আৰম্ভণিক লৈ মেলানিয়াৰ এগৰাকী প্ৰাক্তন সহযোগীয়ে এক চাঞ্চল্যকৰ আৰু বিস্ফোৰক দাবী কৰিছে।
তেওঁৰ দাবী অনুসৰি, আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে এসময়ত কুখ্যাত যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ এছকৰ্ট বা যৌন সংগী হিচাপে কাম কৰিছিল আৰু এপষ্টেইনৰ জৰিয়তেই ট্ৰাম্পৰ সৈতে তেওঁৰ চিনাকি হৈছিল।
প্ৰাক্তন ব্ৰাজিলিয়ান মডেল আমাণ্ডা উংগাৰোৱে এটা ৰেকৰ্ড কৰা অডিঅ’ত এই বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ নিজৰ প্ৰাক্তন সংগী তথা মডেলিং এজেণ্ট পাওলো জাম্পোল্লিৰ বিৰুদ্ধে মিছা কোৱাৰ অভিযোগ উত্থাপন কৰিছে। জাম্পোল্লিয়ে দীৰ্ঘদিনে দাবী কৰি আহিছে যে ১৯৯৮ চনৰ এটা পাৰ্টিত তেৱেঁই মেলানিয়া আৰু ডনাল্ড ট্ৰাম্পৰ চিনাকি কৰাই দিছিল। পাছলৈ জাম্পোল্লি আমেৰিকা প্ৰশাসনৰ বিশেষ দূত হিচাপেও নিযুক্তি লাভ কৰিছিল।
যোৱা এপ্ৰিল মাহত এক সংবাদমেলত মেলানিয়াই জেফ্ৰি এপষ্টেইনৰ সৈতে তেওঁৰ সম্পৰ্ক থকাৰ কথাটো অস্বীকাৰ কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত মিছা কথা বুলি তীব্ৰ গৰিহণা দিছিল। কিন্তু ছ’চিয়েল মিডিয়া এক্সত ফাদিল হোৱা উংগাৰোৰ অডিঅ’ ৰেকৰ্ডিঙত এই কাহিনীক পোনপটীয়াকৈ মিছা বুলি দাবী কৰা হৈছে। বিগত কেইবামাহ ধৰি সন্তানৰ অভিভাৱকত্বক লৈ উংগাৰো আৰু জাম্পোল্লিৰ মাজত এখন তিক্ত আইনী যুঁজ চলি আছে।
হোৱাটছএপৰ সেই ৰেকৰ্ডিঙত উংগাৰোৱে জাম্পোল্লিক কোৱা শুনা গৈছে যে তেওঁ ৰাইজক সঁচা কথাটো কোৱা উচিত, কিয়নো জাম্পোল্লিয়ে কেতিয়াও ট্ৰাম্পৰ সৈতে মেলানিয়াৰ চিনাকি কৰাই দিয়া নাছিল। এই কাম জেফ্ৰি এপষ্টেইনে কৰিছিল, কাৰণ মেলানিয়া জেফ্ৰিৰ এছকৰ্ট আছিল। উংগাৰোৱে কয় যে তেওঁ ২০ বছৰ ধৰি জাম্পোল্লিৰ লগত আছিল আৰু জাম্পোল্লিয়ে নিজেই তেওঁক এই কথা কৈছিল।
এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পাওলো জাম্পোল্লিয়ে কয় যে ফাৰ্ষ্ট লেডীৰ বিষয়ে এনেকুৱা কথা কোৱাটো অতি লজ্জাজনক। তেওঁ লগতে কয় যে তেওঁ উংগাৰোৰ মানসিক স্বাস্থ্যক লৈ চিন্তিত আৰু তেওঁক জৰুৰী মানসিক চিকিৎসাৰ প্ৰয়োজন। ইপিনে, ২০০২ চনত মাত্ৰ ১৭ বছৰ বয়সতে উংগাৰোৱে এপষ্টেইনৰ ব্যক্তিগত বিমান ললিতা এক্সপ্ৰেছত উঠিছিল। তেওঁৰ লগত আছিল ফৰাচী মডেলিং স্কাউট জঁ-লুক ব্ৰুনেল, যিয়ে এপষ্টেইনৰ বাবে নাৰী আৰু কিশোৰী সংগ্ৰহ কৰিছিল।
আমেৰিকাৰ ন্যায় বিভাগৰ নথিপত্ৰ অনুসৰিও এপষ্টেইনৰ এজন প্ৰাক্তন সহায়কে পূৰ্বে এফ বি আইক জনাইছিল যে এপষ্টেইনেই ট্ৰাম্প আৰু মেলানিয়াৰ চিনাকি কৰাই দিছিল। তথাপিও জাম্পোল্লি নিজৰ দাবীত অটল আছে। এই অডিঅ’ ৰেকৰ্ডিংটো প্ৰথমে স্বতন্ত্ৰ সাংবাদিক এন্থনী এণ্ড্ৰিউছে পোষ্ট কৰিছিল যদিও পাছত সেয়া আঁতৰাই পেলোৱা হয়।
জাম্পোল্লিয়ে দাবী কৰিছে যে উংগাৰোৱে বিয়পোৱা এই অডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰি বনোৱা হৈছে। কিন্তু সাংবাদিক এণ্ড্ৰিউছে এই দাবী নাকচ কৰি কৈছে যে তেওঁৰ ওচৰত বহুত প্ৰমাণ আছে আৰু এইবোৰ এআইৰ দ্বাৰা নিৰ্মিত নহয়। বৰ্তমান জাম্পোল্লিৰ অধিবক্তাই এই মানহানিকৰ পোষ্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি জানিব পৰা গৈছে।





