অসমৰ প্ৰাণৰ শিল্পী, কিংবদন্তি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত হত্যাকাণ্ড আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া আজি (৮ জুন)ৰ পৰা বিশেষ ফাষ্ট ট্ৰেক আদালতত আৰম্ভ হৈছে। সাক্ষীৰ পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগে গোচৰটোৱে এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ কৰিছে।
বিচাৰৰ আৰম্ভণিৰ দিনটোত বক্তব্য ৰেকৰ্ডিং কৰাৰ বাবে চাৰিজন সাক্ষীক চমন কৰিছে আদালতে। আদালতৰ সূচী অনুসৰি দৈনিক চাৰিজন সাক্ষীৰ পৰীক্ষা কৰা হ’ব, ২০ জুনলৈকে সাক্ষীৰ পৰীক্ষা প্ৰক্ৰিয়া চলি থকাৰ সম্ভাৱনা আছে।
এই গোচৰৰ মূলতে হৈছে ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক মৃত্যু, যিটো পৰৱৰ্তী সময়ত হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰ হিচাপে তদন্ত কৰা হৈছিল।
তদন্তৰ সময়ত ২০২৫ চনৰ ১ অক্টোবৰত নতুন দিল্লীত মহোৎসৱৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়। পিছত দুয়োকে গুৱাহাটীলৈ আনি আদালতত হাজিৰ কৰা হয় আৰু আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। বিশেষ তদন্তকাৰী দলে (SIT) তেওঁলোকৰ তদন্ত সম্প্ৰসাৰণ কৰে।
তদন্তকাৰীয়ে পূৰ্বে অভিযোগ কৰিছিল যে শিল্পীগৰাকীৰ মৃত্যুৰ পিছত মহন্ত ছিংগাপুৰতে আছিল। আনহাতে গ্ৰেপ্তাৰৰ পূৰ্বে মহন্ত আৰু শৰ্মা দুয়োৰে বিৰুদ্ধে লুকাউট জাননী জাৰি কৰা হৈছিল।
ইয়াৰ পাছতে অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দিপন গাৰ্গ, জুবিন গাৰ্গৰ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যকে ধৰি আন কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।
বৰ্তমান আটাইকেইজন অভিযুক্তই ফাষ্ট ট্ৰেক আদালতত বিচাৰৰ সন্মুখীন হৈছে। জানিব পৰা মতে, আজিৰ পৰা আৰম্ভ হোৱা জুবিন গাৰ্গ হত্যাৰ মূল বিচাৰ প্ৰক্ৰিয়াত সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত হৈছে চাৰিগৰাকী আৰক্ষী বিষয়া।



