• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৪৮ খন দেশৰ অংশগ্ৰহণেৰে ফুটবল বিশ্বকাপৰ প্ৰস্তুতি: জানো আহক বিশ্বকাপৰ কিছু আমোদজনক তথ্য

 এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2026 2:27 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৪৮ খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া সৰ্ববৃহৎ ফুটবল বিশ্বকাপক লৈ সমগ্ৰ বিশ্বতে ব্যাপক উৎকণ্ঠা আৰু উত্তেজনাৰ সৃষ্টি হৈছে। অংশগ্ৰহণকাৰী দেশৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে এইবাৰৰ বিশ্বকাপত বিশ্বৰ বিভিন্ন প্ৰান্তৰ অধিকসংখ্যক খেলুৱৈয়ে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে। শেহতীয়াকৈ আনন্দবজাৰ পত্ৰিকাৰ এক প্ৰতিবেদনত বিশ্বকাপত অংশগ্ৰহণ কৰিবলগীয়া দেশসমূহৰ খেলুৱৈসকলৰ গড় বয়স, সৰ্বাধিক বয়সৰ খেলুৱৈ আৰু ইউৰোপৰ আগশাৰীৰ ক্লাবসমূহৰ প্ৰতিনিধিত্বৰ বিষয়ে এক বিস্তৃত পৰিসংখ্যা পোহৰলৈ আহিছে।

পৰিসংখ্যা অনুসৰি, ইংলিছ প্ৰিমিয়াৰ লীগৰ (ইপিএল) খিতাপ জয় কৰিব নোৱাৰিলেও বিশ্বকাপত সৰ্বাধিক খেলুৱৈ প্ৰেৰণ কৰা ক্লাব হিচাপে পৰিগণিত হৈছে মেঞ্চেষ্টাৰ চিটি। এই ক্লাবটোৰ ১৯ গৰাকী খেলুৱৈয়ে ১২ খন দেশৰ হৈ বিশ্বকাপত অংশ ল’ব। ইয়াৰ পাছতেই ক্ৰমে জাৰ্মানীৰ বায়াৰ্ন মিউনিখৰ ১৮ গৰাকী, ইংলেণ্ডৰ আৰ্ছেনেলৰ ১০ খন দেশৰ ১৬ গৰাকী, ফ্ৰান্সৰ পেৰিছ ছেইণ্ট-জাৰ্মেইনৰ (পি এছ জি) ১৫ গৰাকী আৰু স্পেইনৰ বাৰ্চিলোনাৰ ১৪ গৰাকী খেলুৱৈয়ে বিশ্বকাপত ভাগ ল’ব। ইটালী এইবাৰৰ বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে দেশখনৰ চিৰিয়ে ‘এ’ চেম্পিয়ন ইণ্টাৰ মিলানৰ মাত্ৰ সাতগৰাকী খেলুৱৈয়েহে প্ৰতিনিধিত্ব কৰিব। আনহাতে, ইপিএলত ১৫ নম্বৰ স্থানত থকা ক্ৰিষ্টেল পেলেচৰ পৰা ১২ গৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ’ব, যিটো কেৱল আৰ্ছেনেল, মেঞ্চেষ্টাৰ চিটি আৰু মেঞ্চেষ্টাৰ ইউনাইটেডতকৈ কম। চেলছী আৰু লিভাৰপুলৰ সমানে অখ্যাত ক্লাব ছাণ্ডাৰলেণ্ডৰ পৰাও ১১ গৰাকী খেলুৱৈয়ে প্ৰতিনিধিত্ব কৰিব, য’ত লীডছৰ পৰা আটাইতকৈ কম মাত্ৰ ৪ গৰাকী খেলুৱৈ আছে।

Apply Now

ইউৰোপৰ শ্ৰেষ্ঠ পাঁচখন লীগ ক্ৰমে ফ্ৰান্সৰ লীগ ৱান, ইটালীৰ চিৰিয়ে ‘এ’, ইংলেণ্ডৰ প্ৰিমিয়াৰ লীগ, স্পেইনৰ লা লিগা আৰু জাৰ্মানীৰ বুন্দেশলিগাত খেলা খেলুৱৈৰ পৰিসংখ্যাও আকৰ্ষণীয়। একমাত্ৰ স্পেইন দলটোৰ সকলো খেলুৱৈ এই পাঁচখন লীগৰ কোনোবা নহয় কোনোবাখনৰ সৈতে জড়িত। ইয়াৰ বিপৰীতে ইংলেণ্ডৰ ইভান টনীয়ে চৌদি আৰৱৰ আল আহলীত, জাৰ্মানীৰ লিৰয় ছানেই তুৰস্কৰ গালাতাছাৰেত আৰু ফ্ৰান্সৰ থিঅ’ হাৰ্নান্দেজ তথা এনগ’ল’ কান্তে ক্ৰমে আল হিলাল আৰু ফেনাৰবাছেৰ হৈ খেলে। ইউৰোপৰ বাহিৰৰ দেশসমূহৰ ভিতৰত কেৱল আৰ্জেণ্টিনা আৰু ছেনেগালৰ খেলুৱৈসকলেহে সৰ্বাধিক ইউৰোপীয় প্ৰথম শাৰীৰ লীগত অৱতীৰ্ণ হয়। চুইজাৰলেণ্ড, নেদাৰলেণ্ড আৰু বেলজিয়ামৰো সৰহসংখ্যক খেলুৱৈ ইউৰোপৰ আগশাৰীৰ লীগত ব্যস্ত। কুৰাচাও, ইৰাণ, ইৰাক আৰু কাটাৰৰ কোনো খেলুৱৈয়ে এই শ্ৰেষ্ঠ পাঁচখন লীগত নেখেলিব যদিও ইৰাকৰ ফৰৱাৰ্ড আলী জাছিম ইটালীৰ ক’ম’ ক্লাবৰ খেলুৱৈ হিচাপে বৰ্তমান লোনত চৌদিৰ আল-নাজমাত খেলি আছে। উল্লেখযোগ্য যে, ব্ৰাজিলৰো বহু খেলুৱৈ বৰ্তমান ইউৰোপৰ শ্ৰেষ্ঠ পাঁচখন লীগৰ বাহিৰত আছে।

বয়সৰ পৰিসংখ্যাৰ দিশৰ পৰা গ্ৰুপ পৰ্যায়ত ইংলেণ্ডৰ প্ৰতিপক্ষ পানামা সৰ্বাধিক বয়সৰ দল হিচাপে বিশ্বকাপত অৱতীৰ্ণ হ’ব। পানামাৰ খেলুৱৈসকলৰ গড় বয়স হৈছে ৩০ বছৰ ১৫৫ দিন। ইয়াৰ পাছতেই ইৰাণৰ গড় বয়স ৩০ বছৰ ১২১ দিন আৰু কলম্বিয়াৰ ৩০ বছৰ ৩২ দিন। প্ৰশিক্ষক কাৰ্ল’ আনচেলট্টীৰ অধীনত ব্ৰাজিল দলটোৰ গড় বয়স ২৯ বছৰ ৭৪ দিন, য’ত ৩৪ বছৰীয়া অভিজ্ঞ খেলুৱৈ ক্ৰমে নেইমাৰ, ডানিল’ আৰু কাছেমিৰ’ৰ ওপৰত ভৰসা কৰা হৈছে। আনহাতে, ব্যক্তিগত বয়সৰ দিশৰ পৰা স্কটলেণ্ডৰ গ’লৰক্ষক ক্ৰেইগ গৰ্ডন আটাইতকৈ বয়সীয়াল খেলুৱৈ হ’ব, যাৰ বয়স বিশ্বকাপৰ আৰম্ভণিতে ৪৩ বছৰ ১৬২ দিন হ’ব। তেওঁৰ পাছতেই ক্ৰিষ্টিয়ানো ৰোনাল্ডো (৪১ বছৰ ১২৬ দিন), মেক্সিকোৰ গুইলাৰ্ম’ ওচোৱা (৪০ বছৰ ৩৩৩ দিন) আৰু ক্ৰোৱেছিয়াৰ লুকা মদৰিছ (৪০ বছৰ ২৭৫ দিন) বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

 এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়াৰটেলৰ ডাঙৰ উপহাৰ : মাত্ৰ এটা ৰিচাৰ্জতেই চলিব পাৰিব সম্পূৰ্ণ এবছৰ

এয়াৰটেলৰ ডাঙৰ উপহাৰ : মাত্ৰ এটা ৰিচাৰ্জতেই চলিব পাৰিব সম্পূৰ্ণ এবছৰ

June 9, 2026 2:54 pm
লটাৰী সম্ৰাট ছাণ্টিয়াগো মাৰ্টিনৰ সম্পত্তি বাজেয়াপ্ত কৰা সন্দৰ্ভত ইডিলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জাননী

লটাৰী সম্ৰাট ছাণ্টিয়াগো মাৰ্টিনৰ সম্পত্তি বাজেয়াপ্ত কৰা সন্দৰ্ভত ইডিলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026 2:54 pm
যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বিত আইচিচিৰ মুখ্য প্ৰচিকিউটৰ কৰিম খান

যৌন নিৰ্যাতনৰ অভিযোগত নিলম্বিত আইচিচিৰ মুখ্য প্ৰচিকিউটৰ কৰিম খান

June 9, 2026 2:44 pm

7 Best Online Casinos in Australia 2026: Real Money Pokies Tested with PayID & Crypto

June 9, 2026 2:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়াৰটেলৰ ডাঙৰ উপহাৰ : মাত্ৰ এটা ৰিচাৰ্জতেই চলিব পাৰিব সম্পূৰ্ণ এবছৰ

এয়াৰটেলৰ ডাঙৰ উপহাৰ : মাত্ৰ এটা ৰিচাৰ্জতেই চলিব পাৰিব সম্পূৰ্ণ এবছৰ

June 9, 2026 2:54 pm
লটাৰী সম্ৰাট ছাণ্টিয়াগো মাৰ্টিনৰ সম্পত্তি বাজেয়াপ্ত কৰা সন্দৰ্ভত ইডিলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জাননী

লটাৰী সম্ৰাট ছাণ্টিয়াগো মাৰ্টিনৰ সম্পত্তি বাজেয়াপ্ত কৰা সন্দৰ্ভত ইডিলৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd