পশ্চিমবংগৰ আলিপুৰৰ দক্ষিণ ২৪ পৰগনাৰ জিলা পৰিষদৰ কাৰ্যালয়ত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। কেইবাটাও চৰকাৰী কাৰ্যালয় জ্বলি ভষ্মীভূত হৈ পৰে। তাত বৃহৎ সংখ্যক ইভিএম জুইত জাহ গ’ল। জুইয়ে কেনেকৈ ৬, ৭ আৰু ৮ মহলা অতিক্ৰম কৰি পোনে পোনে ৯ আৰু ১০ মহলালৈ গ’ল? কেৱল দুৰ্ঘটনা আছিল নে আঁৰত কোনো ৰহস্য?
তদন্তৰ বাবে চাৰিজনীয়া বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হয় এছ আই টিৰ সদস্য আৰু ফৰেনছিক বিশেষজ্ঞ। ঘটনাস্থলীৰ পৰা নমুনা সংগ্ৰহ কৰা হৈছে।
বিদ্যুৎ বিচ্ছিন্ন বহুমহলীয়া অট্টালিকাটোত ৩ মহলা অতিক্ৰম কৰি জুই কেনেকৈ পোনে পোনে দশম মহলালৈ গ’ল? সংৰক্ষিত কৰি ৰখা ইভিএমবোৰ কেনেকৈ জ্বলি উঠিল? এনে বহু প্ৰশ্নই ঘটনাটোক ৰহস্যৰ মাজলৈ ঠেলি দিছে।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে বুধবাৰে পুৱা এই ১০ মহলীয়া অট্টালিকাটোৰ ৪ নং মহলাত প্ৰথমটো অগ্নিকাণ্ড সংঘটিত হয়। জুইয়ে নিমিষতে বিধ্বংসী ৰূপ ল’লে। জুই ৫ম মহলালৈও বিয়পি পৰিল। প্ৰায় ২ ঘণ্টা ধৰি অগ্নিনিৰ্বাপক বাহিনীয়ে যেতিয়া জুই নিয়ন্ত্ৰণলৈ আনে তেতিয়া হঠাতে অট্টালিকাৰ ৯ নং মহলাত অগ্নিকাণ্ডৰ সৃষ্টি হোৱা দেখা যায়। যিটো ক্ষন্তেকতে ওপৰৰ মহলালৈ বিয়পি পৰিল।
সদ্য অনুষ্ঠিত হৈ যোৱা ২৬’ৰ বিধানসভা নিৰ্বাচনৰ সময়ত দশম মহলাত এটা ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছিল। আলিপুৰ সদৰ অঞ্চলৰ একাধিক কেন্দ্ৰৰ ইভিএম ইয়াত ৰখা হৈছিল। আৰু সেইটোৱে জিলা প্ৰশাসনত সন্দেহৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ সময়ত অট্টালিকাটোৰ কোনো কাৰ্যালয় খোলা নাছিল। ফলত কোনো অফিচতে কোনো এচি চলি থকা নাছিল। গতিকে, বিদ্যুৎ কৰ্তন কৰা বহুমহলীয়া অট্টালিকাটোত পুনৰ কেনেকৈ জুই জ্বলি উঠিল?
আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোত এজন ছাফাই কৰ্মী আৰু এজন চাফাই এজেণ্টকে ধৰি মুঠ ৪ জন কৰ্মী আছিল। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে তেওঁলোক ছাদলৈ গৈ তাতেই আবদ্ধ হৈ পৰে। পিছত তেওঁলোকক উদ্ধাৰ কৰা হয়। এই ৪ জনৰ ভূমিকা ঠিক কি আছিল? আৰক্ষীয়েও তদন্ত অব্যাহত ৰাখিছে।
আলিপুৰৰ চৰকাৰী ভৱনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ তদন্তৰ বাবে কলকাতা আৰক্ষীয়ে বিশেষ তদন্তকাৰী দল গঠন কৰিছে। ৰাজ্যৰ অগ্নিনিৰ্বাপক বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৌশিক চৌধুৰীয়ে দাবী কৰিছে যে প্ৰায় ৪ হাজাৰ ইভিএম অগ্নিকাণ্ডত নষ্ট হৈছে। একে সময়তে তেওঁ জুইক ‘সন্দেহজনক’ বুলিও অভিহিত কৰে।
শুকুৰবাৰে ঘটনা সন্দৰ্ভত এফআইআৰ দাখিল কৰা হয়। ইয়াৰ পিছতে তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰা হয়। জুইৰ প্ৰকৃত কাৰণ আৰু ক্ষতিৰ পৰিসৰৰ তদন্ত কৰিব এছ আই টিয়ে।
মন্ত্ৰী কৌশিক চৌধুৰীয়ে কয় যে যি মহলাত অগ্নিকাণ্ড সংঘটিত হৈছিল সেই মহলাত নিৰ্বাচন সম্পৰ্কীয় সামগ্ৰী মজুত কৰা হৈছিল। তেওঁ দাবী কৰে যে অট্টালিকাটোৰ নৱম আৰু দশম মহলাত নিৰ্বাচন সম্পৰ্কীয় কাৰ্যালয় আছে। একেটা অট্টালিকাতে সৰ্বশিক্ষা মিছন, মধ্যাহ্ন ভোজন আৰু উদ্যান শস্য বিভাগৰ কাৰ্যালয়ো আছে।
কৌশিক চৌধুৰীয়ে কয় যে এই অগ্নিকাণ্ড অতি সন্দেহজনক। তেওঁ দাবী কৰে যে এই অগ্নিকাণ্ডত ১০টা বিধানসভা সমষ্টিৰ প্ৰায় ৪ হাজাৰ ইভিএম ক্ষতিগ্ৰস্ত হৈছে। অৱশ্যে এই সন্দৰ্ভত নিৰ্বাচন আয়োগৰ কোনো আনুষ্ঠানিক সঁহাৰি এতিয়াও পোৱা হোৱা নাই।
বিধানসভাৰ নিৰ্বাচনৰ উত্তাপ এতিয়াও মাৰ যোৱা নাই। ৰাজ্যত এতিয়া ক্ষমতালৈ আহিছে এখন নতুন চৰকাৰ। সেই পৰিস্থিতিত ইভিএমৰ নষ্ট কৰাৰ দাবীক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে। তদন্তকাৰী দলে কি তথ্য আগবঢ়ায়, তালৈ এতিয়া প্ৰশাসন আৰু ৰাজনৈতিক মহলে দৃষ্টি ৰাখিছে।





