নিজৰ দেশক গ্ৰাস কৰিব বিচৰা শত্ৰু ৰাষ্ট্ৰৰ হৈ মাত মাতি এতিয়া তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো। চলিত বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ সময়ত তেওঁৰ এই কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। যোৱা প্ৰায় এবছৰ ধৰি আমেৰিকাৰ বিখ্যাত গায়িকা কেটি পেৰীৰ সৈতে তেওঁ প্ৰেমৰ সম্পৰ্কত আছে। দুয়োকে বহুবাৰ একেলগে অতি ঘনিষ্ঠ অৱস্থাত দেখা পোৱা গৈছে। কিন্তু এইবাৰ প্ৰেমৰ তাড়নাত নিজৰ জন্মভূমিকো পাহৰি যোৱাৰ অভিযোগ উঠিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।
<blockquote class=”twitter-tweet”><p lang=”en” dir=”ltr”>Sometimes supportive boyfriend duties call. But you know who I’m rooting for to take the Cup 🇨🇦 <a href=”https://t.co/85DXvsyCPp”>https://t.co/85DXvsyCPp</a></p>— Justin Trudeau (@JustinTrudeau) <a href=”https://x.com/JustinTrudeau/status/2065977680814543297?ref_src=twsrc%5Etfw”>June 14, 2026</a></blockquote> <script async src=”https://platform.x.com/widgets.js” charset=”utf-8″></script>
ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত বহাৰ পিছৰে পৰা আমেৰিকা আৰু কানাডাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট বেয়া হৈ পৰিছে। ট্ৰাম্পে ইতিমধ্যে কানাডা দখল কৰাৰ ভাবুকি প্ৰদান কৰিছে আৰু কানাডাক আমেৰিকাৰ একান্নতম প্ৰদেশ বুলিও দাবী কৰিছে। এনে এক শত্ৰুতাৰ মাজতেই আৰম্ভ হৈছে বিশ্বকাপ ফুটবল। আমেৰিকাৰ লগতে কানাডায়ো এইবাৰ বিশ্বকাপৰ আয়োজন কৰিছে। কিন্তু কানাডাৰ খেলৰ সময়ত ট্ৰুডোক দৰ্শকৰ আসনত দেখা পোৱা নগল। ইয়াকে লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কানাডাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।
প্ৰকৃততে লছ এঞ্জেলছত অনুষ্ঠিত হোৱা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠানত গীত পৰিৱেশন কৰিছিল কেটি পেৰীয়ে। ৰূপালী ৰঙৰ পোছাক পিন্ধি তেওঁ গোৱা গীতে সমগ্ৰ ষ্টেডিয়াম মন্ত্ৰমুগ্ধ কৰি তুলিছিল। ইয়াতেই শেষ নহয়, অনুষ্ঠান শেষ হোৱাৰ লগে লগে কেটিয়ে দৌৰি গৈ প্ৰেমিক জাষ্টিনক সাৱটি ধৰে আৰু সকলোৰে আগত দুয়োৰে মাজত চুম্বনৰ দৃশ্য দেখা পোৱা যায়। সমগ্ৰ বিশ্বই প্ৰথমবাৰৰ বাবে দুয়োৰে এই মুকলি প্ৰেম প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত দুয়ো হাতে হাত ধৰি আমেৰিকাৰ খেল উপভোগ কৰে। ট্ৰুডোৱে আমেৰিকাক সমৰ্থন কৰাৰ দৃশ্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে।
তীব্ৰ সমালোচনাৰ সন্মুখীন হৈ অৱশেষত সামাজিক মাধ্যম এক্সৰ জৰিয়তে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হৈছে ট্ৰুডো। তেওঁ লিখিছে যে মাজে সময়ে এজন প্ৰেমিক হিচাপেও কিছুমান দায়িত্ব পালন কৰিবলগীয়া হয়, কিন্তু সকলোৱে জানে যে বিশ্বকাপত তেওঁ কোনখন দেশক সমৰ্থন কৰিছে। নিজৰ বাৰ্তাত তেওঁ কানাডাৰ পতাকাও ব্যৱহাৰ কৰিছে। অৱশ্যে ইয়াৰ পিছতো সমালোচনা শাম কটা নাই। উল্লেখ্য যে, বচনিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে ড্ৰ খেলি কানাডাই বিশ্বকাপৰ যাত্ৰা আৰম্ভ কৰিছে। আনহাতে পেৰাগুৱেৰ বিৰুদ্ধে আমেৰিকাই বৃহৎ জয়লাভ কৰিছে আৰু এইখন খেলতে ট্ৰুডোৱে আমেৰিকাৰ হৈ উল্লাস প্ৰকাশ কৰিছিল।





