সেইখন দেশৰ আটাইতকৈ বিখ্যাত ফুটবল ষ্টেডিয়াম য’ত ৰাষ্ট্ৰীয় দলে সদায় খেলি আহিছে। আনকি ফুটবল সম্ৰাট পেলেৰ ব্ৰাজিলেও এই ফিল্ডতে বিশ্বকাপ জয় কৰিছিল। কিন্তু সেই একেখন খেলপথাৰতে হাজাৰ হাজাৰ মানুহৰ কন্দোন আৰু আৰ্তনাদৰ শব্দ প্ৰতিধ্বনিত হৈছিল। নিমিষতে কাঢ়ি লোৱা হৈছিল বহুতো নিৰীহ মানুহৰ প্ৰাণ। যিখন খেলপথাৰ এদিন ব্ৰাজিলৰ বিশ্ববিজয়ৰ মঞ্চলৈ ৰূপান্তৰিত হৈছিল, সেইখন খেলপথাৰতে লিখা হৈছিল এক তেজ ধোৱা ইতিহাস। ফুটবল ফিল্ডৰ পৰা গণহত্যাৰ মঞ্চলৈ পৰিণত হোৱা এই যন্ত্ৰণাদায়ক কাহিনী জড়িত হৈ আছে চিলিৰ এস্তাদিঅ’ নাচিঅ’নেল খেলপথাৰৰ সৈতে।
১৯৬২ চনত চিলিত বিশ্বকাপ ফুটবলৰ খেল অনুষ্ঠিত হৈছিল। সেইবাৰ ব্ৰাজিল দলৰ মূল ভৰসা আছিল পেলে। প্ৰথমখন খেলত মেক্সিকোৰ বিৰুদ্ধে তেওঁ সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও দ্বিতীয়খন খেলত আঘাতপ্ৰাপ্ত হৈ তেওঁৰ বিশ্বকাপ খেলাৰ আশা শেষ হৈ যায়। অৱশ্যে পেলে অবিহনেই ব্ৰাজিল ফাইনেলত প্ৰৱেশ কৰে। চিলিৰ আটাইতকৈ ডাঙৰ খেলপথাৰ এস্তাদিঅ’ নাচিঅ’নেলত ফাইনেল খেলখন অনুষ্ঠিত হৈছিল। সেইদিনা ব্ৰাজিলে চেকোস্লোভাকিয়াক তিনি এক গ’লত পৰাস্ত কৰি বিশ্বজয় কৰিছিল। ৬৮ হাজাৰতকৈও অধিক দৰ্শকে ষ্টেডিয়ামত বহি সেই ঐতিহাসিক খেলখন উপভোগ কৰিছিল।
ফুটবলৰ গৌৰৱময় ইতিহাস থকা এই ষ্টেডিয়ামখন মাত্ৰ এঘাৰ বছৰৰ পাছতেই অৰ্থাৎ ১৯৭৩ চনত এক ক’লা ইতিহাসৰ গৰাকী হৈ পৰে। সেই সময়ত চিলিত এক বাওঁপন্থী চৰকাৰ আছিল কিন্তু ৰাষ্ট্ৰপতি চালভাডৰ আলেন্দেৰ চৰকাৰৰ বিৰুদ্ধে দেশৰ জনসাধাৰণ ক্ষুব্ধ হৈ পৰিছিল। এই সুযোগ গ্ৰহণ কৰি চিলিৰ সেনাই সমগ্ৰ দেশতে এক সামৰিক বিদ্ৰোহ আৰম্ভ কৰে। এই বিপদৰ সময়তো ৰাষ্ট্ৰপতিগৰাকীয়ে দেশ এৰি পলাই যোৱা নাছিল আৰু পৰৱৰ্তী সময়ত তেওঁ আত্মহত্যা কৰে বুলি জনা যায়। ইয়াৰ পাছতে চিলিত সামৰিক শাসন আৰম্ভ হয় আৰু বাওঁপন্থী ৰাজনৈতিক কাম-কাজ বন্ধ কৰি দিয়া হয়। খেলপথাৰখনো সেনাৰ অধীনলৈ যায় আৰু ফুটবলৰ সলনি তাক এক কাৰাগাৰলৈ ৰূপান্তৰ কৰা হয়।
চৰকাৰী তথ্য অনুসারে সেই খেলপথাৰত ৪১ জন লোকক হত্যা কৰা হৈছিল। কমেও ২০ হাজাৰ ৰাজনৈতিক বন্দীক দিনৰ পাছত দিন ধৰি সেই ষ্টেডিয়ামত আবদ্ধ কৰি ৰখা হৈছিল। বন্দীসকলৰ ওপৰত চলোৱা হৈছিল তীব্ৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰ। বিভিন্ন মানৱ অধিকাৰ সংগঠনৰ মতে সেনাৰ বৰ্বৰ অত্যাচাৰৰ ফলত তাত শ শ লোকৰ মৃত্যু হৈছিল আৰু তেওঁলোকৰ মৃতদেহবোৰ ৰাস্তা বা নদীত পেলাই দিয়া হৈছিল।
এই বৰ্বৰতাৰ মাজতে সেই খেলপথাৰতে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলৰো আয়োজন কৰা হৈছিল। সামৰিক বিদ্ৰোহৰ মাত্ৰ দুমাহৰ পাছতে চিলিয়ে চোভিয়েট ইউনিয়নৰ বিৰুদ্ধে খেলিবলগীয়া আছিল। কিন্তু চোভিয়েট ইউনিয়নে এই তেজৰঙা খেলপথাৰত খেলিবলৈ অস্বীকাৰ কৰে। ফলত চিলিয়ে খালী পথাৰতে গ’ল দি ১৯৭৪ চনৰ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। স্থানীয় লোকসকলৰ মতে সেই সময়ৰ মৃত মানুহবোৰৰ আৰ্তনাদ আজিও সেই ষ্টেডিয়ামত অনুভৱ কৰিব পাৰি। বৰ্তমান মৃতসকলৰ স্মৃতিত ষ্টেডিয়ামৰ এটা প্ৰৱেশদ্বাৰ উৎসৰ্গ কৰা হৈছে। এইদৰে ক’লা ইতিহাসৰ সৃষ্টি হোৱা পথাৰখনলৈ পুনৰ ফুটবল ঘূৰি আহিছে আৰু এতিয়া চিলিৰ ৰাষ্ট্ৰীয় দলৰ বেছিভাগ খেলেই এই ফিল্ডত অনুষ্ঠিত হয়।









