গুৱাহাটীৰ জোনালী ষ্টুডিঅ’ৰ পৰা বৃহস্পতিবাৰে পুৱা নিৰুদ্দেশ হোৱা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৰমৰ পোহনীয়া কুকুৰ ইকো সুকলমে উদ্ধাৰ কৰা হৈছে। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, আবেলি প্ৰায় ৩:২০ বজাত গুৱাহাটীৰ নবীন নগৰৰ ৩ নম্বৰ উপপথত কুকুৰটোক বিচাৰি পায়।
ইয়াৰ পূৰ্বে গুৱাহাটীৰ জোনালী ষ্টুডিঅ’ৰ পৰা ইকো নিৰুদ্দেশ হোৱাৰ পাছত জুবিন গাৰ্গৰ পৰিয়াল আৰু শুভাকাংক্ষীসকল গভীৰ চিন্তাত পৰিছিল। এই ঘটনাৰ পাছতে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছচিয়েল মিডিয়াত এটা আৱেগিক পোষ্ট শ্বেয়াৰ কৰি কুকুৰটোক বিচাৰি উলিয়াবলৈ ৰাইজৰ সহায় বিচাৰিছিল। তেওঁ উল্লেখ কৰিছিল যে আন দিনাৰ দৰেই ইকোৱে আন পোহনীয়া জন্তুবোৰৰ সৈতে ধেমালি কৰি আছিল। তেওঁ জনোৱা মতে, ষ্টুডিঅ’ৰ চোৱাচিতা কৰা দুই কৰ্মী অমৃত আৰু মনোজে পুৱা প্ৰায় ৫ বজাত ইকোক শেষবাৰৰ বাবে দেখিছিল।
কিন্তু পুৱা প্ৰায় ৭ বজাত তেওঁলোক ঘূৰি অহাৰ সময়ত ইকোক তাত দেখা নাছিল। ইয়াৰ পিছতেই ষ্টুডিঅ’টোৰ আশে-পাশে সন্ধান চলোৱা হয়। গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছিল যে ষ্টুডিঅ’ৰ সীমাৰ দেৱালৰ এটা অংশ অলপ চাপৰ আছিল, যাৰ বাবে হয়তো ইকোৱে দেৱালখন পাৰ হৈ বাহিৰলৈ ওলাই গৈছিল। তেওঁ কোনোবাই ইকোক দেখিলে বা কিবা খবৰ পালে পলম নকৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছিল।
ছচিয়েল মিডিয়াৰ সেই পোষ্টটোত জুবিন গাৰ্গে ইকোৰ সৈতে অতি মৰমেৰে খেলি থকা আৰু সময় কটোৱাৰ কেতবোৰ ছবি আৰু এটা আৱেগিক ভিডিঅ’ও আছিল। এই দৃশ্যবোৰে কুকুৰটোৰ সৈতে শিল্পীগৰাকীৰ থকা গভীৰ মৰমৰ সম্পৰ্কটোক প্ৰকাশ কৰিছিল। জুবিন গাৰ্গ জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ বাবে সকলোৰে মাজত পৰিচিত আৰু তেওঁ জোনালী ষ্টুডিঅ’ত বহু বছৰ ধৰি কেইবাটাও কুকুৰ অতি মৰমেৰে পোহপাল দি আহিছে।





