• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোভিডৰ আঁৰত উহান লেব? ‘আমেৰিকাৰ ধনেৰে কৰা হৈছিল গৱেষণা,’ বিস্ফোৰক দাবী

ডাঃ ফাউচি আৰু চোৰাংচোৱা মহলৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে কোভিডৰ প্ৰকৃত উৎস ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 8:03 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড-১৯ সন্দৰ্ভত আমেৰিকাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী তুলসী গাবাৰ্ডে এক চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে আমেৰিকাৰ সংক্ৰামক ৰোগ বিশেষজ্ঞ এণ্টনি ফাউচিৰ অনুমোদন সাপেক্ষে চীনৰ উহান ইনষ্টিটিউট অৱ ভাইৰ’লজীত বিপজ্জনক গৱেষণাৰ বাবে আমেৰিকাৰ ধন দিয়া হৈছিল। মন কৰিবলগীয়া যে এতিয়া একাংশ বিশেষজ্ঞই উহানৰ সেই পৰীক্ষাগাৰকে কোভিডৰ সম্ভাৱ্য উৎস বুলি গণ্য কৰে।

শুকুৰবাৰ চোৰাংচোৱা বিভাগৰ মুৰব্বী হিচাপে তুলসী গাবাৰ্ডৰ কাৰ্যকালৰ অন্তিম দিন আছিল। সেই শেষ দিনটোতে তুলসী গাবাৰ্ডে এনে এক বিস্ফোৰক দাবী কৰিছে। এই নথি-পত্ৰসমূহ আগতে কেতিয়াও ৰাজহুৱা কৰা হোৱা নাছিল বুলি তেওঁ দাবী কৰে। তাতেই উহান ইনষ্টিটিউট অৱ ভাইৰ’লজীত ‘গেইন অৱ ফাংচন’ গৱেষণাৰ বাবে লাখ লাখ ডলাৰ আবণ্টন দিয়াৰ তথ্য ওলাইছে।

Apply Now

এক্সত পোষ্ট কৰা এটা ভিডিঅ’ত গাবাৰ্ডে দাবী কৰিছে যে ডাঃ ফাউচি আৰু চোৰাংচোৱা মহলৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে কোভিডৰ প্ৰকৃত উৎস ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল।

তেওঁৰ ভাষাত, “আমেৰিকাৰ কৰদাতাৰ ধন উহানৰ এটা পৰীক্ষাগাৰত বিপজ্জনক গেইন অৱ ফাংচন গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। মই তাৰ সৈতে জড়িত নথি-পত্ৰসমূহ মুকলি কৰিছো।”

কোভিডৰ উৎপত্তিৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰা বহু চোৰাংচোৱা বিশ্লেষকে চাপ, প্ৰতিশোধৰ ভয় আৰু কেৰিয়াৰৰ ক্ষতিৰ সন্মুখীন হোৱা বুলিও দাবী কৰে গাবাৰ্ডে।

গেইন-অফ-ফংচন গৱেষণাৰ অন্তৰ্গত অণুজীৱ বা ভাইৰাছৰ জিনীয় বৈশিষ্ট্য সলনি কৰি নতুন ক্ষমতা সৃষ্টি কৰা হয়। চিকিৎসা বা কৃষি গৱেষণাত ইয়াৰ ব্যৱহাৰ আছে যদিও সমালোচকসকলে কয় যে এনে পৰীক্ষাই ভাইৰাছটোক অধিক সংক্ৰামক বা বিপজ্জনক কৰি তুলিব পাৰে।

এই বিতৰ্কৰ বাবেই যোৱা বছৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনে চৰকাৰী পুঁজিৰে গেইন অৱ ফাংচন গৱেষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল।

সমগ্ৰ বিশ্বতে কোভিডত আক্ৰান্ত হৈ ৭১ লাখতকৈ অধিক লোকৰ মৃত্যু হৈছে। কিন্তু ছাৰ্ছ-ক’ভ-২ ভাইৰাছৰ প্ৰকৃত উৎস সম্পৰ্কে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই।

কিন্তু আমেৰিকাৰ চোৰাংচোৱা সংস্থাৰ একাধিক মূল্যায়নত কোৱা হৈছে যে এই ভাইৰাছ প্ৰাণীৰ পৰা সংক্ৰমণৰ তুলনাত ভুলবশতঃ উহান পৰীক্ষাগাৰৰ পৰা বিয়পি পৰাৰ সম্ভাৱনা বেছি।

গাবাৰ্ডৰ কাৰ্যালয়ে প্ৰকাশ কৰা নথি-পত্ৰতো দাবী কৰা হৈছে যে সেই উহান পৰীক্ষাগাৰৰ পৰাই হয়তো অজানিতে ভাইৰাছ বিয়পি পৰিছে।

শেহতীয়াকৈ গাবাৰ্ডৰ অভিযোগৰ কোনো সঁহাৰি দিয়া নাই ফাউচিয়ে। অৱশ্যে ইয়াৰ পূৰ্বে তেওঁ কোভিডৰ উৎস লুকুৱাই ৰখাৰ অভিযোগ খাৰিজ কৰিছিল। ২০২৪ চনৰ শুনানিৰ সময়ত তেওঁ এনে অভিযোগক “সম্পূৰ্ণ যুক্তিহীন” বুলি অভিহিত কৰিছিল।

Today, on my final day as Director of National Intelligence, I’m releasing never-before-seen communications and documents exposing how Dr. Fauci provided millions in US taxpayer dollars to fund dangerous gain-of-function research at the Wuhan lab, worked with politicized elements… pic.twitter.com/ZMdliW4zyS

— DNI Tulsi Gabbard (@DNIGabbard) June 19, 2026

কোভিডৰ উৎপত্তিৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীৰ্ঘদিন ধৰি বিতৰ্ক চলি আহিছে। নতুন নথি প্ৰকাশৰ পিছত সেই বিতৰ্ক পুনৰ তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে। কিন্তু প্ৰকাশিত নথি-পত্ৰত উল্লেখ কৰা দাবীৰ সত্যতা কোনেও নাজানে। ফলত প্ৰকৃত সত্য কি সেয়া এতিয়াও কোনেও জানিব পৰা নাই।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

২১ বছৰৰ টেষ্ট ইতিহাসত প্ৰথম, ডেৰ দিনতে বাংলাদেশক পৰাস্ত কৰি জয়লাভ অষ্ট্ৰেলিয়াৰ

August 23, 2026 1:38 pm
‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

‘ছাত্ৰোঁ কি গুঞ্জ’ত নাৰী স্বাধীনতাৰ উদযাপন; ‘পিঞ্জৰা ভঙা’ৰ আহ্বান, ভাৰতৰ নাৰী ‘শক্তি’ক প্ৰণাম ৰাহুলৰ

August 23, 2026 12:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

‘ক’লা আইন’ৰ অপপ্ৰয়োগৰ অভিযোগ: প্ৰণৱ দলেৰ মুক্তিৰ দাবীত একত্ৰিত কৃষক, ছাত্ৰ আৰু ৰাজনৈতিক

August 23, 2026 3:44 pm
মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

মনোময় চাহ বাগিচাৰ দুখলগা স্বাস্থ্য ব্যৱস্থা! ‘কমিউনিটী হেল্থ অফিচাৰ’ অবিহনেই চলিছে আয়ুষ্মান আৰোগ্য মন্দিৰ

August 23, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd