• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

গুজৰাটৰ ৰাজকোট পৌৰ নিগমে জংগলেশ্বৰ অঞ্চলত চলোৱা এটা বৃহৎ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 26, 2026 7:00 pm
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ ৰাজকোট পৌৰ নিগমে জংগলেশ্বৰ অঞ্চলত চলোৱা এটা বৃহৎ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি বৰ্তমান তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে। এই উচ্ছেদ অভিযানৰ সময়ত বিষয়া, কৰ্মচাৰী আৰু আৰক্ষীসকলৰ খোৱা-বোৱা আৰু অন্যান্য ব্যৱস্থাৰ নামত হোৱা বিপুল খৰচৰ তথ্য পোহৰলৈ অহাৰ পিছতে এই বিতৰ্কই দেখা দিছে। কেৱল চাহ, জলপান আৰু ভাতৰ বাবেই প্ৰায় ২৭.২০ লাখ টকা খৰচ হোৱা বুলি এখন প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। কিন্তু এই প্ৰস্তাৱটো বৰ্তমান পৌৰ নিগমৰ স্থায়ী সমিতিয়ে স্থগিত ৰাখিছে। ইয়াৰ উপৰিও খোৱাপানী আৰু মণ্ডপৰ বাবে বাকী থকা অন্যান্য বিলসমূহ যোগ কৰাৰ পিছত এই সমগ্ৰ অভিযানৰ মুঠ খৰচ প্ৰায় ৪৬.৩১ লাখ টকালৈ বৃদ্ধি পাইছে।

ৰাজকোট পৌৰ নিগমে যোৱা ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত জংগলেশ্বৰ অঞ্চলত এতিয়ালৈকে আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান চলাইছিল। আজি নদী আৰু পথৰ কাষৰ প্ৰায় ১৪০০ টা অবৈধ নিৰ্মাণ উচ্ছেদ কৰাৰ বাবে অতি স্পৰ্শকাতৰ এই অঞ্চলটোত তিনিদিন ধৰি এই অভিযান চলিছিল। প্ৰথম অৱস্থাত এই উচ্ছেদ কাৰ্যক পৌৰ বিষয়াসকলে প্ৰশংসা কৰিছিল যদিও এতিয়া ইয়াৰ খৰচৰ খতিয়ানে সকলোকে আচৰিত কৰি তুলিছে। পৌৰ নিগমৰ কৰ্মচাৰী আৰু আৰক্ষীৰ চাহ-ভাতৰ বাবে ২৭,২০,৯৪৬ টকাৰ বিল অনুমোদনৰ বাবে অহাত স্থায়ী সমিতিয়ে লগে লগে ইয়াক নাকচ কৰে আৰু ইয়াৰ লিখিত স্পষ্টীকৰণ দাবী কৰে। শাসকীয় দলৰ সদস্যসকলেও উচ্ছেদৰ সময়ত চাহ-জলপানৰ নামত ইমান বৃহৎ পৰিমাণৰ ধন কেনেকৈ খৰচ হ’ব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰিছে।

Apply Now

পৌৰ নিগমৰ তথ্য অনুসৰি, এই অভিযানত জড়িত কৰ্মী, আৰক্ষী আৰু বিষয়াসকলৰ বাবে চাহ, কফি, জলপান আৰু ভাতৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল ২১,৩১০ কাপ চাহ আৰু বিস্কুট, ৫০ প্লেট গাঠিয়া-জিলিপি, পোহা আৰু ভিন্ন দিনত যোগান ধৰা ৩৬০ প্লেট ৰাতিপুৱাৰ জলপান তথা দুপৰীয়াৰ আহাৰ, যাৰ মুঠ খৰচ আছিল ৬,৩০,৯৪৬ টকা। ইয়াৰ উপৰিও ২১ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত ১৩,৩৯০ টা বিশেষ দুপৰীয়াৰ আহাৰৰ পেকেট, মচলা বাটাৰমিল্ক আৰু ৪,০০০ বটল নেমু-আদাৰ চৰবত যোগান ধৰা হৈছিল। কেৱল ইয়াৰ বাবেই খৰচ হৈছিল ২০,৬৮,৫০০ টকা। বিষয়াসকলে জানিবলৈ দিয়ে যে এই অভিযানত ৪৮০০ তকৈও অধিক লোক নিয়োজিত আছিল আৰু কামত যাতে কোনো বাধা নাহে, তাৰ বাবে থলীতেই সকলোৰে বাবে খোৱা-বোৱাৰ ব্যৱস্থা কৰা হৈছিল। সময়ৰ অভাৱৰ বাবে কোনো নিয়মীয়া নিবিদা প্ৰক্ৰিয়া অবিহনেই এই খাদ্য যোগানৰ কাম দিয়া হৈছিল।

এই বিতৰ্ক আৰু অধিক বৃদ্ধি পায় যেতিয়া গম পোৱা যায় যে ২৭.২০ লাখ টকাৰ এই প্ৰস্তাৱটোত খোৱাপানী আৰু মণ্ডপ সজোৱাৰ খৰচ অন্তৰ্ভুক্ত নাছিল। পৌৰ নিগমে কেৱল মিনাৰেল ৱাটাৰ বাবে পৃথককৈ ১২,৪০,০২৮ টকা আৰু মণ্ডপ সেৱাৰ বাবে ৬,৭০,৬৭৮ টকা খৰচ কৰিছিল। পাঁচ টকা দামৰ একোটা ২০০ মিলিৰ পানীৰ বটলৰ হিচাপত প্ৰায় ২.৪০ লাখ পানীৰ বটল ক্ৰয় কৰা হৈছিল নেকি বুলিও এতিয়া প্ৰশ্ন উঠিছে। এই সমগ্ৰ বিষয়টোক লৈ বিৰোধী কংগ্ৰেছ দলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে এফালে দুখীয়া পৰিয়ালসমূহে নিজৰ ঘৰ ভাঙি যোৱা চাই আছিল আৰু আনফালে বিষয়াসকলে ৰাইজৰ পইচাৰে উন্নত খাদ্য গ্ৰহণ কৰি আছিল। বিৰোধীয়ে ইয়াক এক ডাঙৰ দুৰ্নীতি আখ্যা দি ইয়াৰ উচিত তদন্ত আৰু দোষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ মাৰ্কশ্বীটত নাথাকিব ‘ফেইল’ শব্দ; বৃহৎ ঘোষণা এই ৰাজ্য চৰকাৰৰ

August 29, 2026 1:48 pm
নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

নিউয়ৰ্কত মোহন ভাগৱতৰ অনুষ্ঠানৰ প্ৰতিবাদত মুকলি পত্ৰত স্বাক্ষৰ কৰিলে আমেৰিকাৰ ৬১টা সংগঠনে

August 29, 2026 12:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd