চিকিৎসকৰ ভুলৰ বাবেই ১৯ মহীয়া এটি শিশুৱে দৃষ্টিশক্তি হেৰুৱাই পেলালে। পৰিয়ালৰ অভিযোগ যে চিকিৎসকে অজানিতে শিশুটিৰ চকুত নাকৰ ড্ৰপ লগাইছিল, যাৰ ফলত এই ভয়ানক পৰিণতি ঘটে। মধ্যপ্ৰদেশৰ সাগৰ জিলাত সংঘটিত হৈছে এই ঘটনা।
ইতিমধ্যে শিশুটিৰ পিতৃ ইন্দ্ৰজ বিশ্বকৰ্মাই চিকিৎসকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁৰ দাবী, ২৯ মে’ত তেওঁ ১৯ মহীয়া পুত্ৰ বিনয়ৰ সৈতে বান্দা অঞ্চলৰ অসামৰিক চিকিৎসালয়লৈ গৈছিল। শিশুটিৰ চকু জ্বলা-পোৰা, চকু ৰঙা পৰা আৰু ঠাণ্ডা লগাৰ দৰে লক্ষণ দেখা গৈছিল।
শিশুটিৰ পিতৃয়ে অভিযোগ কৰে যে অ’পিডিৰ এজন কৰ্তব্যৰত চৰকাৰী চিকিৎসকে তেওঁৰ পুত্ৰক চাইছিল। ইয়াৰ পিছত চিকিৎসকগৰাকীয়ে ল’ৰাটোৰ চকুত চেলাইন নেজেল ড্ৰপ লগাই দিয়ে। চিকিৎসকে পেৰাচিটামল চিৰাপ, এটা বেজী আৰু অন্যান্য ঔষধো লিখি দিয়ে।
পৰিয়ালৰ দাবী, চিকিৎসাৰ কেইঘণ্টামানৰ ভিতৰতে শিশুটিৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। চিকিৎসালয়ত ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি থকাৰ পিছতো কেঁচুৱাটোৰ চকুৰ কোনো উন্নতি হোৱা নাছিল। ইয়াৰ পিছতে শিশুটিক সাগৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাৰ পাছত তাতো পৰিস্থিতিৰ উন্নতি নোহোৱাত ইন্দ্ৰজ বিশ্বকৰ্মাক অধিক উন্নত চিকিৎসা কেন্দ্ৰলৈ নিয়াৰ পৰামৰ্শ দিয়া হয়।
ইয়াৰ পিছতে শিশুটিক ভোপাল এইমছলৈ লৈ যোৱা হয়। বিশেষজ্ঞ চিকিৎসকে তেওঁক পৰীক্ষা কৰে। শিশুটিৰ পিতৃয়ে জনোৱা মতে, এইমছৰ চিকিৎসকে কয় যে ১৯ মহীয়া শিশুটিৰ চকুৰ দৃষ্টি স্থায়ীভাৱে হেৰাই গৈছে। এইমছে জনায় যে ইয়াৰ কাৰণ ভুল চিকিৎসা আৰু গাফিলতি।
এই ঘটনাত ইন্দ্ৰজ বিশ্বকৰ্মাই বান্দা থানাত এজাহাৰ দাখিল কৰিছে। চৰকাৰী চিকিৎসকজনক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। শিশুটিৰ পিতৃয়ে কয় যে নাম নাজানিলেও তেওঁ চিকিৎসকজনক চিনাক্ত কৰিব পাৰিব।
ব্লক মেডিকেল অফিচাৰ যোগেন্দ্ৰ খাটিকে কয়, ‘চিএমএইচঅ’ই এই বিষয়টোৰ তদন্তৰ বাবে এখন কমিটী গঠন কৰিছে। চিকিৎসকৰ ভূমিকা পৰীক্ষা কৰাৰ পিছত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’ শিশুটিৰ পৰিয়ালে নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।



