• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

হত্যাকাণ্ডৰ পিছত মৃতদেহটোৰ ওপৰত মাটি দি ঢাকি ৰখা হৈছিল। তাৰ পিছত মজিয়াখন প্লাষ্টাৰ কৰা হ’ল। তাৰ ওপৰত নতুন টাইলছ লগোৱা হ’ল। এইদৰে অপৰাধটো লুকুৱাবলৈ চেষ্টা চলোৱা হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2026 11:13 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ পোহৰলৈ আহিছে এটা ৰোমহৰ্ষক অপৰাধৰ ঘটনা। ৪৫ দিন ধৰি আগ্ৰাৰ এগৰাকী মহিলাই আত্মীয়-স্বজন আৰু আৰক্ষীক কৈ আহিছিল যে তেওঁৰ স্বামী ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে। এনে পৰিস্থিতিত পৰিয়ালৰ লোকে মহিলাগৰাকীৰ স্বামীক হাবাথুৰি খাই বিচাৰি আছিল।

অৱশ্যে কোনেও কল্পনা কৰিব পৰা নাছিল যে ৪৪ বছৰীয়া ব্যক্তিজনৰ মৃতদেহ তেওঁলোকৰ ঘৰৰ বাথৰুমৰ মজিয়াৰ তলত পুতি থোৱা হৈছে। অৱশেষত আৰক্ষীয়ে শৌচাগাৰত নতুনকৈ লগোৱা টাইলছ খান্দি উলিয়াই উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰ পিছতে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

Apply Now

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে ১৮ মে’ৰ পৰা সুৰেন্দ্ৰ কুমাৰ শৰ্মা সন্ধানহীন হৈ আছিল। অভিযোগ অনুসৰি তেওঁৰ পত্নী ৰুবীয়ে বাৰে বাৰে আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক সুৰেন্দ্ৰ ক’ৰবালৈ যোৱাৰ কথা কৈ আছিল। তেওঁ সোনকালে ঘূৰি আহিব। কিন্তু যেতিয়া তেওঁ ঘূৰি নাহিল তেতিয়া ২৬ মে’ত এখন নিৰুদ্দেশ ডায়েৰী দাখিল কৰা হয়। তথাপিও তেওঁক বিচাৰি পোৱা নগ’ল।

এনে পৰিস্থিতিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। আৰু তদন্ত আগবাঢ়ি যোৱাৰ লগে লগে আৰক্ষীক দিয়া বিভিন্ন বক্তব্যত বিসংগতি ধৰা পৰিল। শুকুৰবাৰে আৰক্ষী পুনৰ ঘৰলৈ যায়। তালৈ যোৱাৰ সময়ত তদন্তকাৰীয়ে ৰুবীৰ আচৰণ সন্দেহজনক বুলি বিবেচনা কৰে। এই সময়ত সুৰেন্দ্ৰৰ ভাতৃ অনিল শৰ্মাই কিছু গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীক জনায়। তাৰ পিছতে ঘৰটোত তালাচী চলোৱা হয়।

তালাচীৰ সময়ত বাথৰুমত নতুনকৈ লগোৱা টাইলছ আৰু প্লাষ্টাৰৰ চিন দেখি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। মজিয়াৰ তলত কিবা এটা লুকুৱাই ৰখা যেন লাগে। এনে অৱস্থাত আৰক্ষীয়ে তেওঁলোকৰ সন্মুখতে খান্দিবলৈ আৰম্ভ কৰিলে।

অলপ সময়ৰ ভিতৰতে টাইলছৰ তলৰ পৰা সুৰেন্দ্ৰৰ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰা হয়। তদন্তকাৰীয়ে দাবী কৰিছে যে হত্যাকাণ্ডৰ পিছত প্ৰমাণ নষ্ট কৰিবলৈ অতি পৰিকল্পিতভাৱে মৃতদেহটো বাথৰুমৰ মজিয়াৰ তলত পুতি থোৱা হৈছিল। আৰু এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তেজনা বিয়পাই দিয়ে। আনকি ঘৰৰ সন্মুখত মানুহৰ ভিৰ ঘটিছিল।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে হত্যাকাণ্ডৰ পিছত মৃতদেহটোৰ ওপৰত মাটি দি ঢাকি ৰখা হৈছিল। তাৰ পিছত মজিয়াখন প্লাষ্টাৰ কৰা হ’ল। তাৰ ওপৰত নতুন টাইলছ লগোৱা হ’ল। এইদৰে অপৰাধটো লুকুৱাবলৈ চেষ্টা চলোৱা হয়। অৱশ্যে  তদন্ত এতিয়াও অব্যাহত আছে। এই ষড়যন্ত্ৰত আৰু কোনো লোক জড়িত আছিল নেকি সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জেৰাৰ সময়ত ৰুবীয়ে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তদন্তকাৰীয়ে দাবী কৰিছে যে তেওঁ বাথৰুমত কাম কৰিবলৈ এজন ৰাজমিস্ত্ৰী আৰু এজন শ্ৰমিকৰ ব্যৱস্থা কৰিছিল।

এতিয়া এই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। সুৰেন্দ্ৰৰ ভাতৃ অনিল শৰ্মাই কয় যে তেওঁৰ ভাতৃয়ে নিয়মিতভাৱে মদ খাইছিল। ইয়াৰ ফলত প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। তেওঁ লগতে কয় যে সুৰেন্দ্ৰ সন্ধানহীন হোৱাৰ পিছত ৰুবীয়ে প্ৰথমে পৰিয়ালৰ লোকক খবৰ দিছিল। পিছত তেওঁ থানাত নিৰুদ্দেশ হোৱা ব্যক্তিৰ ডায়েৰীও দাখিল কৰে। বহুদিন বিচাৰি ফুৰাৰ পিছতো কোনো ধৰণৰ শুংসূত্ৰ পোৱা নগ’ল। অৱশ্যে অৱশেষত আৰক্ষীয়ে ঘৰৰ বাথৰুমৰ পৰা উদ্ধাৰ কৰিলে মৃতদেহটো।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ফৰেনছিক দলটোৱে ঘৰটোৰ পৰা বিভিন্ন নমুনা আৰু প্ৰমাণ সংগ্ৰহ কৰিছে। তদন্তকাৰীয়ে এই হত্যাকাণ্ডৰ লগত আৰু আন কোনো লোক জড়িত আছিল নেকি সেই তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am
৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd