অষ্ট্ৰেলিয়া ভ্ৰমণৰ পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰিছে মৃত্যুৰ ভাবুকি! ছ’চিয়েল মিডিয়াত এটা পোষ্টত দিয়া মন্তব্যই ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় মহলত আলোড়নৰ সৃষ্টি কৰিছে। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি অষ্ট্ৰেলিয়া প্ৰশাসনে কোনো সময় নষ্ট নকৰি তৎপৰতা প্ৰদৰ্শন কৰিছে। তদন্ত আৰম্ভ কৰাৰ উপৰি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা একেবাৰতে বহুগুণ বৃদ্ধি কৰা হৈছে।
এই ভাবুকি কাণ্ডৰ সূত্ৰপাত হৈছে এটা প্ৰচাৰমূলক পোষ্টৰ কমেণ্ট বক্সৰ পৰা। অষ্ট্ৰেলিয়াৰ স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি যোৱা ৯ জুলাইত মেলবৰ্ণৰ বিখ্যাত মাৰ্ভেল ষ্টেডিয়ামত ‘মেলবৰ্ণ মিট মোডী’ নামৰ উচচ পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ প্ৰচাৰৰ বাবে ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰা হৈছিল। আৰু তাতেই এটা মন্তব্য সকলোৰে দৃষ্টিগোচৰ হৈছিল, য’ত পোনপটীয়াকৈ মোডীক হত্যা কৰাৰ ভাবুকি দি লিখা হৈছিল।
প্ৰতিবেদনত দাবী কৰা হৈছে যে ‘আবু মুফাছা’ নামৰ ফেচবুক একাউণ্টৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰীক ভাবুকি দিয়া হৈছে। মন্তব্যটোত লিখা হৈছে, “অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামৰ চাদ বন্ধ কৰি ৰাখক, নহ’লে অষ্ট্ৰেলিয়াতে তেওঁৰ মৃত্যু হ’ব।” এই মন্তব্য ৰাজহুৱা হোৱাৰ লগে লগে আলোড়নৰ সৃষ্টি হয়।
এই ভাবুকিৰ খবৰ পোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ নিৰাপত্তা সংস্থাসমূহে কোনো ধৰণৰ ৰিস্ক ল’বলৈ নিবিচাৰিলে। স্থানীয় সংবাদ সংস্থাসমূহৰ মতে, এই বিষয়টো তৎক্ষণাত অষ্ট্ৰেলিয়ান ফেডাৰেল পুলিচ (এ এফ পি)ৰ দৃষ্টিগোচৰ কৰা হয়।
ইতিমধ্যে তদন্তকাৰীয়ে এই বিতৰ্কিত মন্তব্যটোৰ ওপৰত চকু ৰাখিছে। যিটো ফেচবুক প্ৰফাইলৰ পৰা ভাবুকি দিয়া হৈছিল তাৰ আই পি ঠিকনা চিনাক্ত কৰা হৈছে। এতিয়া ইয়াক অনুসৰণ কৰি মূল অভিযুক্তক বিচাৰি উলিয়াবলৈ অভিযান চলোৱা হৈছে।
সাধাৰণতে যিকোনো দেশৰ ভিভিআইপি ভ্ৰমণৰ সময়ত আইন-শৃংখলাৰ দায়িত্বত থাকে বিশেষ নিৰাপত্তা সুৰক্ষা ইউনিট। কিন্তু এই ভাবুকিৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মেলবৰ্ণ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে। ষ্টেডিয়ামৰ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ যাত্ৰাপথলৈকে সকলোকে কঠোৰ নিৰীক্ষণত ৰখা হৈছে।
অষ্ট্ৰেলিয়া প্ৰশাসনে স্পষ্ট কৰি দিছে যে তেওঁলোকে যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সম্পূৰ্ণ সাজু আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেশৰ মাটিত কোনো আপোচ কৰা নহ’ব।





