ৰাউণ্ড অফ ১৬-ত আয়োজক দেশ কানাডাক ৩-০ গ’লত পৰাস্ত কৰি চলিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মৰক্কোৱে। ভাৰতীয় সময় অনুসৰি শনিবাৰে নিশা হিউষ্টন ষ্টেডিয়ামত মৰক্কোৱে অভাৱনীয় প্ৰদৰ্শন কৰি কানাডাক হৰুৱাই বিজয় সাৱ্যস্ত কৰে।
মেচখনৰ তিনিওটা গ’লেই দ্বিতীয়াৰ্ধত হয়। ৫০ মিনিটত প্ৰথমটো গ’ল হয়। মৰক্কোৱে ফ্ৰী কিক লাভ কৰিছিল। অধিনায়ক আচ্ৰাফ হাকিমিয়ে তেওঁৰ সতীৰ্থ আজেদিন অউনাহীক বলটো পাছ কৰে। অউনাহীয়ে এটা চমৎকাৰ শ্বটেৰে গ’ল দি মৰক্কোক আগুৱাই লৈ যায়।
তেওঁৱেই ৮২ মিনিটত নিজৰ আৰু দলৰ হৈ দ্বিতীয়টো গ’ল দিয়ে। গ’লটোৰ বাবে ব্ৰহিম ডায়েজে পাছ আগবঢ়াই দিছিল। তাৰ পাছত দ্বিতীয়ার্ধৰ অতিৰিক্ত সময়ৰ শেষ মুহূর্তত ছৌফিয়ানে ৰহিমীয়ে ডায়েজৰ পাছৰ পৰা ব্যৱধান আৰু বৃদ্ধি কৰে৷
কানাডাক পৰাস্ত কৰি চলিত বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পিছত মৰক্কোৱে ফ্ৰান্সৰ বিৰুদ্ধে খেলিব। কোৱাৰ্টাৰ ফাইনেলত যুঁজ অতি আকৰ্ষণীয় হ’ব।
বিশ্বকাপৰ এই খেলখনৰ প্ৰথমাৰ্ধত কানাডাই মৰক্কোৰ বিৰুদ্ধে দুৰ্দান্ত যুঁজ দিছিল। সেই সময়ত এনে লাগিছিল যেন এই মেচখনৰ শেষলৈকে যুঁজ চলিব। কিন্তু মৰক্কোৱে প্ৰথমটো গ’ল দিয়াৰ পিছতে কানাডা যুঁজখনত নিষ্প্ৰভ হৈ পৰে। দ্বিতীয়াৰ্ধৰ বাকী সময়ছোৱাত মৰক্কোৰ আধিপত্য দেখা গ’ল। উত্তৰ আফ্ৰিকাৰ এই দলটোৱে সকলো প্ৰতিযোগিতা মিলি একেৰাহে ৩৪খন মেচত অপৰাজিত হৈ আছে।
আনহাতে, একেৰাহে দুবাৰকৈ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মৰক্কোৱে। যোৱাবাৰ ছেমি ফাইনেল খেলিছিল। কিন্তু এইবাৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ মুখামুখি হ’লে মৰক্কোৰ বাবে একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰাটো কঠিন হ’ব পাৰে। অৱশ্যে যিকোনো প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু মৰক্কো।





