NORTHEAST NOW (Assamese)
অসম

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 6, 2026 8:23 pm

অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত অৱস্থাতে মাত্ৰ ৩৫ বছৰ বয়সতে কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা সুদক্ষ আৰক্ষী বিষয়া, গল্পকাৰ, কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ,শিশু সাহিত্যিক, সুবক্তা পাৰ্থবিজয় দত্তৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে পাৰ্থজীৱন ন্যাস গঠন কৰা হৈছিল। পাৰ্থজীৱন ন্যাসে ইতিমধ্যে ডিব্ৰুগড় আৰু ধেমাজি জিলাত “পাৰ্থবিজয় দত্ত আৰ্ট গেলাৰী” আৰু “পাৰ্থবিজয় দত্ত গ্ৰন্থাগাৰ “স্থাপনৰ লগতে তিনিখনকৈ ডকুড্ৰামা নিৰ্মাণ কৰিছে আৰু পাৰ্থবিজয় দত্তই ৰচনা কৰা গ্ৰন্থসমূহ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ দান কৰিছে যাতে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ পাৰ্থবিজয় দত্তৰ চিন্তাসমূহ প্ৰসাৰিত হয়।

পাৰ্থজীৱন ন্যাসে নিয়মীয়াকৈ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মেধাৱী ছাত্ৰক স্কলাৰশ্বিপ আৰু ৰোগাক্ৰান্ত ব্যক্তিক অৰ্থসাহাৰ্য প্ৰদান কৰি আহিছে। পাৰ্থজীৱন ন্যাসে এইবছৰৰ এপ্ৰিল মাহত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত ছছিয়েলজিকেল এছ’ছিয়েছনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰিছে আৰু পাৰ্থবিজয় দত্ত স্মাৰক বক্তৃতাৰ বাবে দহলাখ টকা দান কৰিছে। পাৰ্থজীৱন ন্যাসে নতুন প্ৰজন্মৰ সাহিত্যিকক অনুপ্ৰেৰণা যোগাবৰ বাবে এই বছৰৰ পৰা পাৰ্থবিজয় দত্ত সাহিত্য বঁটাৰ প্ৰৱৰ্তন আৰম্ভ কৰিছে। এই বঁটা চল্লিশ বছৰৰ অনুৰ্দ্ধৰ সাহিত্যিকক প্ৰদান কৰা হ’ব। এই বঁটাত আছে নগদ ধন, স্বনামধন্য শিল্পীৰ দ্বাৰা নিৰ্মিত এটা সুদৃশ্য স্মাৰক, কিতাপৰ টোপোলা আৰু অংগবস্ত্ৰ।

সেইমৰ্মে ২০২৬ বৰ্ষৰ বাবে জনপ্ৰিয় গল্পকাৰ, প্ৰন্ধকাৰ আৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক পঞ্চানন হাজৰিকাক এই ‘পাৰ্থবিজয় দত্ত সাহিত্য বঁটা’ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পাৰ্থবিজয় দত্তৰ ৪৫ সংখ্যক জন্মদিৱস উপলক্ষে দহ অক্টোবৰত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে সেই অনুষ্ঠানতেই পাৰ্থবিজয় দত্ত স্মাৰক বক্তৃতাও প্ৰদান কৰা হ’ব।

এইখিনিতেই উল্লেখযোগ্য যে পাৰ্থবিজয় দত্ত আৰু পঞ্চানন হাজৰিকা দুয়ো জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় (পূৰ্বৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ) প্ৰাক্তন ছাত্ৰ। পাৰ্থবিজয় দত্তৰ স্মৃতিৰক্ষাৰ বাবে কৰি অহা ন্যাসৰ এই ইতিবাচক কৰ্মৰাজিৰ সুধী সমাজে শলাগ লৈছে।