• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সংসদত বিৰোধীৰ ধুমুহা! নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল লোকসভা, কেইবাবাৰো স্থগিত ৰাজ্যসভা

সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধী দলৰ প্ৰতিবাদ আৰু শ্ল'গানৰ মাজতে কাম-কাজ আৰম্ভ হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰাত কিছু সময়ৰ পিছতেই দুয়ো সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়।

এন ই নাও নিউজ. গুৱাহাটী by এন ই নাও নিউজ. গুৱাহাটী
July 20, 2026 3:59 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ প্ৰথম দিনা সোমবাৰে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনতে বিৰোধী দলৰ প্ৰতিবাদ আৰু শ্ল’গানৰ মাজতে কাম-কাজ আৰম্ভ হয়। পৰিস্থিতি উত্তপ্ত হৈ পৰাত কিছু সময়ৰ পিছতেই দুয়ো সদনৰ কাম-কাজ স্থগিত ৰাখিবলগীয়া হয়।

 

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ আৰম্ভণিতে কয় যে, “মই বিশ্বাস কৰোঁ, তথ্য থাকিলে হুলস্থূলৰ প্ৰয়োজন নাই। যদি আপোনাৰ যুক্তি আৰু তথ্য শক্তিশালী, তেন্তে কণ্ঠস্বৰ উচ্চ কৰাৰ প্ৰয়োজন নাই। মই আশা কৰোঁ সংসদৰ আলোচনা যুক্তি আৰু তথ্যৰ ভিত্তিত পৰিচালিত হ’ব। প্ৰতিজনে মত প্ৰকাশৰ সুযোগ পাওক, এইটোৱেই সংসদৰ ভূমিকা। মই সকলো সাংসদক অংশগ্ৰহণৰ বাবে আহ্বান জনাইছোঁ।”

 

লোকসভাত অধিৱেশন প্ৰথমে দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। দুপৰীয়া ১২ বজাত পুনৰ অধিৱেশন আৰম্ভ হোৱাৰ পিছত মাত্ৰ সাত মিনিটৰ ভিতৰতেই বিৰোধী দলৰ তীব্ৰ হুলস্থূলৰ মাজতে সদন পুনৰ স্থগিত ৰখা হয়। অধ্যক্ষৰ আসনত উপৱিষ্ট দিলীপ শইকীয়াই সদনৰ কাম-কাজ সুচাৰুৰূপে চলাবলৈ বাৰে বাৰে অনুৰোধ জনালেও বিৰোধী দলৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত সদন দুপৰীয়া ১২:৩০ বজালৈ স্থগিত ৰখা হয়।

 

ইয়াৰ পূৰ্বে অধ্যক্ষ ওম বিৰলাই প্ৰয়াত প্ৰাক্তন সাংসদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সদনৰ কাম-কাজ আৰম্ভ কৰিছিল। শ্ৰদ্ধাঞ্জলি পৰ্বৰ পিছতেই বিৰোধী সদস্যসকলে নিট (NEET) পৰীক্ষাৰ কথিত অনিয়ম আৰু অযোধ্যাৰ শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টত দানৰ ধন তছৰুপ কৰাৰ প্ৰসংগত আলোচনাৰ দাবী জনাই প্ৰতিবাদী শ্ল’গান দিয়ে। এই সময়তে ওম বিৰলাই কয় যে, “সংসদ গণতন্ত্ৰৰ শীৰ্ষ মঞ্চ আৰু প্ৰতিগৰাকীকে কথা কোৱাৰ বাবে সময় দিয়া হ’ব।” ইয়াৰ পিছতে সদন পুনৰ স্থগিত ৰখা হয়। পুনৰ অধিৱেশন আৰম্ভ হোৱাৰ দুই মিনিটৰ পিছতেই লোকসভা দুপৰীয়া ২ বজালৈ স্থগিত ৰখা হয়।

 

ৰাজ্যসভাতো ৰাজধানীৰ যন্তৰ মন্তৰত কংগ্ৰেছৰ নেতৃত্বত হৈ থকা প্ৰতিবাদক লৈ হোৱা হুলস্থূলৰ মাজতে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। উচ্চ সদনত কাগজ-পত্ৰ উপস্থাপনৰ পিছত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেয়ে নিট-ইউজি (NEET-UG) ২০২৬ ৰ প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টো লক্ষ লক্ষ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে জড়িত বুলি উল্লেখ কৰি কথা কোৱাৰ সুযোগ বিচাৰে।

 

খাৰ্গেয়ে কয়, “হাজাৰ হাজাৰ শিক্ষাৰ্থী যন্তৰ মন্তৰত উপস্থিত হৈছে আৰু তেওঁলোকৰ ওপৰত লাঠিচালনা কৰা হৈছে।” তেওঁ লগতে কয়, “চৰকাৰে তেওঁলোকক দমন কৰি বিষয়টো ধামাচাপা দিয়াৰ চেষ্টা কৰিছে।” এই সময়তে বিৰোধী সদস্যসকলে থিয় হৈ “শ্বেম, শ্বেম” বুলি চিঞৰি প্ৰতিবাদ জনায়। হুলস্থূলৰ মাজতে সভাপতি চি পি ৰাধাকৃষ্ণনে সদন স্থগিত ৰাখে।

 

অধিৱেশনৰ কাৰ্যসূচীত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক অন্তৰ্ভুক্ত আছে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ আসন সংখ্যা ৮৫০ লৈ বৃদ্ধি আৰু ৩৩ শতাংশ মহিলা সংৰক্ষণ প্ৰৱৰ্তনৰ প্ৰস্তাৱ থকা সংবিধান (১৩১তম সংশোধন) বিধেয়কখন পুনৰ উপস্থাপন কৰিব পাৰে। এই বিধেয়কখন পূৰ্বে এপ্ৰিল মাহত প্ৰত্যাখ্যাত হৈছিল। তদুপৰি আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে উপস্থাপন কৰিবলগীয়া উচ্চতম ন্যায়ালয় (ন্যায়াধীশৰ সংখ্যা) সংশোধন বিধেয়ক, ২০২৬-ও এই অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ বিধেয়ক। এই বিধেয়কৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সৰ্বাধিক সংখ্যা ৩৩-ৰ পৰা ৩৭-লৈ বৃদ্ধি কৰা হ’ব।

 

এই অধিৱেশনত বহুচৰ্চিত বৈদেশিক অনুদান (নিয়ন্ত্ৰণ) সংশোধন বিধেয়কো অন্যতম মূল বিষয় হ’ব, যিয়ে বৈদেশিক সম্পত্তি পৰিচালনা আৰু নিষ্পত্তিৰ বাবে এক নিৰ্দিষ্ট প্ৰাধিকৰণ গঠনৰ ব্যৱস্থা কৰিব। বৰ্তমানৰ পৰিস্থিতিত, প্ৰথম দিনাৰ এই হুলস্থূলৰ পিছত সংসদৰ বাকী কাম-কাজ কেনেদৰে আগবাঢ়িব সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ. গুৱাহাটী

এন ই নাও নিউজ. গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

কক্ৰোচ জনতা পাৰ্টীৰ আন্দোলনলৈ শিল্পী সমাজৰ সমৰ্থন, প্ৰতিবাদকাৰীৰ কাষত থিয় দিলে বহু বলিউড তাৰকা

July 21, 2026 12:48 pm
‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

‘শিশুসকলক উচটনি নিদিব’, চিজেপিৰ আন্দোলনে দিল্লী কঁপোৱাৰ পিছতে নীটৰ প্ৰশ্ন ফাদিলক লৈ মোডীৰ বাৰ্তা

July 21, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

নাকচ ডাঙৰ ছবিৰ প্ৰস্তাৱ! কিয়াৰাৰ অন্তৰংগ দৃশ্যক লৈ বিতৰ্কৰ মাজতে কি ক’লে কাজলে?

July 21, 2026 2:32 pm
মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

মেছিৰ আৰ্জেণ্টিনাক ফিফাই ফাইনেললৈ নিয়াৰ অভিযোগ! ইনষ্টাগ্ৰামত ভিডিঅ’ লাইক কৰি বিতৰ্কৰ আৱৰ্তত খ্ৰিষ্টিয়ানো ৰোনাল্ডো

July 21, 2026 2:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd