• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত যোৱা পঁচিশ জুলাইত নিট পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে হোৱা বিহাৰ বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত একে-৪৭ ৰাইফলৰে গুলীচালনা কৰা এজন আৰক্ষী কনিষ্টবলক নিলম্বন কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2026 3:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত যোৱা পঁচিশ জুলাইত নিট পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে হোৱা বিহাৰ বন্ধৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ ওপৰত একে-৪৭ ৰাইফলৰে গুলীচালনা কৰা এজন আৰক্ষী কনিষ্টবলক নিলম্বন কৰা হৈছে। এই ঘটনাৰ এটা ভিডিঅ‘ পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সূত্ৰৰ মতে, আৰক্ষীৰ ফালৰ পৰা চাৰি-পাঁচ জাঁই গুলীচালনা কৰা হৈছিল, যদিও ভাইৰেল হোৱা ভিডিঅ‘টোত মাত্ৰ এবাৰ গুলী চলোৱাৰ দৃশ্যহে বন্দী হৈছে। এই সমগ্ৰ ঘটনাটোক লৈ ৰাজ্যসভাৰ সাংসদ মনোজ কুমাৰ ঝাই উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদন দাখিল কৰিছে।

পোহৰলৈ অহা ভিডিঅ‘টোত দেখা গৈছে যে অভিষেক পেটেল নামৰ কনিষ্টবলজনে নীলা হেলমেট আৰু বুলেটপ্ৰুফ জেকেট পিন্ধি প্ৰতিবাদকাৰীসকলৰ ফালে দৌৰি গৈছে। ভিডিঅ‘টোত এটা গুলীৰ শব্দ স্পষ্টকৈ শুনা গৈছে। ইয়াৰ পাছত তেওঁ নিজৰ সতীৰ্থসকলকো আগুৱাই যাবলৈ কোৱা দেখা গৈছে। আন এজন আৰক্ষীয়ে মাটিত পৰি থকা কিবা বস্তু এটা তুলি লৈ প্ৰতিবাদকাৰীৰ ফালে দলিওৱাও দৃশ্যত দেখা গৈছে।

Apply Now

ৰাজ্যজুৰি হোৱা এই বন্ধৰ সময়ত বিভিন্ন জিলাত ছাত্ৰ সংগঠনসমূহে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছিল। বহু ঠাইত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষ হয় আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰো খবৰ পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা, কন্দুৱা গেছ আৰু পানীৰ কামান ব্যৱহাৰ কৰিবলগীয়া হয়। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছিউৱানত গুলীচালনাৰ ফলত তিনিজন প্ৰতিবাদকাৰী আহত হৈছে আৰু বৰ্তমান তেওঁলোকক পাটনাত চিকিৎসা প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত পোন্ধৰ বছৰীয়া মহম্মদ আৰিফ নামৰ এজন কিশোৰো আছে। দোকান বন্ধ কৰি ঘৰলৈ উভতি অহাৰ সময়ত তেওঁৰ ডিঙিত গুলী লাগিছিল, যদিও অস্ত্ৰোপচাৰৰ পাছত এতিয়া তেওঁ সুস্থ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।

ছিউৱানৰ আৰক্ষী অধীক্ষক পূৰণ কুমাৰ ঝাই জানিবলৈ দিছে যে ভিডিঅ‘টো ভাইৰেল হোৱাৰ লগে লগেই জিলা চোৰাংচোৱা গোটত কৰ্মৰত কনিষ্টবলজনক লগে লগে নিলম্বন কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰা হৈছে। অৱশ্যে, আৰক্ষী অধীক্ষকগৰাকীয়ে দাবী কৰিছে যে গুলীচালনাত কোনো লোক আহত হোৱা নাই। প্ৰতিবাদৰ সময়ত গুলীচালনা নকৰিবলৈ স্পষ্ট নিৰ্দেশ থকাৰ পাছতো কিয় এনেদৰে একে-৪৭ ব্যৱহাৰ কৰা হ‘ল, তাৰ তদন্ত চলি আছে। আনহাতে বিৰোধী দলৰ নেতা তেজস্বী যাদৱ আৰু লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে এই ঘটনাক তীব্ৰ গৰিহণা দি দোষী বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আৰক্ষীয়ে জানিবলৈ দিছে যে এই সন্দৰ্ভত এক বিস্তৃত তদন্ত আৰম্ভ কৰা হৈছে আৰু ইয়াৰ প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ‘ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

শান্তিপূৰ্ণ প্ৰতিবাদ সাংবিধানিক অধিকাৰ, কেৱল আন্দোলনৰ অজুহাতত লাঠীচালনা গ্ৰহণযোগ্য নহয়: উচ্চতম ন্যায়ালয়

July 27, 2026 2:51 pm
ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

ইথানল বিতৰ্ক: ভুৱা পোষ্টৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল নীতিন গাডকাৰী

July 27, 2026 2:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm
নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

নাম ধৰি মাতি কিছু কথা-বতৰা, তাৰ পাছতেই গুলী! কানাডাত ৰাজপথত ঢলি পৰিল ভাৰতীয় মূলৰ যুৱতী

July 27, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd