• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

বিশ্বকাপৰ পাছত তেওঁ বিভিন্ন ব্যৱসায়িক সুযোগ লাভ কৰিছে। কিন্তু ভোজিনহাৰ বাবে ফুটবল এতিয়াও আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয়, ‘ফুটবল মোৰ প্ৰেম। এতিয়াও ৪০ বছৰ বয়সত খেলি আছো কাৰণ এই খেলখনৰ প্ৰতি মোৰ এক বৃহৎ আকৰ্ষণ আছে।’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2026 6:46 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬ চনৰ ফিফা বিশ্বকাপৰ অন্যতম ডাঙৰ চমক আছিল কেপ ভাৰ্ডেৰ গ’লৰক্ষক ভোজিনহা। বিশ্বকাপত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁ নিশাটোৰ ভিতৰতে বিশ্ব ফুটবলৰ চিনাকি মুখ হৈ পৰিছিল।

এইবাৰ তেওঁ চিলিৰ পৰম্পৰাগত ক্লাব ক’লো-ক’লোত (Colo-Colo) যোগদান কৰিবলৈ ওলাইছে। অৱশ্যে গোটেই পৃথিৱীয়ে তেওঁক যি ‘ভোজিনহা’ নামেৰে চিনি পায়, সেই নামটো হয়তো নতুন ক্লাৱৰ জাৰ্চিত নাথাকিবও পাৰে। কিন্তু কিয়?

Apply Now

বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে আফ্ৰিকাৰ বাহিৰত অতি কম সংখ্যক লোকে ভোজিনহাক চিনি পাইছিল। কিন্তু কেপ ভাৰ্ডেৰ ঐতিহাসিক বিশ্বকাপ অভিযানত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনে তেওঁৰ বাবে বিশ্বব্যাপী খ্যাতি কঢ়িয়াই আনিছিল।

ভোজিনহাই ২০২৫-২৬ ছিজনত পৰ্তুগীজ ক্লাব চাভেছৰ হৈ খেলিছিল। পিছলৈ তেওঁ ফ্ৰী এজেণ্ট হিচাপে বিশ্বকাপত প্ৰৱেশ কৰে। বিশ্বকাপৰ প্ৰথমখন খেলত কেপ ভাৰ্ডে শক্তিশালী স্পেইনৰ সৈতে গ’লবিহীনভাৱে ড্ৰ’ কৰিছিল। ইয়াৰ পিছত উৰুগুৱে আৰু চৌদি আৰৱৰ বিৰুদ্ধেও ড্ৰ’ হয়। কেপ ভাৰ্ডে প্ৰথম বিশ্বকাপত গ্ৰুপ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে।

ৰাউণ্ড অফ ৩২ত আৰ্জেণ্টিনাৰ হাতত অতিৰিক্ত সময়ত পৰাজিত হোৱাৰ পিছতো ভোজিনহাৰ প্ৰদৰ্শনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁৰ ছেভসমূহে কেপ ভাৰ্ডেক যুঁজত বৰ্তাই ৰাখিছিল। বিশ্বকাপৰ পিছত তেওঁৰ জনপ্ৰিয়তা আকাশলংঘী হৈ পৰে। স্পেইনৰ বিৰুদ্ধে খেলখনৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰৰ সংখ্যা ৫০ হাজাৰৰ পৰা ১০ লাখলৈ বৃদ্ধি পায়। পিছত সেই সংখ্যা প্ৰায় ৩ কোটি হয়।

বিশ্বকাপত চকু কপালত তোলা প্ৰদৰ্শনৰ পিছত চিলিৰ চেম্পিয়ন ক্লাব ক’লো-ক’লোৱে ভোজিনহাক দললৈ নিবলৈ আগবাঢ়ি আহিল। ক্লাবৰ সভাপতি এনিবাল মোছাই কয় যে চুক্তি প্ৰায় সম্পন্ন হৈছে। সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত তেওঁক দলৰ নতুন সদস্য হিচাপে ঘোষণা কৰা হ’ব। মোছাই কয় যে ভোজিনহা কল’-কল’ৰ খেলুৱৈ হ’ব। অহা কেইদিনমানৰ ভিতৰত তেওঁ চিলিত উপস্থিত হ’ব, স্বাস্থ্য পৰীক্ষা দিব আৰু তাৰ পিছত আনুষ্ঠানিকভাৱে চিনাকি কৰাই দিয়া হ’ব।

অৱশ্যে ইয়াত এটা ডাঙৰ সমস্যা আছে। চিলিৰ শীৰ্ষ ফুটবল লীগৰ নিয়ম অনুসৰি জাৰ্চিৰ পিছফালে ডাকনাম ব্যৱহাৰ কৰিব নোৱাৰিব। খেলুৱৈয়ে নিজৰ উপাধি বা উপাধিৰ এটা অংশ ব্যৱহাৰ কৰিব লাগিব।

ভোজিনহাৰ সম্পূৰ্ণ নাম জোচিমাৰ জোচে ইভ’ৰা ডায়েছ। ফলত যদি নিয়ম সলনি নহয় তেন্তে তেওঁৰ জাৰ্চীত ‘ভোজিনহা’ৰ সলনি ‘ইভ’ৰা’, ‘ডায়াছ’ বা ‘ইভ’ৰা ডায়াছ’ লিখা থাকিব পাৰে। নিয়ম ভংগ কৰিলে খেলুৱৈজনক হালধীয়া কাৰ্ড দেখুৱাব পাৰে। ইয়াৰ উপৰিও ক্লাবটোৱেও জৰিমনা ভৰিব লাগিব।

অৱশ্যে ক’লো-ক’লোৱে বিচাৰে যে ভোজিনহাই তেওঁৰ পৰিচিত নামেৰে খেলক। সেইবাবেই তেওঁলোকে চিলিৰ ফুটবল এছ’চিয়েশ্যনৰ পৰা বিশেষ অনুমতিৰ বাবে আবেদন কৰিছে। চিলিৰ ফুটবল ফেডাৰেচনৰ সভাপতি পাবলো মিলাডে কয় যে এই আবেদন পুনৰীক্ষণ কৰা হৈছে। তেওঁ কয়, “কোলো-ক’লোৰ পৰা আনুষ্ঠানিক অনুৰোধ লাভ কৰা হৈছে। আমি বিষয়টো পৰ্যালোচনা কৰি আছো আৰু অতি সোনকালে ক্লাবক এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ’ব।”

বিশ্বকাপৰ পাছত তেওঁ বিভিন্ন ব্যৱসায়িক সুযোগ লাভ কৰিছে। কিন্তু ভোজিনহাৰ বাবে ফুটবল এতিয়াও আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁ কয়, ‘ফুটবল মোৰ প্ৰেম। এতিয়াও ৪০ বছৰ বয়সত খেলি আছো কাৰণ এই খেলখনৰ প্ৰতি মোৰ এক বৃহৎ আকৰ্ষণ আছে।’

তেওঁ লগতে কয়, “মই অন্ততঃ আৰু এবছৰ বা দুবছৰ খেলিব বিচাৰো। মোৰ শৰীৰে যিমান দিন অনুমতি দিয়ে তেতিয়ালৈকে খেলপথাৰত থাকিব বিচাৰো। মই এনেকুৱা এটা ক্লাব বিচাৰো যিয়ে মোক কেৱল জনপ্ৰিয় ব্যক্তি হিচাপেই নহয়, ফুটবলাৰ হিচাপেও মূল্য দিয়ে।”

২০২৬ চনৰ বিশ্বকাপত কেপ ভাৰ্ডেৰ ইতিহাসৰ অন্যতম নায়ক আছিল ভোজিনহা। সেই বিশ্বকাপে তেওঁৰ জীৱন সলনি কৰি দিলে। এইবাৰ চিলিৰ এটা ডাঙৰ ক্লাবত নতুন অধ্যায় আৰম্ভ কৰিবলৈ ওলাইছে। অৱশ্যে খেলপথাৰত নমাৰ আগতে এটাই প্ৰশ্ন চৰ্চাত আছে- জাৰ্চিৰ পিছফালে ‘ভোজিনহা’ লিখা থাকিবনে, নে তেওঁৰ উপাধিহে দেখা যাব? এতিয়া ফুটবল অনুৰাগীসকলে সেই সিদ্ধান্তৰ বাবে অপেক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd